Protibedok Live

Protibedok Live

Share

This is a blog for web portal news featuring content about positive and constructive thinking towards society.

04/06/2026

মাধুৰ্য বৰ্মনলৈ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যসকলে জনালে শ্ৰদ্ধাঞ্জলি

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৪ জুন, ২০২৬

আজি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যসকল মিলিত হৈ মাধুৰ্য বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় । পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জ্যোতিষ বৰ্মনে আঁতধৰা অনুষ্ঠানত ভাষণ দিয়ে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গণেশ কাকতি, দীপক বৰ্মন, প্ৰাক্তন সম্পাদক কৈলাশ মুদিয়াৰ, বদন দত্ত, পশ্চিম চামতা শাখাৰ প্ৰাক্তন সম্পাদক মুকুল বৰ্মন, কামৰূপ মহাবিদ্যালয় আছু গোটৰ সম্পাদক দিলীপ শৰ্মা, গণেশ বৰ্মনৰ লগতে কামৰূপ মহাবিদ্যালয়’ ৮৯ গোটৰ সদস্যা সবিতা দেৱীয়ে মাধুৰ্য বৰ্মনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু হত্যাকাৰীক কঠোৰভাৱে দমন কৰা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷ উল্লেখ্য যে, তেওঁলোকে মাধুৰ্য বৰ্মনৰ স্মৃতি যুগমীয়া কৰাত গুৰুত্ব আৰোপ কৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 4, 2026

04/06/2026

মুক্তিৰ পথত নতুন ৱেব চিৰিজ ভাইৰেল কৃষ্ণ— মুকলি হ'ল চিৰিজখনৰ ট্ৰেইলাৰ

04/06/2026

সমৃদ্ধ জীৱনৰ সুগন্ধি(৩)— চন্দন শৰ্মা

মূৰ্খৰ বাকচৰ সন্মুখত এজাক ধোদৰ বৈঠক:

