Bajali Development Block

Bajali Development Block

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bajali Development Block, Government Organization, Nagargaon, Choukhuty, Bajali, Pathsala.

Photos from Bajali Development Block's post 19/08/2026

আজি ১৯/০৮/২০২৬ ইং তাৰিখ বুধবাৰে, মহিলা আৰু শিশু বিকাশ বিভাগৰ পুঁজিৰে (NIDA Phase - II) নিৰ্মিত বজালী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৬৫ নং খাৰাধৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো ২৬ নং বজালী বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াৰ হৈ বিশিষ্ট সমাজ কর্মী শ্রীযুত মুকুট কলিতা আৰু শ্রীযুত ৰাতুল ৰয় ডাঙৰীয়াই বজালী জিলা পৰিষদৰ সভানেত্রী শ্ৰীযুতা মিনাক্ষী দাস, বজালী আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰীযুত জিতেন দাস, বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া শ্ৰীযুত ধ্ৰুৱজ্যোতি দাস, অঃ অঃ সেঃ, শ্রীযুত জ‍্যোতি কুমাৰ দাস, জিলা সমাজ কল‍্যাণ বিষয়া বজালী, বিশিষ্ট সমাজকৰ্মী তথা স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ।

Bajali Administration
Panchayat & Rural Development, Assam
Directorate of Women & Child development, Assam
Atul Bora অতুল বৰা

Photos from Bajali Development Block's post 18/08/2026

আজি ১৮/০৮/২০২৬ ইং, মঙ্গলবাৰে গোপীনাথ গাঁও পঞ্চায়ত কাৰ্যালয়ত ২৬ নং বজালী বিধানসভা সমষ্টিৰ সন্মানীয় স্থানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া আৰু বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মহোদয় উপস্থিত থাকে।
এই উপলক্ষে লেচেৰা গাঁৱস্থিত ৰাই চুমাই সংঘৰ পকীবেৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়।

Photos from Bajali Development Block's post 17/08/2026

মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তত খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ আকস্মিক পৰিদৰ্শন
আজি বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মহোদয়ে মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তত এক আকস্মিক পৰিদৰ্শন কৰে।
পৰিদৰ্শনকালত মহোদয়ে গাঁও পঞ্চায়তৰ চলি থকা বিভিন্ন কাম-কাজ আৰু কাৰ্যকলাপসমূহ পৰ্যালোচনা কৰে। লগতে পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে।
গাঁও পঞ্চায়তৰ কাম-কাজসমূহ অধিক সুশৃংখল, স্বচ্ছ আৰু সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মহোদয়ে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। লগতে চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীসমূহৰ সফল আৰু সময়োচিত ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Bajali Administration

Photos from Bajali Development Block's post 17/08/2026

উন্নয়নমূলক কামৰ পৰিদৰ্শন

আজি ১৭/০৮/২০২৬ তাৰিখে বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মহোদয়ে মানিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন কৰে।
পৰিদৰ্শনকালত পথ নিৰ্মাণ আৰু বিদ্যালয়ৰ পকী বেৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি কামসমূহৰ গুণগত মান আৰু নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
ৰাইজৰ সুবিধা আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়নমূলক কামসমূহ নিৰ্ধাৰিত মানদণ্ড অনুসৰি সুচাৰুৰূপে আৰু সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Bajali Administration

Photos from Bajali Development Block's post 17/08/2026

আজি ১৭/০৮/২০২৬ ইং, সোমবাৰে, নিত্যানন্দ পাণবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উজান উলুৱা গাঁৱত অৱস্থিত শ্ৰীশ্ৰী ভোগেশ্বৰ মহাপ্ৰভু মন্দিৰৰ সামূহিক ভৱনটোৰ খটখটি আৰু চাঁদৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।
এই শুভ অনুষ্ঠানত বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দেৱে উপস্থিত থাকি সামূহিক ভৱনটোৰ খটখটি আৰু চাঁদৰ আধাৰশিলা স্থাপন কৰে।
🙏 শ্ৰীশ্ৰী ভোগেশ্বৰ মহাপ্ৰভুৰ আশীৰ্বাদত এই শুভ নিৰ্মাণ যাত্ৰা সফল আৰু মংগলময় হওক। 🙏
Bajali Administration

Photos from Bajali Development Block's post 13/08/2026

🇮🇳 পতাকা উত্তোলন বেদীৰ শুভ উদ্বোধন 🇮🇳
আজি ইং ১৩/০৮/২০২৬ তাৰিখ, বৃহস্পতিবাৰে বজালী উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰাঙ্গণত ২০২৫–২৬ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নিৰ্মিত পতাকা উত্তোলন বেদীটো ২৬ নং বজালী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
এই শুভ অনুষ্ঠানত বজালী আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰীযুত জিতেন দাস ডাঙৰীয়া, উপ-সভানেত্ৰী শ্রীমতী অৰ্চনা ডেকা, সদস্য-সদস্যাবৃন্দ, বিভিন্ন গাওঁ পঞ্চায়তৰ সভাপতি/সভানেত্ৰী লগতে বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্রীযুত ধ্ৰুৱজ‍্যোতি দাস, অঃ অঃ সেঃ মহোদয় আৰু সমূহ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
দেশৰ জাতীয় পতাকাৰ প্ৰতি সন্মান আৰু দেশপ্ৰেমৰ ভাৱনাৰে নিৰ্মিত এই পতাকা উত্তোলন বেদীটোৱে বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত এক গৌৰৱময় পৰিৱেশৰ সৃষ্টি কৰিছে।

Photos from Bajali Development Block's post 13/08/2026

মত-বিনিময় আৰু উৎসাহজনক বাৰ্তা

আজি ইং ১৩/০৮/২০২৬ তাৰিখ, বৃহস্পতিবাৰে, ২৬ নং বজালী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া বজালী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত উপস্থিত হৈ বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ লগতে সকলো গাঁও পঞ্চায়তৰ সচিবসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই মত-বিনিময়ৰ সময়ছোৱাত চলি থকা পঞ্চায়তসমূহৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে, পঞ্চায়তসমূহৰ উন্নয়নমূলক কাম-কাজ অধিক নিষ্ঠা, দায়বদ্ধতা আৰু উৎসাহেৰে আগুৱাই নিবলৈ বিধায়ক মহোদয়ে সকলোকে অনুপ্ৰেৰণা যোগায়।
বিধায়ক মহোদয়ে পঞ্চায়তসমূহৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে সকলো সময়তে তেওঁলোকৰ সৈতে আছে আৰু আগলৈও থাকিব বুলি গভীৰ আশ্বাস প্ৰদান কৰে ।
Bajali Administration

Photos from Bajali Development Block's post 13/08/2026

আজি ১৩/০৮/২০২৬ তাৰিখে বজালী উন্নয়ন বিষয়া মহোদয়ৰ কক্ষত বৰবাং গাঁও পঞ্চায়তৰ সভাপতি, সচিব আৰু ৱাৰ্ড সদস্যসকলৰ উপস্থিতিত ১৫তম বিত্ত আয়োগৰ অধীনস্থ আঁচনিসমূহৰ সুশৃংখল আৰু সুচাৰুৰূপে ৰূপায়ণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
আলোচনাত আঁচনিসমূহৰ বৰ্তমানৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে কামসমূহ সময়মতে, গুণগতভাৱে আৰু ফলপ্ৰসূভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়োৱা হয়।
আঁচনিসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ বাবে উন্নয়নৰ সুফল সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

Website

Address


Nagargaon, Choukhuty, Bajali
Pathsala
781325

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Bajali Development Block posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Pathsala.