Paneri Press Club
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Paneri Press Club, Media/News Company, Udalguri.
19/01/2023
অসমীয়া ভাষা-সাহিত্যৰ অভিভাৱকস্বৰূপ জ্ঞানপীঠ বঁটা বিজয়ী, কাব্যঋষি নীলমণি ফুকনদেৱৰ মহাপ্ৰয়াণৰ খবৰটিয়ে দুখিত কৰি তুলিলে | তেখেতেৰ বৈদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো |
ঔঁম শান্তি
12/11/2022
#পানেৰী_প্ৰেছ_ক্লাৱ #যাত্ৰা_এবছৰীয়া
বৃহত্তৰ পানেৰী বাসী ৰাইজৰ মৰম আৰু ভালপোৱা শিৰত লৈ আপোনালোকৰ মৰমৰ Paneri Press Club য়ে গৰকিলে এটা বছৰ | কেনেকৈ এই এটা বছৰ পাৰ হ'ল গমকেই নাপালো | ইজনৰ-সিজনৰ মুখে মুখে শুনা কথাবোৰ ''সৌ সিদিনা প্ৰেছ ক্লাৱটোৰ জন্ম হে হৈছিল.. এটা বছৰ হল নে ইমান সোনকালে.. '' || আপোনালোকৰ এইবোৰ কথাই আমাক শক্তি প্ৰদান কৰিছিল ৰাইজৰ হৈ পানেৰী প্ৰেছ ক্লাৱে সংবাদ শিৰোনাম দখল কৰাৰ | ২০২১ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে পানেৰী অঞ্চলত পানেৰী প্ৰেছ ক্লাৱটি স্থাপন কৰা হয় | পানেৰীৰ লগতে ইয়াৰে দাঁতিকাষৰীয়া অঞ্চল সমূহৰ বা-বাতৰি সমূহ যথাসময়ত পানেৰী প্ৰেছ ক্লাৱৰ লগত জড়িত সংবাদকৰ্মী সকলে সংগ্ৰহ কৰিছিল | যি কি নহওঁক আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে যোৱা ০৯ নৱেম্বৰ ২০২২ তাৰিখে পানেৰী প্ৰেছ ক্লাৱটিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰা হয় | পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এদিনীয়া বৰ্ণাধ্য কাৰ্যসুচীৰে বৰ্ষপুৰ্তি অনুষ্ঠানটি উদযাপন কৰা হয় | ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা গীত-নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল | ভিন্নৰঙী প্ৰতিভাৰ ক্ষেত্ৰত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল এখোজ আগত | দিনযোৰা কাৰ্যসুচীৰে আয়োজন কৰা বৰ্ষপুৰ্তি অনুষ্ঠানটি ৰাতিপূৱা ০৭ বজাত প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰা হয় | প্ৰজ্বলক পানেৰী বিশিষ্ট নাগৰিক ম: মকিবৰ ৰহমান | ইয়াৰ পাছতে ০৮:৩০ বজাত পানেৰী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে পানেৰী প্ৰেছ ক্লাৱৰ উপদেষ্টা শ্ৰীযুত তাৰানাথ কলিতা দেৱে | ০৯:০০ বজাত স্মৃতি তৰ্পন কৰে তৰ্পক পানেৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া শ্ৰীযুত সঞ্জীৱ তেৰাং দেৱে | ইয়াৰ পাছত পানেৰী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | চিত্ৰাংকন প্ৰতিযোগিতাটিৰ নিৰ্বাচক মণ্ডলী হিচাপে উপস্থিত থাকে চিত্ৰশিল্পী তথা যুৱ সাংবাদিক অৰুপ বড়ো লগতে চিত্ৰশিল্পী তুলিকা মহন্ত | ১১ বজাত মুকলি সভাৰ দ্বাৰ মুকলি কৰে উদ্বোধক বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তী দেৱ | অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে NE News Live ৰ কাৰ্যবাহী সম্পাদিকা শ্ৰীমতী নৱনীতা কলিতা |
পানেৰী প্ৰেছ ক্লাৱৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে পানেৰী অঞ্চলৰ দুগৰাকীকৈ বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় | পানেৰীৰে এসময়ৰ পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ,সাহিত্যিক,লেখক শ্ৰীযুত ৰমনীকান্ত চহৰীয়া দেৱ আৰু পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মজফৰ হোছেইনলৈ বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয় | অনুষ্ঠানটিত উপস্থিত থাকে ABITA ৰ মংগলদৈ সংমণ্ডলৰ প্ৰাক্তন চেয়াৰমেন তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত বিকন ডেকা, ভেৰগাওঁ মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুত বিগ্ৰাই বসুমতাৰী, পানেৰী উ:মা বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত নৱ কুমাৰ শৰ্মা, পানেৰী প্ৰেছ ক্লাৱৰ উপদেষ্টা শ্ৰীযুত নীলধৰ ডেকা, পানেৰী অঞ্চলৰ বিশিষ্ট ব্যক্তি