Bipul Roys
Simple living.. .
13/05/2026
সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ। আজি আমি জানো আহক- ঢেকীয়া শাকত থকা উপাদান আৰু ইয়াৰ ঔষধি গুণ সম্পৰ্কে।
🌿 ঢেকীয়া শাকত প্ৰচুৰ পৰিমাণে পটেছিয়াম,আইৰন, ভিটামিন, ক'পাৰ , মেগনেচিয়াম আদি উপাদান পোৱা যায় ।
🌿 ঢেকীয়া শাকৰ ঔষধি গুণ সমূহ হৈছে:
# হৃদযন্ত্ৰ শক্তিশালী কৰি ৰখাত সহায়ক।
# উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায়ক।
# মধুমেহ ৰোগীৰ বাবে লাভদায়ক।
# হজমী শক্তি বৃদ্ধি কৰে।
# ৰক্তহীনতাৰ সমস্যা লাঘব কৰে।
# ঢেকীয়া শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
# এন্টি-অক্সিডেন্ট গুণ থকাৰ বাবে শৰীৰৰ কোষ সমূহৰ অবক্ষয় ৰোধ কৰে।
# মাইগ্ৰেন ৰোগত ভূগি থকা লোকে খাব লাগে।
# দৃষ্টি শক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে।
# কোষ সমূহৰ কৰ্কট প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
# গৰ্ভৱতী মহিলা আৰু পোৱতী মাতৃৰ বাবে অতিকৈ লাভ জনক।
# ঢেকীয়া শাকে হাড়ৰ গঠন মজবুত কৰে।
# লিভাৰ সুস্থ কৰি ৰাখে।
# ঢেকীয়া শাকে ওজন সঠিক কৰি ৰখাত সহায় কৰে।
যদি আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট পঢ়ি ভাল পায় তেন্তে আপোনালোকে মোৰ pageটো follow আৰু like কৰিব। Shareৰো কৰিব পাৰে।
Bipul Roys
12/05/2026
সু-প্ৰভাত সকলোকে..........
আয়ুবেৰ্দ শাস্ত্ৰত জিলমিল শাকক অতি উপকাৰী বনৌষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয় ।
আয়ুবেৰ্দ চৰ্চাত জিলমিলৰ প্ৰয়োগ আৰু উপকাৰিতাৰ বিষয়ে জানিব পাৰি বৰ্তমান বিশ্বৰ বিভিন্ন ঠাইত ইয়াৰ খেতি কৰা হয় ।
জিলমিল বা ভতুৱা শাকত আইৰণ , কেলছিয়াম , পটাছিয়াম , ভিটামিন- এ , বি , চি , ফাইবাৰ , মেংগানিজ , ফচফৰাছ , জিংক আদি অধিক মাত্ৰাত পোৱা যায় ।
# জিলমিল শাকৰ ৰস, সিজোৱা পানী খালে লিভাৰ সুস্থ ৰাখে । গেছ , আভোক , অৰ্জীণ , কৃমি , বিষ আদি সমস্যা দূৰ কৰে ।
# জিলমিল শাকত থকা ভিটামিন আৰু এণ্টি-অক্সিডেণ্টৰ বাবে হৃদযন্ত্ৰৰ টনিক বুলি কোৱা হয় ।
# কোষ্ঠকাঠিন্যতাৰ সমস্যাৰ বাবে জিলমিল শাক অতি উপকাৰী ।
# চকুৰ কাৰণে অতি উপকাৰী জিলমিল শাক । কুকুৰীকণা ৰোগত সুফল পোৱা যায় ।
# নিয়মিয়াকৈ জিলমিল শাকৰ কুমলীয়া পাত পিচি খালে কিডনিৰ পাথৰ কমিবলৈ ধৰে । নতুনকৈ পাথৰ হোৱাত বাধা দিয়ে ।
# শৰীৰত আঘাট পাই হোৱা ফুলা কমাবলৈ জিলমিল শাকৰ পাতেৰে তপত সেক দিব লাগে ।
# জিলমিল শাকৰ ৰসৰ লগত ৫/৬ খিলা মান মহানিমৰ পাত মিহলাই খালে তেজ পৰিষ্কাৰ হয় ।
# খজুৱতি , ফোঁহা আদি ছালৰ সমস্যাত নিয়মিয়াকৈ জিলমিল শাক সিজাই চেকি লৈ ৰস খাব লাগে ।
এনেদৰে শাক হিচাপে সিজোৱা পানী ছালত লগালেও উপকাৰ পোৱা যায় ।
# জিলমিল শাকৰ ৰসৰ লগত মিচিৰি মিহলাই খালে প্ৰস্ৰাৱৰ সংক্ৰমণত উপকাৰ পোৱা যায় ।
ধন্যবাদেৰেl
11/05/2026
সু -প্ৰভাত সকলোকে 🎉🌺
আজি আমি শেৱালী ফুলৰ গুণাগুণৰ বিষয়ে জানো আহক:
শেৱালী ফুল (Night Jasmine/Parijat) কেৱল সুগন্ধি ফুল নহয়, ই বহু ঔষধি গুণেৰে ভৰপূৰ এক ভেষজ উদ্ভিদ। অসমীয়া সংস্কৃতিত ইয়াৰ ফুল আৰু পাতৰ ব্যৱহাৰ দীৰ্ঘদিন ধৰি হৈ আহিছে।শেৱালী ফুলৰ প্ৰধান উপকাৰিতা সমূহ:
"বাতবিষ আৰু সন্ধিবিষ": শেৱালীৰ পাতৰ ৰস বাতবিষ (Arthritis) আৰু গাঁঠিৰ বিষ হ্ৰাস কৰাত অত্যন্ত ফলপ্ৰসূহ"
"কাহ আৰু চৰ্দি": শুকান কাহ বা চৰ্দিত ভুগিলে শেৱালী পাতৰ ৰস বা পাতৰ চাহ সেৱন কৰিলে উপকাৰ পোৱা যায়।"