এখন গাঁৱৰ নিচেই সাধাৰণ এটা পৰিয়ালৰ কথা । কেইবাটাও ল'ৰা-ছোৱালীৰে ভৰপূৰ পৰিয়ালটোৰ গৃহস্থজন বৃত্তিত ঠেলাচালক । গৃহিণীগৰাকীয়েই ঘৰখনৰ সকলো কাম-কাজ নিপুণতাৰে চম্ভালে । এখন তাঁতশাল আছে, য'ত তেওঁ মেখেলা-চাদৰ, গামোচা-ধুতী আদি বৈ উলিয়ায় । খেতি-বাতি কৰিবলৈ চাৰি বিঘামান কৃষিভূমিও আছে । পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্য বৰ পৰিশ্ৰমী । ল'ৰা-ছোৱালীকেইটাই স্কুল-কলেজত পঢ়া-শুনা কৰাৰ উপৰি খেতি-বাতিতো লাগে । বছৰেকীয়া ধানখেতিৰ উপৰি ৰবিশস্যৰেও তেওঁলোকে কিছু সকাহ পায় । আজিকালি গাঁওবোৰ পাণ্ডৱবৰ্জিত ঠাই হৈ ৰোৱা নাই; বৰং যাতায়াত-যোগাযোগ আৰু বিজ্ঞান-প্ৰযুক্তিৰ প্ৰভাৱে ইয়াৰ চেহেৰা সলনি কৰি পেলাইছে । ঘৰে ঘৰে ফোন, টেলিভিছন, এলপিজিৰ সংযোগ, নানা চালানী খাদ্য-সামগ্ৰী আৰু বিভিন্ন দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানেৰে গাঁওবোৰ ভৰি পৰিছে । ফলত আজিকালি গাঁও আৰু নগৰৰ মাজত বিশেষ তফাৎ নাই । গাঁৱৰ ঘৰত বহিয়েই বিশ্ব-জগতৰ নানা খবৰ পাব পৰা হৈছে ।
পৰিৱৰ্তনশীল সময়ৰ প্ৰভাৱত পৰি গাঁওখনৰ সাধাৰণ পৰিয়ালটোক ক্ৰিকেটৰ জ্বৰে লম্ভিলে । ইতিমধ্যে ভদ্ৰলোকৰ এই খেলবিধৰ জনপ্ৰিয়তা গাঁৱে-ভূঞে বিয়পি পৰিল । ক্ৰিকেট বুলিলে দহোবন কাতি কৰি থৈ গাঁৱৰ যুৱক-যুৱতী, আদহীয়া, বুঢ়া-বুঢ়ী আটায়ে টেলিভিছনৰ সন্মুখত বহি থকা হ'ল । মেচ নথকা অৱস্থাতো ক্ৰিকেটক লৈ ব্যাপক চৰ্চা । সাধাৰণ পৰিয়ালটোৰ গৃহিণীগৰাকীও ক্ৰিকেট-জ্বৰত আক্ৰান্ত হৈ যেতিয়াই তেতিয়াই চুবুৰীয়াৰ ঘৰৰ কোঠাত টিভিটো আগত লৈ মচগুল হৈ পৰে । ফলত ঘৰৰ কামবোৰত যতি পৰিবলৈ ধৰিলে । গিৰিয়েকে ঠেলা সামৰি যেতিয়া ঘৰলৈ উভতি আহে, তেতিয়া ঘৈণীয়েকক বিচাৰি হাবাথুৰি খাবলৈ ধৰিলে । এদিনাখন এইদৰে বিচাৰি আহি ঘৈণীয়েকক চুবুৰীয়া এঘৰৰ টেলিভিছনৰ সন্মুখত বহি থকা দেখা পালে । সিদিনা পাক-ভাৰতৰ মাজত এদিনীয়া ছিৰিজৰ ফাইনেল খেল চলি আছিল । তেওঁ সোমাই যোৱাৰ লগে লগে শচীন টেণ্ডুলকাৰ আউট হ'ল । তৎমুহূৰ্ততে খঙত অগ্নিশৰ্মা হৈ ঘৈণীয়েকে কৈ উঠিল, “ঐ মহাপাপী, মৰকুচীয়াই পৰা, তই সোমাই অহাৰ লগে লগে টেণ্ডুলকাৰ আউট হৈ গ'ল । এতিয়া ভাৰতৰ কি হ'ব?” মানুহজন সৰগ পৰা লোকৰ দৰে স্তম্ভিত হৈ পৰিল ।
এয়াই হৈছে ক্ৰিকেটে বলিয়া কৰা অসমীয়া মানুহ । এসাজ খাই আনসাজলৈ চিন্তা কৰিবলগীয়া সাধাৰণ অসমীয়া লোকক অকৰ্মণ্য কৰা মৰ্মান্তিক, ব্যথাভৰা কাহিনী । মূৰ্খৰ বাকচৰ সন্মুখত বহি চহকী লোকৰ খেল চোৱা এচাম আত্মসমৰ্পণকাৰী ধোদৰ পায়চাৰি । অৱসৰ বিনোদনৰ নামত ভীষণ ক্ষতিৰ সন্মুখীন হোৱাৰ পিচতো গালৈ চেতনা ঘূৰি নাহিল ।এনেয়ে কথা-চহকী অসমীয়া; তাতে এদিনত ছয়-সাত ঘণ্টা নষ্ট ক্ৰিকেটৰ প্ৰভাৱ ! আহে সভাসদ লোক, দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল ।

লেখকৰ পৰিচয় আৰু ঠিকনা:

চন্দন শৰ্মা
প্ৰাক্তন সহকাৰী সম্পাদক, 'প্ৰান্তিক'
অসমীয়া ভাষাৰ শুচিতা ৰক্ষাৰ যুঁজৰ ৰণুৱা,
ঠিকনা: সৰুপেটা, বজালী
ফোন: ৮৬৩৮২৫২৮০০

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 4, 2026

03/06/2026

নলবাৰীৰ বড়িদতৰাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনশ্যাম কলিতাক বিদায় সম্বৰ্দ্ধনা

