Assam.com
News & Informative Page. We are happy and try to give true news and information. This is a online ba
We collect a lot of information and share a correct news with you guys.
14/01/2025
আগন্তুক ১৬,১৭,১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰে গোভা দেওঁ ৰজাৰ ঐতিহাসিক জোনবিল মেলা ।
10/01/2025
জাননী: মহানগৰৰ প্ৰত্যেকখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি ।
03/01/2025
নগাঁৱত নাহৰফুটুকী বাঘৰ আতংক: প্ৰকৃত তথ্য জানি সত্যতাৰ প্ৰচাৰক হওক:
বিগত ১ জানুৱাৰী তাৰিখে নগাঁও জিলাৰ আমোলাপট্টিৰ এটি নিৰ্মীয়মান বাসভৱনত প্ৰতক্ষ্য হোৱা নাহৰফুটুকী বাঘটো পৰৱৰ্তী সময়ত পলায়ন কৰাৰ পাছৰেপৰা বৰ্তমানলৈকে বন বিভাগে নাহৰফুটুকীটোৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ফলস্বৰূপে জিলাখনত বাঘৰ আতংকয়ে বৰ্তমানলৈ বিৰাজ কৰি আছে।
বুধবাৰে বিয়লি ভাগৰে পৰা বন বিভাগৰ দলে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে। কিন্তু এইপৰ্যন্ত বাঘটোৰ অৱস্থিতি চিনাক্ত কৰিব পৰা হোৱা নাই।
👉🏻 জনসাধাৰণৰ বাবে নগাঁও পৌৰসভাৰ সতৰ্কবাণী:
নাহৰফুটুকীৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি, পৰবৰ্তীকালত পৌৰসভাই মাইকযোগে অনাগত দিনবোৰত প্ৰাতঃভ্ৰমণ নকৰিবলৈ আহ্বানও জনাইছে।
সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰৰ বিৰোধিতা কৰক:
কিছু দুষ্ট চক্ৰয়ে ইন্টাৰনেটৰ পৰা ডাউনলোড কৰা ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি জিলাৰ বিভিন্ন স্থানত বাঘটো দেখা পোৱাৰ ভুৱা খবৰ প্ৰসাৰণ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
⛔ ভুৱা তথ্যৰ পৰা দূৰত থাকক:
আপোনালোকক অনুৰোধ জনোৱা হৈছে যেন ভুৱা খবৰ বিশ্বাস নকৰি কোনো প্ৰমাণিত তথ্যৰ অবিহনে সামাজিক মাধ্যমত যিকোনো অসত্য কৰা প্ৰচাৰ নকৰিব।
🖇 ভিডিঅ’ লিংক: উৰা বাতৰি তথা ভুৱা খবৰ সন্দর্ভত প্রচাৰ হোৱা সম্পূৰ্ণ ভিডিঅ’ৰ লিংক তলত সংযুক্ত কৰা হৈছে।
১. https://www.instagram.com/reel/DEPhlczyFiP/?igsh=ZWIyODd2eGFtM2k4
২. https://youtube.com/shorts/ijiSZKP1U34?si=amnGLcaSV2tyxQzX
৩. https://x.com/knskashmir/status/1779042253811630558?s=46
৪. https://www.bhaskar.com/local/uttar-pradesh/amroha/hasanpur/news/farmer-saw-leopard-late-night-in-hasanpur-forest-video-131837855.html
৫. https://youtu.be/k0bRUmCEJ7o?si=4VV3sV4jIsyYkLtR
আমাৰ নাগৰিক সকলক একেলগে সচেতনতা সৃষ্টি কৰি অপপ্ৰচাৰৰ বিৰোধিতা কৰি সমাজত শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
Nagaon District Administration
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Address
Nagaon
782001