Kaliabor Development Block
Government Organization
15/08/2026
সকলোলৈ ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা ।
আজি এই স্বাধীনতা দিৱসৰ দিনাই
Jansamvad 2.0 ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে গাঁও পঞ্চায়ত পৰ্যায়ত যি ৫ টা কাৰ্যসূচী ৰূপায়ন কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল, এই আটাইকেইটা কাৰ্যসূচীৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহত কৰা হয়।
18/07/2026
18/07/2026
গ্ৰামাঞ্চলৰ সৰ্বাংগীণ উন্নয়ন সুনিশ্চিত কৰি প্ৰতিখন গাঁৱলৈ চৰকাৰৰ উন্নয়নৰ সুফল ফলপ্ৰসূভাৱে লৈ যোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিষ্ঠাৰে প্ৰয়াস অব্যাহত ৰাখিছে।
17/07/2026 তাৰিখে আমাৰ কলিয়াবৰ উন্নয়ন খণ্ডত অসমৰ মাননীয় পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ আৰু মন্ত্ৰী কলিয়াবৰৰ মাননীয় বিধায়ক ও অসম চৰকাৰৰ ৰাজহ ইত্যাদি মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰৰ হাটবৰগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিদৰ্শনৰ পাছতে কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু কলিয়াবৰ আঞ্চলিক পঞ্চায়ত পৰিদৰ্শন কৰি পঞ্চায়ত প্ৰতিনিধি, বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। লগতে আমাৰ উন্নয়ন খণ্ডটোত চলি থকা কাম-কাজৰ অগ্ৰগতি, বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণ, জনসেৱাৰ মান আৰু আগন্তুক কৰ্ম-পৰিকল্পনাৰ বিষয়ে সবিশেষ বুজ লওঁ।
নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত মনোজ কুমাৰ চিকাৰীয়া, কলিয়াবৰ সমজিলাৰ আয়ুক্ত শ্ৰীযুত ৰাজ বৰুৱা, খণ্ড উন্নয়ন বিষয়া শ্ৰীমতী শিল্পা দত্ত, জিলা পৰিষদৰ সদস্য, কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি প্ৰমুখ্যে অন্যান্য বিষয়য়া কৰ্মচাৰী সকল এই সময়ছোৱাত উপস্থিত থাকে।
18/06/2026
18/06/2026
'বিকশিত ভাৰত'ৰ সংকল্পক সাৰোগত কৰি গ্ৰাম্য অৰ্থনীতি সবলীকৰণ তথা শ্ৰমজীৱীসকলৰ জীৱনৰ মান উন্নীতকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া ‘নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্রামীণ’ৰ অধীনত ১২৫ দিনৰ কৰ্মসংস্থাপন সুনিশ্চিত হ’ব। ২,১৪৪ কোটি টকাৰ বিনিয়োগেৰে এই উদ্যোগে গ্ৰাম্য পৰিয়ালসমূহক আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যাত্ৰাক অধিক গতিশীল কৰি তুলিব।
18/06/2026
ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণৰ বিশেষক্ষণত অসম চৰকাৰৰ পৰামৰ্শক্ৰমে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ প্ৰাঙ্গনত তিনিদিনীয়া জনসেৱা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে।
সেই অনুসৰি আজি ১৮ ৰ পৰা ২০ জুন পৰ্যন্ত "জনকল্যাণ শিবিৰ" অনুষ্ঠিত হ'ব য'ত কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা উপযুক্ততাৰ থকা স্বত্বেও বঞ্চিত হোৱা সকলে আবেদন কৰিলে তেওঁক যথাসম্ভৱ সোনকালে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। তাৰ বাবে আগ্ৰহী ব্যক্তিয়ে আগতীয়াকৈ নিজৰ নাম অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব।
এটা নিৰ্দিষ্ট কিউয়াৰকোটৰ সহায়ত নিজৰ মোবাইলৰ পৰাই সহজতে নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও কোনোৱে এই ক্ষেত্ৰত কিবা অসুবিধা পালে নিজ নিজ পঞ্চায়তৰ কাৰ্যালয়লৈ আহিলে ইয়াৰ এই সুবিধা প্ৰদান কৰিব।
এই জনকল্যান শিবিৰত স্থানীয় বিশিষ্ট ব্যক্তি, সফল হিতাধিকাৰী আদিকো সম্বৰ্দ্ধনা জনোৱা হ'ব। তদুপৰি ইয়াত ৰাইজৰ যদি কিবা ৰাজহুৱা ওজৰ-আপত্তি থাকে তেন্তে সেয়াও দাখিল কৰিব পাৰিব আৰু প্ৰশাসনে সেয়া গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব ।
এই শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত, ভিবি জি ৰাম-জী আচঁনি, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, প্ৰধানমন্ত্ৰী স্বনিধি, অসম চৰকাৰৰ নিযুত মইনা, লাখপতি বাইদেউ আদি গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ বিষয়ে বিশেষভাবে আলোচনা কৰা হ'ব। সেয়ে ৰাইজ আহক, আমাৰ এই তিনিদিনীয়া শিবিৰত অংশগ্ৰহণ কৰি নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰক আৰু আপোনালোকৰ মূল্যৱান দিহা-পৰামৰ্শ আদিৰে এই জনকল্যান শিবিৰ সফল কৰি তোলক।
QR : https://docs.google.com/forms/d/e/1FAIpQLSfsdA10PuO83l2drxInbzeeog26Oy9LY9JECrhbce-SW8RiOA/viewform?pli=1
PMO India Narendra Modi CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও AIR News Guwahati Press Information Bureau - PIB, Government of India PIB in Assam
Category
Contact the organization
Telephone
Website
Address
Nagaon
782136
Opening Hours
| Monday | 10am - 5pm |
| Tuesday | 10am - 5pm |
| Wednesday | 10am - 5pm |
| Thursday | 10am - 5pm |
| Friday | 10am - 5pm |
| Saturday | 10am - 5pm |
Alerts
Be the first to know and let us send you an email when Kaliabor Development Block posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.