দ্বিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৩ জুন, ২০২৬

নলবাৰী জিলাৰ ঘগ্রাপাৰৰ সমীপৰ বড়িদতৰাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্যঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনশ্যাম কলিতাৰ চাকৰি জীৱনৰ বিদায় সম্বৰ্দ্ধনা সভাখন আজি অনুষ্ঠিত কৰা হয় । দুপৰীয়া ১২ বজাত বিদ্যালয়খনৰ সভাগৃহত শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হীৰেন বৈশ্যই সভাপতিত্ব কৰা বিদায় সম্বৰ্দ্ধনা সভাখনত বিদ্যালয়ৰ পৰিয়ালৰবৰ্গ, বিদ্যালয়ৰ পৰিচালনা সমিতি, ছাত্র একতা সভা আদিয়ে সদ্যঅৱসৰপ্ৰাপ্ত বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতাক গামোচা, মানপত্র, ধৰ্মগ্রন্থ, শৰাই, ফুলৰ থোপা,
সোণৰ আঙুঠি আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 3, 2026

03/06/2026

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ ঔষধৰ নামত দালালি কৰা এজনক আটক

দ্বিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৩ জুন, ২০২৬

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মাজে সময়ে একাংশ চোৰ, দালালে মেডিকেল কৰ্তৃপক্ষৰ মুৰৰ কামোৰণি হৈ অহাৰ সময়তে আজি চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত এগৰাকী যুৱকে ৰোগী এজনৰ সৈতে ঔষধ বাহিৰৰ ফাৰ্মাচীৰ পৰা আনি দিয়া হেতুকে দালালি কৰি থকাৰ সময়তে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মৰত চিকিউৰিটিয়ে হাতেলোটে ধৰা পেলায় । লগে লগে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষ ডা° মাধৱ ৰাজবংশীয়ে আৰক্ষীক গতাই দিয়ে । আটক হোৱা দালালগৰাকী ধমধমাৰ মাজুৰশিৰালৰ ৰুবুল আলী বুলি জানিব পৰা গৈছে । সম্প্রতি আৰক্ষীয়ে দালাল ৰুবুল আলীক জেৰা অব্যাহত ৰাখিছে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 3, 2026

03/06/2026

নীৰৱে-নিটালে(২৫৪)— কমলকুমাৰ জৈন

পৰম
শ্ৰদ্ধাৰ পাঠকবৃন্দ,
হিয়া ভৰাই জানিব প্ৰণাম !

ভালেমান দিন আগতে পঢ়া আৰু ভাল লাগি থকা এটি জাপানী কবিতাৰ কলি মনলৈ আহিল—

"কোনেও নেদেখাকৈ,
মৰহি যায়,
এই পৃথিৱীত;
ক'ত মানুহৰ,
হৃদয়ৰ ফুল ।"

আহকচোন
ভাবি চাওঁ নীৰৱে-নিটালে
লয়লাসে
হালে-জালে

কবিৰ ঠিকনা:

কমলকুমাৰ জৈন

সাহিত্যিক পেঞ্চনপ্ৰাপ্ত কবি

নলবাৰী

ফোন নং: +৯১৯৯৫৪৬২১২১৯

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 3, 2026

02/06/2026

মাধুৰ্যৰ গৃহত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

দ্বিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ২ জুন, ২০২৬

নৰখাদকক গুলীয়াবই লাগিব, তাৰ বাহিৰে বেলেগ উপাই নাই । মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ দিলে এই মন্তব্য । আজি দিনৰ ভাগত নলবাৰীৰ চামতাৰ প্ৰয়াত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যুৰ খবৰ ল’বলৈ পিতৃ-মাতৃৰ ওচৰত উপস্থিত হয় সুত্রধাৰ কুসুম্ব সুৰক্ষা পৰিষদৰৰ সভাপতি সত্যৰঞ্জন বৰা । মাধুৰ্য বৰ্মনৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃক সান্তনা দিয়াৰ লগতে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই মানৱৰূপী জতায়ু মাধুৰ্যই সীতাৰূপী মৃদুমুদ্ৰাক ৰক্ষা কৰিছে বুলি অভিহিত কৰি প্ৰয়াত মাধুৰ্য বৰ্মনৰ মাতৃ-পিতৃৰ হাতত অৰ্পন কৰে শোকপত্ৰ । আনহাতে, মাধুৰ্য বৰ্মনৰ আহত ভনী মৃদুমূদ্ৰাকো সীতাৰ লগত তুলনা কৰি কয় যে, তেওঁ আমাৰ সাহস আৰু শক্তি । সত্যৰঞ্জন বৰাই মৃদুমূদ্ৰাৰ সতীত্ব ৰক্ষাৰ যি সাহসিকতা, তাৰবাবে এইবেলি পণ্ডিচেৰীত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানত তেওঁক হিন্দু চেতনা বঁটাৰে পুৰষ্কৃত কৰাৰ বাবে তেওঁৰ ঘৰত দিয়ে নিমন্ত্ৰণী পত্ৰ ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 2, 2026

02/06/2026

ৰাজহুৱা কৱৰস্থানত ৰোজ আলীক কৱৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত— আছু নেতা মাধুর্য বৰ্মনৰ হত্যাকাৰী ৰোজ আহমেদৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁওবাসীয়ে

দ্বিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ২ জুন, ২০২৬

আছু নেতা মাধুর্য বৰ্মনৰ হত্যাকাৰী ৰোজ আহমেদৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁওবাসীয়ে । ৰোজ আলীৰ জানাজাত অংশগ্ৰহণ নকৰে গাঁওবাসীয়ে । আনকি ৰাজহুৱা কৱৰস্থানত হত্যাকাৰীৰ জানাজা কৰিব নিদিয়াৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে অঞ্চলটোৰ ৫ খনকৈ গাঁৱৰ ৰাইজে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অঞ্চলটোৰ ৰাইজে উল্লেখ কৰে যে, যোৱা ৩১ মে’ৰ সন্ধিয়া নলবাৰীৰ কুমাৰীকাটাৰ গঙ্গাপুৰত হোৱা ঘটনাটোৰ সম্পর্কে কালি আশ্রাফুল উলুম মাদ্রাছা প্রাঙ্গণত এই অঞ্চলৰ কুমাৰীকাটা, দেহৰ কালাকুছি, পশ্চিম খাটাৰ কালাকুছি, মাকালডবা, চেৰাবাৰী অঞ্চলৰ সকলো সমিতি লগ হৈ হত্যাকাৰীক তীব্র গৰিহণা দিয়ে আৰু হত্যাকাৰী ৰোজ আছিকৰ জানাজা ৰাজহুৱা কৱৰস্থানত কৱৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে । লগতে মাধুর্য বর্মনৰ আকস্মিক মৃত্যুৰ গোটেই অঞ্চলৰ ৰাইজে দুখ প্রকাশ কৰে আৰু মাধুর্য বর্মনৰ পিতৃ-মাতৃ তথা সম্পর্কীয় ব্যক্তিসকলক মানসিক শক্তি দিবলৈ ভগৱানৰ ওচৰত প্রার্থনা জনায় ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 2, 2026

02/06/2026

আনুষঙ্গিক(৭৯)— ৰঞ্জিত কুমাৰ কলিতা



হে সময় ...

