ROWTA PRESS CLUB

ROWTA PRESS CLUB

Share

Press Club

08/07/2025

ওদালগুৰিৰ জেষ্ঠ সাংবাদিক মোছাদ্দিক হুছেইনক অপদস্ত কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা ও গৰিহণা জনোৱাৰ লগতে দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালোঁ।

03/03/2025

অভিনন্দন Gourav Goswami । ৰৌতা প্ৰেছ ক্লাব'ৰ কাৰ্যকৰী সভাপতি গৌৰৱ গোস্বামী NKTV Plus ৰ স্থানীয় সংবাদদাতা হিচাপে নিযুক্তি লাভ কৰিছে । ৰৌতা ROWTA PRESS CLUB'ৰ তৰফৰ পৰা গৌৰৱ লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

13/02/2025

🥀📚

Photos from ROWTA PRESS CLUB's post 05/10/2024

নৱ গঠিত ৰৌতা প্ৰেছ ক্লাবৰ কাৰ্যকৰী সমিতি আৰু সন্মানীয় উপদেষ্টা মণ্ডলী ।

05/10/2024

ৰৌতা প্ৰেছ ক্লাবৰ নতুন সমিতি

04/10/2024

ওদালগুৰি জিলাৰ কলাইগাৱত NB NEWS ৰ জেষ্ঠ সাংবাদিক ধৃতিৰাজ কলিতাই বাতৰি পৰিবেশন কৰি থকা অৱস্থাতে আক্ৰমণৰ ঘটনাক আমি ৰৌতা প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে নিন্দা ও গৰিহণা জনাইছোঁ

02/10/2024

অভিনন্দন

Photos from ROWTA PRESS CLUB's post 02/10/2024

ৰৌতা প্ৰেছ ক্লাবৰ পূৰ্বৰ সমিতি কাৰ্য্যকাল শেষ হোৱা হেতুকে পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।
আজিৰ সভাই সভাপতি Abdul Auwal কাৰ্যকৰী সভাপতি Gaurav Goswami সাধাৰণ সম্পাদক Rofiqul Islam হিচাপে লৈ মুঠ ১১ জনীয়া সমিতি গঠন কৰা হয়।

Photos from ROWTA PRESS CLUB's post 02/10/2024

আজি জাতিৰ জনক মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী তেখেতৰ এই পৱিত্ৰ দিনটো ৰৌতা প্ৰেছ ক্লাবৰ উদ্যোগত দিনযোৰা কেইবাটাও কাৰ্যসূচীৰে উদযাপন কৰা হয়।

Photos from ROWTA PRESS CLUB's post 16/11/2023

আজি "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" উপলক্ষে ৰৌতা প্ৰেছ ক্লাব তৰফৰ পৰা জ্যেষ্ঠ সকলক এখনি ফুলাম গামোচাৰে আন্তৰিক শুভেচ্ছা জনোৱাৰ কেইখনমান আলোক চিত্ৰ।

Photos from ROWTA PRESS CLUB's post 18/06/2023

ৰৌতা প্ৰেছ ক্লাৱৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সম্বৰ্ধণা অনুষ্ঠান আয়োজন কৰা হয়। এইখন অনুষ্ঠানতে আমাৰ ৰৌতাৰ গৌৰৱ সমগ্ৰ অসমৰ ভিতৰতে বিজ্ঞান শাখাত সপ্তম স্থান প্ৰাপ্ত বিকাশ জ্যোতি চহৰীয়াক সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱান্বিত। লগতে আমাক সহায়-সহযোগীতা কৰা প্ৰতি গৰাকী ব্যক্তিক ৰৌতা প্ৰেছ ক্লাবৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ৰৌতা প্ৰেছ ক্লাবৰ প্ৰতি গৰাকী সদস্য‌ই যি নিজৰ মূল্যৱান সময় নষ্ট কৰি এই অনুষ্ঠান খন সাফল্য মণ্ডিত কৰি তুলিছে তাৰ বাবে প্ৰতিগৰাকী সদস্যক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Want your business to be the top-listed Media Company in Udalguri?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Rowta
Udalguri
784508