"হজমী শক্তি বৃদ্ধি": শেৱালী ফুলৰ ৰসে পাচনতন্ত্ৰ সুস্থ ৰাখে, কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পেটৰ গেছৰ সমস্যা সমাধানত সহায় কৰে।
"জ্বৰ নিৰাময়": ই এক প্ৰাকৃতিক জ্বৰনাশক। মেলেৰিয়া বা ডেংগুৰ দৰে জ্বৰৰ চিকিৎসাত ইয়াৰ পাতৰ ৰস উপকাৰী বুলি গণ্য কৰা হয়।
"চুলি আৰু ছালৰ যতন": শেৱালী ফুলৰ গুটি বা পাত বটি মূৰত লগালে চুলি সৰা আৰু অকালতে চুলি পকা সমস্যা কমি যায়। ইয়াৰ ৰস ছালৰ উজ্জ্বলতা বঢ়াবলৈও ব্যৱহাৰ কৰা হয়।
"খাদ্য হিচাপে": অসমত শেৱালী ফুল ভাজি বা চুপ (Soup) বনাই খোৱা হয়, যি স্বাস্থ্যৰ বাবে উপকাৰী।
বিশেষ সতৰ্কতা: শেৱালী পাতৰ ৰস অতি তিতা হয়, সেয়েহে ইয়াৰ ব্যৱহাৰৰ পূৰ্বে অভিজ্ঞ ব্যক্তি বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
"সংগৃহীত"
10/05/2026
আজি আমি Mushroomৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম।
Mushroom হৈছে এক সুস্বাদু আৰু পুষ্টিকৰ খাদ্য, যাক "ছুপাৰফুড" বুলিও কোৱা হয়। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে আমাৰ শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰে।
Mushroomত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন বি, ভিটামিন ডি, পটাছিয়াম, আইৰণ, আৰু আঁহ আদি থাকে। কেলৰি আৰু চৰ্বিৰ পৰিমাণ অতি কম হোৱাৰ বাবে ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে ই অতি উপকাৰী। নিয়মিতভাৱে Mushroom খোৱাৰ ফলত শৰীৰত অত্যাৱশ্যকীয় শক্তি পোৱা যায় আৰু দুৰ্বলতা দূৰ হয়।Mushroom য়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰক ৰোগ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী, কিয়নো ইয়াত কলেষ্টেৰল কম আৰু আঁহ বেছি থাকে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰিত হয় আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে।
ডায়েবেটিছ ৰোগীৰ বাবেও Mushroom উপকাৰী। ইয়াত কম পৰিমাণৰ চেনি থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও Mushroomত ভিটামিন ডি থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।
আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত মানুহবোৰ প্ৰায়ে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই জুৰুলা কৰে।Mushroomয়ে মন সুস্থ কৰি ৰখাৰ লগতে মানসিক চাপ কমোৱাতো সহায় কৰে।
সামৰণিত আমি ক’ব পাৰো যে Mushroom সোৱাদ আৰু স্বাস্থ্য দুয়োটাৰে এক বৃহৎ উৎস। আমাৰ খাদ্য তালিকাত সেইবোৰ অন্তৰ্ভুক্ত কৰি আমি এক সুস্থ আৰু শক্তিশালী জীৱন যাপন কৰিব পাৰো।
ধন্যবাদ।
শুভ ৰাত্ৰী ।।
How to Improve Eyesight Naturally? | Simple
Home Remedy | Credit to Manish Ji
21/03/2025
With Pritisha Goswami – I'm on a streak! I've been a top fan for 8 months in a row. 🎉
17/07/2024
Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Kulajit Ray, Bhuban Mohan Das, Sanjit Daulagophu, Son Deka, Nabajit Phukon, Sanjay Barman, Dhanan Saud, Binod Sharma, Utpal Utpal, Dhanjit Talukdar, Biju Mani Nath, Sukleswar Pathak, Dhruba Das, Samsul Ali, Gauranga Das
12/07/2024
"সফলতাৰ আনন্দ উপভোগ
কৰাটো ভাল কথা,
তাতকৈ জৰুৰী আপোনাৰ
অসফলতাৰ পৰা জ্ঞান লোৱাটো।"
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Sorbhog
781317