অতীত, বৰ্ত্তমান আৰু ভৱিষ্যৎ— এই তিনি কাল-চক্ৰৰ মাজত আৱদ্ধ সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ চৰাচৰ জগতৰ জীৱন পৰিক্ৰমা । মানুহ তাৰ ব্যতিৰেক নহয় ।
জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ সৃষ্টি, স্থিতি আৰু লয়ৰ প্ৰকৃতি নিৰ্দ্ধাৰিত হয় সময়ৰ আপেক্ষিক পৰিৱৰ্ত্তনৰ ৰেহৰূপত । মানুহ সময়ৰ নিয়ন্ত্রণাধীন; সময়ক আৱদ্ধ কৰি ৰাখিবলৈ অপাৰগ মানুহ । মানুহ মাত্ৰেই সময়ৰ ওচৰত নি:কিন; বশ্যতা স্বীকাৰ নকৰি উপায় নাই ।
তথাপি মানুহে পাহৰি যায় নিজৰ অতীত, নস্যাৎ বা বিকৃত কৰিব খোজে প্ৰকৃত ইতিহাস নিজৰ স্বাৰ্থৰ অনুকূলে; বৰ্ত্তমানৰ অৱস্থিতিৰ চাকনৈয়াত বুজিবলৈ চেষ্টা নকৰে ৰহস্যময় ভৱিষ্যতত কি বা কেনে হ'বগৈ পাৰে নিজৰ অস্তিত্ব ।
কাচিৎহে কাৰোবাৰ দিন সমানে যায়, সময় অনুকূলে । অতীতত ভেজা দি গঢ় লয় বৰ্ত্তমান, বৰ্ত্তমানে মুকলি কৰে ভৱিষ্যতৰ দুৱাৰ । ভৱিষ্যতৰ জীৱন যাত্রা পথ মসৃণ হ'বনে কণ্টকময়, সেয়া সময়েহে ক'ব । সময়ৰ সৈতে তাল মিলাই খোজ দিব নোৱাৰিলে বিচ্যুতি ঘটিব পাৰে আমাৰ জীৱন দৰ্শন । নতুনৰ সাজত নিজকে খাপ খুৱাই ল'বলৈ নমনীয় নহ'লে সম্মুখীন হ'ব লাগিব আদৰ্শগত সংঘাতৰ— প্ৰথমতে আমাৰ ভৱিষ্যত প্ৰতিভুৰ সৈতে, পিছত নিজৰ মৰ্যাদা আৰু সত্তাৰ সৈতে । পৰম্পৰাগত অতীতৰ সময়ানুগত আৱেগ আৰু পৰিৱৰ্তনকামী ভৱিষ্যতৰ যুক্তিৰ ৰণত কেতিয়াবা আত্মসমর্পণ কৰিবলগীয়া হয় । এয়াও সময়ৰে খেল । য'ত আমি মাথোঁ নিমিত্ত খেলনা । গতিকে, আমি এৰি অহা সময়ৰ তিক্ততাখিনি একাষৰীয়া কৰি থৈ মধুৰতাখিনি ৰোমন্থন কৰি যেনেদৰে আহ্লাদিত আৰু প্ৰণোদিত হওঁ, তেনেদৰে বৰ্ত্তমানৰ সৰলেই হওক বা ৰূঢ়, বাস্তৱতাখিনিও সহজেই মানি ল'ব লাগিব, একেদৰে অতীত আৰু বৰ্ত্তমানৰ অভিজ্ঞতাসমূহৰ ভিত্তিত ভৱিষ্যতৰ কল্পনা আৰু সৃষ্টিৰ সৌধ নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হ'ব লাগিব । এই সকলোবোৰৰ ফলশ্রুতি এৰি দিব লাগিব সময়ৰ হাতত । সময়ে আমাক য'লৈকৈ ইচ্ছা লৈ যাব, আমাৰ ইচ্ছা অনুসৰি নহয় । সেয়েহে, চিৰ পৰিৱৰ্ত্তনকামী গতিশীল সময়ক আমি কেতিয়াও ক'ব নোৱাৰোঁ— 'হে সময়, অকণ ৰোৱা !’

লেখকৰ নাম আৰু ঠিকনা:

ৰঞ্জিত কুমাৰ কলিতা

সাহিত্যসেৱী, কবিতাপ্ৰেমী

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট), বৰপেটা

সাং: কলয়াহাটী, সুন্দৰীদিয়া সত্ৰ, বৰপেটা— ৭৮১৩১৪

ফোন: ৮০১১৯২১৯২৪, ৯৪৩৫৩২১৩১১

ই-মেইল: [email protected]

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 2, 2026

01/06/2026

নলবাৰীৰ গঙ্গাপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড— ছাত্ৰনেতা মাধুৰ্য বৰ্মনৰ থিতাতে আৰু চিকিৎসালয়ত মৃত্যু মৃদুমুদ্ৰা ডেকাৰ— এনকাউণ্টাৰ কৰা হ’ল হত্যাকাৰী ৰোজক

