Udalguri LIVE

Udalguri LIVE

Share

Page For Udalgurian

08/06/2026

ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ। মঙলদৈ ITI ত চলিছে নাম ভৰ্তি। ওদালগুৰিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে বিশেষ সুযোগ।
পাঠ্যক্ৰম সমূহ হ'ল -
* Electrician (Engineeringtrade) 2 Years
* Fitter (Engineeringtrade) 2 Years
* Mechanic Diesel (Engineeringtrade) 1 Year
* Stenography (English) - 1 Year
* COPA (Coputer) - 1 Year
Contact No : 6000926924

07/06/2026

◾প্ৰচণ্ড ভুমিকম্পই জোকাৰি গ'ল ওদালগুৰি।
◾ৰিখটাৰ স্কেলত আনুমানিক ৫.৭ প্ৰাৱল্যৰ ভূমিকম্প।
◾ভূমিকম্পৰ কেন্দ্ৰস্থল ভূটানত অৱস্থিত।
◾ওদালগুৰিৰ পৰা ভূমিকম্পৰ কেন্দ্ৰ প্ৰায় ১৫২.৩ মাইল (প্ৰায় ২৪৫ কিলোমিটাৰ) দূৰত।

07/06/2026

🔘 সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
🔘 মন্ত্ৰী নীলিমা দেৱীক ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান।

07/06/2026

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি অৱসৰী শিক্ষক , ওদালগুৰি সাহিত্য সভাত প্ৰাক্তন সভাপতি , সমাজসেৱক নৰেশ্বৰ ডেকাৰ আজি পুৱতি নিশা ওদালগুৰিস্থিত নিজ বাসগৃহত ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক ডেকাই শিক্ষা, সমাজ জীৱন আৰু সংবাদক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেখেতৰ মৃত্যুত সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ পৰিছে।

Udalguri LIVE - Digital

07/06/2026

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিত ‘FIT INDIA CYCLING DRIVE 2026’ শীৰ্ষক এটি চাইকেল ৰেলী উলিওৱা হয়। ওদালগুৰি চাইক্লিং কমিউনিটি আৰু Fit India ৰ উদ্যোগত তথা ওদালগুৰি আৰক্ষী আৰু Help Aid India Foundation ৰ সহযোগত অনুষ্ঠিত এই ৰেলীত অংশ গ্ৰহণ কৰে ওদালগুৰিৰ নয়নমণি বৰ্মন, ওদালগুৰি থানাৰ মনোজ্জল গগৈ, পৰ্যায়ৰ প্ৰাক্তন হকী খেলুৱৈ ৰিংকি চৌহানৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police

07/06/2026

◾ অগ্নিপথ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ ৫০ গৰাকী বড়ো যুৱকৰ ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ ।
◾ ওদালগুৰি জিলা প্ৰশাসন আৰু ভাৰতীয় সেনাৰ নিযুক্তি লাভ কৰা যুৱকসকলক সম্বৰ্ধনা।
◾ ১১৯ গৰাকী নিৰ্বাচিত যুৱকৰ ভিতৰত ৫০ গৰাকীয়ে ইতিমধ্যে ভাৰতীয় সেনাবাহিনীত যোগদানৰ পত্ৰ লাভ কৰিছে।

Udalguri LIVE - Digital
Rihon Daimari

07/06/2026

ওদালগুৰিৰ বিশিষ্ট জ্যেষ্ঠ নাগৰিক, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতি শিক্ষক, ওদালগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ যোৱা নিশা ৩.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। ডেকাৰ মৃত্যুত ওদালগুৰিৰ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ।

06/06/2026
06/06/2026

BPF আৰু BJP ৰ উদ্যোগত শুক্ৰবাৰে ওদালগুৰি জিলাৰ ১১৭ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ সহ ২০ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত বিটিচিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক ৰিহণ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত ওদালগুৰি জিলা খনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাতৃভাষা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ১১৭ গৰাকী শিক্ষাৰ্থীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ , ২০ হাজাৰ টকাৰ আৰ্থিক অনুদান , এখন মানপত্ৰ , আৰনাই আৰু গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়

Want your business to be the top-listed Media Company in Udalguri?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Udalguri