Bajali Rural Advancement Society
Non Profitable Organisation
10/03/2026
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষ্যত আমাৰ কিছু প্ৰকাশিত বাতৰি..
10/03/2026
সমগ্ৰ বিশ্বৰ লগতে বজালী জিলাতো যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থপূৰ্ণভাৱে পালন কৰা হয়। বজালী জিলাৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান 'বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটি'ৰ উদ্যোগত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
সমাজলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱা তথা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আজিৰ এই পৱিত্ৰ দিনটোত জিলাখনৰ তিনিগৰাকী বিশেষ নাৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আৰক্ষী সেৱাত নিয়োজিত হৈ জিলাখনত শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বজালী জিলাৰ উপ-আৰক্ষী অধীক্ষক (DSP)(P) মৃগাক্ষী দাস, অসামৰিক সেৱাত নিষ্ঠাৰে কাম কৰাৰ বাবে জিলাখনৰ সহকাৰী আয়ুক্ত মেৰী কলিতা (Assistant Commissioner, Bajali) আৰু শিক্ষাৰ প্ৰসাৰৰ লগতে সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা সমাজকৰ্মী ড° চন্দনা দেৱীক (Vice Principal , Patacharkuchi B.ED College) এই বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ সঞ্চালক মিল্টন চৌধুৰীয়ে কয়, "নাৰী শক্তিক সন্মান কৰিলেহে এখন দেশ প্ৰকৃত অৰ্থত আগুৱাই যাব পাৰে। এই মহান বাক্যশাৰীক শিৰোগত কৰিয়েই আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছো।"
উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চছাইটিৰ উপ-সভাপতি নিপু তালুকদাৰ , সদস্য সীমান্ত পাটগিৰী, বিশেষ অন্তৰংগ সহযোগী কমল মালাকৰ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
Bajali Rural Advancement Society
10/03/2026
যোৱা ৮ মাৰ্চ "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস"(International Women's Day)
উপলক্ষে বজালী জিলাৰ দুই অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বজালী ৰুৰেল এডভাঞ্চমেন্ট চছাইটি আৰু শব্দৰ উদ্যোগত বজালীৰ বৰুৱাপাৰা গাঁৱৰ এজনী পিতৃহাৰা ছাত্ৰী ডিয়া ৰয়ক কিতাপ, বহী আৰু কলমৰ টোপোলাৰে কিছু সহায় আগবঢ়োৱা হয়। অনুষ্ঠানটোত সংস্থাদ্বয়ৰ সন্মানীয় ড⁰ চন্দনা দেৱী, বনজিৎ দাস, মিল্টন চৌধুৰী, হেমন্ত চৌধুৰী, ৰীনা দাস, নিলাক্ষী তালুকদাৰ আৰু কাবেৰী শৰ্মা আদি বিষয়ববীয়াসকলে উপস্থিত থাকি দুৰ্গত পৰিয়ালটোৰ ওচৰত ঠিয় হৈ সহায়ৰ হাত আগবঢ়ায়। এই কাৰ্যসূচীৰ জৰিয়তে নাৰী দিৱসক উদ্দেশ্য প্ৰণোদিত আৰু মানবিক মূল্যবোধেৰে অৰ্থবহ কৰি তোলা হয়।
উল্লেখ্য যে,এই ধৰণৰ সহায়মূলক পদক্ষেপে সমাজত সহমর্মিতা, শিক্ষাৰ প্ৰতি উৎসাহ আৰু নাৰী শক্তিকৰণৰ বাণী প্ৰচাৰ কৰে।
Bajali Rural Advancement Society
10/03/2026
আমাৰ বস্ত্ৰ বিতৰণ কাৰ্যসূচীৰ কিছু প্ৰকাশিত বাতৰি..
10/03/2026
যোৱা ৪ জানুৱাৰী , ২০২৫ ইং তাৰিখ ৰবিবাৰে বজালী ৰুৰেল এডভাঞ্চমেন্ট চছাইটিৰ সন্মানীয় বিষয়ববীয়া সকলৰ উদ্যোগত "ব্ৰেইলী দিৱস" ৰ লগত সংগতি ৰাখি দৃষ্টিহীন লোকক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আৰু আৰ্তজনক সহায় কৰাৰ অৰ্থে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বাঁহবাৰী বাগানত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ মাজত এখনি সজাগতা সভা আৰু এক বস্ত্ৰদান কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। যত বহুতো ন- পুৰণি কাপোৰ প্ৰায় ১০০ পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। শীতৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে ঠাণ্ডাত কঁপি থকা আৰ্তজনক সহায় - সহযোগিতা কৰিবলৈ এনেকৈ সুযোগ - সুবিধা পোৱাটো এক সৌভাগ্যৰ কথা। এই মহৎ পদক্ষেপত সহায় সহযোগিতা আগবঢ়োৱা সমূহ শুভাকাংক্ষী তথা বিশিষ্ট ব্যক্তিসকলক বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ হৈ সঞ্চালক মিল্টন চৌধুৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই মহৎ কাৰ্যসূচীত আগভাগ লয় শালবাৰী হাইস্কুল,বাক্সাৰ প্ৰধান শিক্ষক শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুক চাংছাৰীকা, বজালী ৰুৰেল এডভাঞ্চমেন্ট চছাইটিৰ অন্যতম অগ্ৰণী উপদেষ্টা তথা বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপ অধ্যক্ষ ড⁰ চন্দনা দেৱী, নলবাৰী জিলাৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰিদৰ্শক বনজিৎ দাস, তিনিচুকীয়া ৰেলৱে ডিভিজনৰ সহকাৰী চোৰাংচোৱা বিষয়া তথা উপদেষ্টা হেমন্ত চৌধুৰী, যুৱ ব্যৱসায়ী নিপু তালুকদাৰ, যুৱ কবি বিভাংশু শৰ্মা আৰু কাবেৰী শৰ্মাই।
Bajali Rural Advancement Society
10/03/2026
আমাৰ বস্ত্ৰ বিতৰণ কাৰ্যসূচীৰ কিছু প্ৰকাশিত বাতৰি..
