Rantu Ranjan

Rantu Ranjan

Share

মোৰ নাম ৰন্টু ৰঞ্জন কলিতা,মই মোৰ অনুভৱ কবিতা জৰিয়তে বাস্তব দৃশ্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ।

01/04/2026

পৰিয়াল ❤️❤️

06/12/2025

কিছুমান মানুহ আছে যিয়ে নিজ স্বাৰ্থৰ বাবে সকলোবোৰ কৰিব পাৰে,অনুভৱৰ পাতখিলা এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু শত্রু হৈ মনত আঘাত দি আঁতৰি যায়।

07/08/2024

"জোনাকী পষেকীয়া ই-আলোচনী" ত প্ৰকাশিত মোৰ "নীলাঞ্জনা" নামৰ এটি কবিতা ❤️❤️

11/04/2024

পলাশৰ ৰং লগা নাই সূৰুযৰ ৰং গলা নাই যুগৰ কলংক হিয়াৰ বেদনা উটি-ভাঁহি যায় ভাঁহি যায়।"- প্রকৃতি পৰিৱৰ্তনশীল। ধূলিময় ফাগুনৰ পৰশত উটি ভাঁহি গছৰ তলসৰা পাতক পছোৱা বতাহজাকে আলফুলে কোলাত উৰাই লৈ যায়। কুঁৱলীৰ আৱৰণ ফালি, শীতৰ কোলাৰ পৰা নামি বসন্তৰ পলাশ-মদাৰৰ ৰঙীন ৰঙৰ পৰশ সানি নামি আহে বসন্তৰ মনপৰশা উমাল বতৰাবোৰ❤️❤️

09/03/2024
01/03/2024

ফাগুন

ফাগুন ফাগুন লগা মোৰ অনুভৱ
মোৰ বাবেই পলাশ শিমলুৰ
বুকুত জাগে এক
মধুৰ আস্বাদন...
ধূসৰ পদূলিৰ মুখে মুখে
পছোৱাই ছটিয়াই যায়
মৰম ভালপোৱা মিহলি
এক অবুজ অনুভৱৰ গুঞ্জন.."..
ফাগুন চঞ্চল
পলৰীয়া মেঘৰ আঁৰে আঁৰে
গীত ৰচে তৃষ্ণাৰ,
ব'হাগৰ বতৰা লৈ নামি আহে বৰষুণ....!
লচপচি ফাগুনৰ বাটেৰে🤗

🖋️ ৰন্টু ৰঞ্জন কলিতা

21/02/2024

# # সেউজীয়া পাহাৰ

সৌৱা সেউজীয়া পাহাৰৰ খনি
কিমান যে শুৱনি!
অৰুণাচলৰ একা বেকা ৰাস্তা
কাষে কাষে ধুনীয়া সেউজীয়া
প্ৰকৃতিৰ কি'যে মনোমোহা দৃশ্য
সেই কেইগৰকী কোন অপেশ্বৰী
খাচী নে জয়ন্তীয়া?
তাই আহিছে মূৰত পাচিটো লৈ
বুটা বছা সেউজীয়া সাজত
খোজ লাহেকৈ দি
হৃদয়ত মোৰ শিমলু, মদাৰ, পলাশৰ
তেজৰঙী সুবাস ঢালিবলে।
সৌ সিদিনা দেখিছিলো হে ;
সেউজীয়া সাজত
ফাগুনৰ উতনুৱা মনেৰে
নাচিছে গুমৰাগ
প্ৰকৃতিও যেন চাইছে ৰ লাগি
কি'যে মোহনীয়
সিহঁতৰ বাৰেৰহণীয় কৃষ্টি।
সেউজীয়া পাহাৰৰ
তাই খাচী গাভৰু !
সেউজীয়াৰ মাজত
উমলি-জামলি ডাঙৰ হোৱা
তাই ফাগুনী
মোৰ মনাকাশত
ফাগুনৰ ৰং সানি
তাই আকৌ যাব
অহা বাটেৰে ঘূৰি।।
✍️ৰণ্টু ৰঞ্জন কলিতা।

18/02/2024

মোৰ এটি অনুভৱ-"ফাগুন', কবি- ৰন্টু ৰঞ্জন কলিতা ,আবৃত্তি- লক্ষী নাৰায়ণ শৰ্মা,ৰেকডিং আৰু শব্দ সংমিশ্রণ বিনোদ বৰা (মাজুলী),সংযোজন- দুলুমণি বৰদলৈ,

Want your public figure to be the top-listed Public Figure in Sibsagar?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


শিৱসাগৰ
Sibsagar
785662