শ্ৰীযুত মহেন্দ্ৰ ভড়ালী, অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত লক্ষ্মীধৰ তাঁন্তী, আসাম টকছৰ ওদালগুৰিৰ সংবাদদাতা তথা জেষ্ঠ্য সাংবাদিক শ্ৰীযুত অখিল কলিতাকে ধৰি বহুতো গণ্য মান্য ব্যক্তিৰ উপৰিও স্থানীয় গাওঁবুঢ়া সকল | ইয়াৰ উপৰিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পানেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা,সভাপতি-সম্পাদক, আক্ৰাছু পানেৰী আঞ্চলিকৰ সভাপতি-সম্পাদকে ধৰি সদৌ অসম লেখিকা সমাজ পানেৰী শাখৰ বিষয়ববীয়া, অসম সাহিত্য সভাৰ পানেৰী শাখাৰ বিষয়ববীয়া কে ধৰি দল-সংগঠনৰ বিষয়ববীয়াৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন সংবাদক্ষেত্ৰৰ লগত জড়িত সাংবাদিক সকল উপস্থিত থাকে |
পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,শিক্ষক-শিক্ষত্ৰী সকলৰ উপৰিও কৰ্মচাৰী সকলৰ সহায়-সহযোগীতাই অনুষ্ঠানটি আৰু অধিক সুন্দৰ কৰি তুলিলে | ইয়াৰোপৰি অনুষ্ঠানটোত পৰিনেশন কৰা বিহু,বাগাৰুম্বা,কোচ-ৰাজবংশী নৃত্য,ঝুমুৰ,নেপালী জনগোষ্ঠীয় নৃত্য,কন্দ-কুই সমাজৰ জনগোষ্ঠীয় নৃত্যকে ধৰি বহু নৃত্যই অনুষ্ঠানটিৰ সৌন্দৰ্য্যতা বৃদ্ধি কৰিলে | লগতে আমাৰ এই অনুষ্ঠানটি যিসকল শুভাকাংক্ষীয়ে সহায়-সহযোগীতা আগবঢ়ালে সকলোলৈ অশেষ ধন্যবাদ জনালোঁ | আপোনাকৰ সহায়-সহযোগীতা আৰু অনুপ্ৰেৰণাৰ ফলত আমাৰ পানেৰী প্ৰেছ ক্লাৱৰ প্ৰথম বৰ্ষপূৰ্তি স্মৰণীয় ৰ'ল |
শেষত আমাৰ বৰ্ষপুৰ্তি অনুষ্ঠানটিত দিন-ৰাতি একাকাৰ কৰি বিশেষভাৱে সহায়-সহযোগীতা আগবঢ়োৱাৰ বাবে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা সাস্কৃতিবান ব্যক্তি ম: আছিক বিন মফিজ আৰু তেখেতৰ সহধৰ্মীনি মিচেছ চালেহা বেগমলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ |
05/11/2022
আমাৰ মহান শিল্পী, ভাৰত ৰত্ন, শুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।
We trbutes to the Bharat Ratna, Xudhakantha Dr Bhupen Hazarika on his death anniversary.
23/10/2022
#যাত্ৰা_এবছৰীয়া
#পানেৰী_প্ৰেছ_ক্লাৱ
চাওঁতে চাওঁতে আমাৰ পানেৰী প্ৰেছ ক্লাৱে গৰকিলে এটা বছৰ | বৃহত্তৰ পানেৰী বাসী ৰাইজৰ মৰম, আশীৰ্বাদ শিৰত লৈ প্ৰেছ ক্লাৱটোয়ে ২০২১ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে জন্ম লৈছিল | পানেৰী প্ৰেছ ক্লাৱটিত থকা প্ৰতিগৰাকী সাংবাদিকে বৃহত্তৰ পানেৰী অঞ্চলৰ বিভিন্ন সমস্যাৱলী সমূহৰ ওপৰত দিনে-নিশাই বাতৰি পৰিৱেশন কৰি ৰাইজৰ হকে মাত মাতিবলৈ সক্ষম হৈছে | এইদৰে ৰাইজৰ সহযোগত পানেৰী প্ৰেছ ক্লাৱটিয়ে এটা বছৰ গৰকাৰ মুহূৰ্তটো আনন্দ-উল্লাসৰ মাজেৰে অতিবাহিত কৰিবলৈ মনস্থ কৰা হৈছে | সেই ওপলক্ষে অহা ০৯ নৱেম্বৰ ২০২২ তাৰিখ বুধবাৰে দিনযোৰা বৰ্ণাধ্য কাৰ্যসুচীৰে উদযাপন কৰিবলৈ ঠিৰাং কৰা হৈছে | উক্ত অনুষ্ঠানটিৰ বাবে বিটিচিৰ কাৰ্যবাহী সদস্য Sanjit Tanti উপস্থিতিত তথা পানেৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ এখন উদযাপন সমিতি গঠন কৰাৰ লগতে উপ-সমিতি সমূহ গঠন কৰা হয় | উক্ত দিনা সকলো ৰাইজৰ উপস্থিতি তথা দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলো |
15/10/2022
পানেৰী প্ৰেছ ক্লাৱৰ সম্পাদক তথা নিউজ নাউ আৰু গণ অধিকাৰৰ ওদালগুৰি জিলাৰ সাংবাদিক চিন্ময় শৰ্মাৰ ওপজা দিনটোত পানেৰী প্ৰেছ ক্লাৱৰ সকলো সদস্যৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা ও শুভকামনা যাছিলোঁ |
15/08/2022
৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সকলোলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো |
12/06/2022
গণশিল্পী শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ মৃত্যু বাৰ্ষিকীত পানেৰী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো |
Click here to claim your Sponsored Listing.
Category
Website
Address
Udalguri
784523