15/12/2025
যোৱাকালি অৰ্থাৎ ১৪ ডিচেম্বৰ, ২০২৫ ইং তাৰিখ ৰবিবাৰে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি তথা বহনক্ষম ব্যবস্থাপনাৰ উদ্দেশ্যি সজাগতা সভা আৰু এলানি বস্ত্ৰ বিতৰণ কাৰ্যসূচী বৰমাৰ কদমতলস্থিত ইটাৰ ভাটাত ৰূপায়ণ কৰা হয়। হাড় কঁপোৱা জাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় দুই শতাধিক অভাৱী ৰাইজৰ মাজত কিছু নতুন আৰু সৰহ সংখ্যক ব্যৱহৃত কাপোৰ বিতৰণ কৰা হয়। বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ উদ্যোগত তথা সাহিত্য সাধনা মঞ্চ, বজালী জিলাৰ সহযোগত আয়োজন কৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে পাটাছাৰকুছি শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপ অধ্যক্ষ ড° চন্দনা দেৱী,
নলবাৰী জিলাৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰিদৰ্শক বনজিৎ দাস, তিনিচুকীয়া ৰেলসেৱাৰ সহকাৰী চোৰাংচোৱা বিষয়া হেমন্ত চৌধুৰী সহিতে বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ সঞ্চালক মিল্টন চৌধুৰী তথা এই চছাইটিৰ বিষয়ববীয়া ক্ৰমে বিভাংশু শৰ্মা, ডেইজী দাস,নিপু তালুকদাৰ, কাবেৰী শৰ্মা আৰু শিখা দাস। বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ এজন অন্যতম উপদেষ্টা ড° চন্দনা দেৱীয়ে প্ৰতি বছৰে এনেকুৱা বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
18/11/2025
আজি ১৮ নৱেম্বৰ,২০২৫ ইং তাৰিখ মঙলবাৰে প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন বিশেষ "বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ" আৰু কন কন লৰা ছোৱালীৰ মাজত "জুবিনৰ দিন" শীৰ্ষক গীত মাতৰ অনুষ্ঠান বজালীৰ বালাপাৰা অঞ্চলৰ কালদিয়া বনানীত অনুষ্ঠিত কৰা হয়। বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ উদ্যোগত আৰু কালদিয়া বনানী তথা SN Entertainment ৰ সহযোগত আজিৰ এই অনুষ্ঠান আয়োজন কৰা হয়। জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছ ৰোপনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কন কন শিশুৰ লগতে প্ৰায় শতাধিক ৰোগীয়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ গ্ৰহন কৰে। পৰৱৰ্তী সময়টো জাক জমকতাৰ পৰা আঁতৰত তথা সমাজৰ হকে কাম কৰি যাবলৈ বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটি চিৰপ্ৰতিশ্ৰুতিবদ্ধ।
শেষত সমূহ ৰাইজলৈ অশেষ ধন্যবাদ ইমানখিনি সহায় সহযোগিতা তথা উপস্থিতিৰ বাবে।
17/11/2025
সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
আহক আমি সকলোৱে লগ হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো মানুহৰ দিন হিচাপে মানুহৰ বাবে পালন কৰোঁ।
17/11/2025
যোৱা ১৮ অক্টোবৰ, ২০২৫ ইং তাৰিখ শনিবাৰে প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত বজালীৰ কুমাৰপাৰা অঞ্চলত প্ৰায় ২০০ গছপুলি ৰোপন কৰা হয়। বজালী যুৱ সমাজ, গ্ৰীণ মিছন,বজালী, শব্দ,বজালী আৰু বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ উদ্যোগত আৰু সমূহ কুমাৰপাৰাবাসী গঞা ৰাইজৰ সহযোগত উক্ত গছ পুলি ৰোপণ কাৰ্য্যসূচী সফলতাৰে অনুষ্ঠিত কৰা হয়। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত আৰু মূলত তেঁওৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰে বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়, পাটাছাৰকুছিৰ উপ অধ্যক্ষ ড° চন্দনা দেৱীয়ে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত প্ৰথমটো নাহৰ গছৰ পুলি ৰোপণ কৰি উক্ত গছপুলি ৰোপণ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বজালী জিলাৰ উপ আৰক্ষী অধীক্ষক শ্ৰী মৃগাক্ষী দাসে। উক্ত অনুষ্ঠানটিত বজালীৰ উদীয়মান যুৱ কণ্ঠশিল্পী শ্বাহৰুখ প্ৰয়াসৰ নেতৃত্বত "মায়াবিনী" গীতটি সকলোৱে লগ হৈ একেলগে পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বজালী জিলাৰ সেউজী বিপ্লৱৰ অন্যতম এজন কাণ্ডাৰী শ্ৰী আনন্দ খাটনিয়াৰ দেৱে। পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ স্মৃতিত আৰু এনেকুৱা কাৰ্য্যসূচী হাতত লোৱা হব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
সমূহ ৰাইজলৈ অশেষ ধন্যবাদ আমাক ইমানখিনি মৰম আৰু সহায় সহযোগিতা কৰাৰ বাবে।
Click here to claim your Sponsored Listing.
Category
Website
Address
Pathsala, Ward No. 1, Dist. Bajali
Pathsala
781325