প্ৰতিবেদক লাইভ, ১ জুন, ২০২৬

কালি সন্ধিয়াৰ ভাগত ঘটিল নলবাৰীৰ গংগাপুৰৰ ৰাজপথত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ ভয়ংকৰ লাভ জেহাদৰ বলি ভাতৃ-ভগ্নী ৷ সম্পৰ্কীয় ভগ্নীৰ সৈতে আহি থাকোঁতেই আক্ৰমণ দুবৃত্তৰ ৷ স্কুটীৰে নলবাৰীৰ চহৰৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত শনিমণ্ডল গড়কাপ্তানী পথৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোহন হালৈৰ গৃহৰ সন্মুখতে ঘটে এই ঘটনাটো ৷ জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৭.৪০ বজাত দুয়োকে ৰখাই আক্ৰমণ কৰে ৰোজ আলী ওৰফে আছিক আলীয়ে ৷ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োকে ৷ গুৰুতৰভাৱে আহত হয় গঙ্গাপুৰ গাঁৱৰ পাঠক চুবুৰিৰ বাসিন্দা ঘনশ্যাম ডেকা আৰু জেউতি ডেকাৰ জীয়ৰী ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী ৷ ঘটনাস্থলীত উপস্থিত হয় মুকালমুৱা আৰক্ষীৰ দল ৷ প্রেম প্রত্যাখ্যানৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে । গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱতীগৰাকীয়ে আত্মীয়ৰ আগত প্রদান কৰিছে আক্ৰমণকাৰীৰ এই তথ্য । দুই যুৱকে চোকা অস্ত্ৰৰে ভয়ংকৰভাৱে চলাইছিল আক্রমণ । ঘটনাস্থলীত গুৰুতৰভাৱে আহত হোৱা মৃদুমুদ্ৰা ডেকাক ততালিকে নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ নিয়া হয় যদিও পিচত নিশা প্ৰায় ১২.৩০ বজাত উন্নত চিকিৎসাৰ বাবে ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, মৃদুমুদ্ৰা ডেকা বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল ৷ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ স্থায়ী সদস্য তথা বিহু সন্মিলনৰ নিষ্ঠাৱান কৰ্মী, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক, পশ্চিম নলবাৰী অঞ্চলৰ উদীয়মান যুৱক চামতাৰ ৰূপীয়াবাথান গাঁৱৰ ভকতপাৰা চুবুৰিৰ প্ৰাক্তন ছাত্ৰনেতা হৰি বৰ্মন আৰু দীপা বৰ্মনৰ একমাত্ৰ সন্তান ইডেন ভেলীৰ প্ৰাক্তন ছাত্ৰ মাধুৰ্য বৰ্মনে ভগ্নীক বচাবলৈ গৈ গঙ্গাপুৰত সংঘটিত উক্ত আক্ৰমণৰ ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ অসম চৰকাৰৰ প্ৰশাসনক ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ বিভিন্ন ব্যক্তি তথা দল-সংগঠনে দাবী জনোৱাৰ ঠিক পিচতেই ততালিকে গৃহ বিভাগৰ অধীনৰ নলবাৰী জিলা প্ৰশাসন দোষীক কৰায়ত্ত কৰিবলৈ তৎপৰ হৈ পৰে আৰু অসম আৰক্ষীৰ মুকালমুৱা থানাৰ দলে এনকাউণ্টাৰ কৰে হত্যাকাৰী ৰোজক ৷ উল্লেখ্য যে, দেহৰ কালাকুছি গাঁৱৰ ৰেজেক আলী আৰু মাজনী বেগমৰ পুত্ৰ ৰোজ আলী ওৰফে আছিক আলী মুকালমুৱাৰ সমীপৰ নিছলামাৰী চৰত আত্মগোপন কৰি থকা অৱস্থাতেই উক্ত এনকাউণ্টাৰ কৰে ৷ প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে ৰাইজে শলাগ লয় ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 1, 2026

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Telephone

Address


Nalbari