AMAN GLAM SHOP
Digital Creators
27/08/2024
27/04/2024
15/08/2023
77th Independence Day Celebration
জুৰীয়াত জুম্মাৰ নামাজ পঢ়িবলৈ লাখ লাখ মানুহৰ সমাগম
Aman Glam Shop
https://myshopprime.com/eppadul.islam1/mpwksd2
All kinds of Garments, tools etc.
Please visit above link
My Shop Prime MyShopPrime - Great products, Premium quality, Low prices
সদৌ অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী সকলে বিভাগক কৰ্মচাৰী সকলৰ কেইটামান সুবিধা প্ৰদান কৰাৰ অৰ্থে ১ ফেব্ৰুৱাৰী পৰা কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট পালন কৰি আহিছে। হয়তো যদি কৃপা দৃষ্টিৰে বিভাগে এই সমূহ দিবলৈ চেষ্টা নকৰে তেনেহলে অনিৰ্দিষ্টভাবে এই কৰ্মবিৰতি চলিব। এই কৰ্মচাৰী সকলৰ মাজত আছে AE, GPC, GRS, AA, CA, DPM, ADPM, BPM আদি কৰি। সদৌ অসমত এনেদৰে কৰ্মৰত মুঠ কৰ্মচাৰী সংখ্যা প্ৰায় ৮ সহস্ৰাধিক। কিছু সংখ্যক কৰ্মচাৰী বিভিন্ন কামৰ বোজা লৈ লৈ এই সংসাৰৰ পৰা ইতিমধ্যে বিদায় লৈছে সেই সকল পৰিয়াললৈ বিভাগে কৃপাদৃষ্টি নিক্ষেপ কৰিছেনে কি কৰিছে কেনেকৈ চলিছে পৰিয়ালকেইটা নাই তাৰ প্ৰতি কাৰো ভ্ৰক্ষেপ নাই বিভাগৰ। এতিয়াও প্ৰায় সংখ্যক কৰ্মচাৰীৰ বয়স ৪০/৫০ উৰ্ধৰ তথাপি আশা চাকৰিতো নিশ্চয় এদিন হব, চৰকাৰে চাব । এতিয়াও কিন্তু বিভাগে এই সকলক খুব কম পাৰিতোষিক প্ৰদান কৰি আহিছে সকলো কাম কৰাই। যি সময়ত একেই কৰ্মচাৰীক ভাৰতৰ অন্য ৰাজ্যই ৰেগুলাৰ কৰ্মচাৰীৰ দৰেই সকলো সুবিধা প্ৰদান কৰি আহিছে যাৰ ভিতৰত মণিপুৰ, জম্মু, হিমাচল আদি অন্যান্য । এই সকল অসমৰ কৰ্মচাৰীক বিভিন্ন কামৰ বুজা প্ৰদান কৰি- MGNREGA, NSAP, PMAYG, 14th/15thFinance, State Finance কে ধৰি অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ কামৰ উপৰিও Covid ৰ সময়ত কৰ্তব্য পালন কৰা , Electionৰ সময়ত পোলিং বিষয়া কৰ্মচাৰী হিচাবে পালন কৰা কৰ্তব্য আদিকে ধৰি প্ৰতিটো Audit ৰ হিচাব তন্ন তন্ন কৈ দিব লাগে তথা ইটো কামৰ ওপৰত অন্য এটা কামৰ বুজা ও জাপি দিয়া হয় বিভিন্ন সময়ত। কিছু ব্যক্তিয়ে অতিৰিক্ত কামৰ বোজা লৈও কাম কৰিব লগা হয় । বিভাগক মাথো কামৰ অগ্ৰগতি লাগে কৰ্মচাৰীয়ে কেনেকৈ কাম কৰিছে কিমান দুখত ঘৰ সংসাৰ চলাইছে তাৰ প্ৰতি কিন্তু গুৰুত্ব নাই , এই সকল কৰ্মচাৰীয়ে আজি বেংকৰ পৰা লোণ এটা নেপাই PF সুবিধা নাই বাবে । সপ্তাহিক ৰিপৰ্ট লাগে বুলি কলে লগালগ লাগেই, ১০ বজাৰ পৰা ৫ বজালৈকে হব লাগে কাৰ্য্যলয়ৰ কাম, সময় নাই অসময় নাই ৰাতি ৯/১০ বজাটো আহিব কামৰ নটিফিকেচন । গ্ৰাম্যাঞ্চলৰ সহজ সৰল জনগণৰ সৈতে মিলি কাম কৰা আনন্দই সুকীয়া কিন্তু কি কব পুৱা আৰু গধূলি ( কাৰ্য্যলয়ৰ পৰা গৈ ঘৰ সোমোৱাৰ পিছত) গা ধুবলৈ, খাবলৈ সময় নাই ফোন Call ৰ উপৰি ফোন Call বিভিন্ন কথা জানিবলৈ, কবলৈ আৰু কাৰ্য্যলয়টো একেই একেটা কথাকে তিনি-চাৰিবাৰ সুধিব আমিও গ্ৰাম্যাঞ্চলৰ সহজ সৰল মানুহ একো নাজানে বাবে খঙ উঠিলেও নিজকে ধৈৰ্য্য ধৰি কওঁ বুজাই বঢ়াই কব লগীয়া হয় নজনা বাবে হে সুধিছে জনা হলে হয়তো নুসুধিলে হয় । এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়েই গ্ৰাম্যঞ্চলৰ উন্নয়নৰ কামত আগভাগ লোৱা কৰ্মচাৰী ন্যায্য প্ৰাপ্তিৰ দাবীত আজি কৰ্মবিৰতিৰে অৱস্থান ধৰ্মঘট কৰিছে অনিৰ্দিষ্ট কাললৈ । বিভাগে মন কৰা উচিত সদৌ অসমৰ গাঁও পঞ্চায়তৰ সভাপতি সন্থা, সচিব সন্থা, আঞ্চলিক পঞ্চায়ত সন্থা ও বিজেপি জিলা পৰিষদ সমিতিকে ধৰি বিভিন্ন সংস্থায়ে আমাক আমাৰ কামৰ দুখ-কষ্ট সমূহ দেখিশুনি আমাৰ দাবী সমূহ পূৰণ কৰিবলৈ সমৰ্থন আগবঢ়াইছে , কিন্তু বিভাগৰ একো প্ৰতিক্ৰিয়া নাই, দুই তিনিবাৰ আলোচনালৈ নিমন্ত্ৰণ জনাই ও নিৰাশ কৰিছে । সেইয়ে বিভাগৰ আয়ুক্ত মহোদয় আৰু আমাৰ সন্মানীয় সকলোৰে প্রিয় বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগতে আমাৰ সুদক্ষ আৰু অভিজ্ঞতাৰে সম্বলিত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ আশা এই সকল সদৌ অসমৰ পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
Moirabari
Morigaon
782126