ASSAM Live 24
We will always provide truthful and unbiased news.
24/09/2026
অৰুণোদয় হিতাধিকাৰী লৈ মুখ্যমন্ত্ৰীৰ পুজাৰ বোনাচ। #
24/09/2026
প্ৰাক্তন বিধায়ক আব্দুৰ ৰশিদ মণ্ডল অসুস্থ।
24/09/2026
অসমৰ গোৱালপাৰা জিলাৰ পৰা ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আছাদুৰ ৰহমান।
24/09/2026
24/09/2026
দুধনৈৰ বাখ্ৰাখুঁটীত নিশা এক এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এক দুৰ্বৃত্তৰ দলে এগৰাকী ব্যক্তিৰ নতুন ঘৰত চলাই উপদ্ৰৱ, ভাঙি তচনচ কৰে গৃহস্থৰ সকলো সামগ্ৰী।
প্ৰাপ্ত খবৰ অনুসৰি, কৰ্মসূত্ৰে মেঘালয়ত বসবাস কৰা ৰণদ্বীপ থাপা নামৰ ব্যক্তিগৰাকীৰ বাখ্ৰাখুঁটীস্থ নতুন ঘৰটোত এই ভয়ংকৰ তাণ্ডৱ চলায় অচিনা দুৰ্বৃত্তই। মাত্ৰ দুবছৰ পূৰ্বে অতি হেঁপাহেৰে সাজি উলিওৱা ঘৰখনত সোমাই দুৰ্বৃত্তই টিভি (TV)কে ধৰি ঘৰৰ প্ৰতিটো আচবাব ভাঙি লণ্ডভণ্ড কৰে। কেৱল সিমানেই নহয়, পিন্ধা কাপোৰ-কানি কাটি-চিঙি নষ্ট কৰাৰ লগতে পৰিয়ালৰ ফটাবোৰতো লেতেৰা বস্তু লগাই দিয়ে।
ঘৰটোৰ ভিতৰৰ দেৱালত দুৰ্বৃত্তই অংকন কৰে বহু অশ্লীল ছবি। ইফালে, ঘৰটোৰ ভিতৰৰ পৰা সোণৰ অলংকাৰো লুট কৰি লৈ যায় দুৰ্বৃত্তই। ঘটনাৰ পিছতে ঘৰৰ ভিতৰত লোৰ ৰড আৰু কেইবাখনো চোকা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
নিজৰ কষ্টৰ উপাৰ্জনেৰে সাজি উলিওৱা ঘৰখনৰ এনে অৱস্থা দেখি হতভম্ব হৈ পৰিছে গৃহস্থ ৰণদ্বীপ থাপা। ঘটনা সম্পৰ্কে খবৰ পোৱাৰ লগে লগে দামৰা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
23/09/2026
নগৰবেৰা আৰক্ষীৰ বৃহৎ সফলতা।
গোৱালপাৰাৰ পঞ্চৰত্ন আৰু শোলমাৰীত বন বিভাগৰ উচ্ছেদ অভিযান।
অসমৰ গোৱালপাৰা জিলাৰ পৰা ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আছাদুৰ ৰহমান।
Category
Contact the business
Telephone
Website
Address
Matia
Goalpara
783125
Alerts
Be the first to know and let us send you an email when ASSAM Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.