Rajdeep Raj

Rajdeep Raj

Share

Video creator Jobs

Photos 29/03/2017

ফেচবুকৰ কমেণ্টবক্সৰ পৰা ইনবক্স'লৈ,

ইনবক্সৰ পৰা হোৱাটছ এপ'লৈ ।

হোৱাটছ এপৰ পৰা ডাইৰেক্ট মোৰ হৃদয়ৰ পদূলিলৈ !!!
এনেকৈয়ে - তুমি এখোজ-দুখোজ কৰি মোৰ বুকুলৈ আহিছা ,
গোপনে গোপনে , অজানিতে !!!

তোমাৰ মোৰ অজ্ঞাতেই হয়টো আমি দুয়ো
গৈ আছোঁ , কোনোবা সপোনৰ দেশলৈ !!
তোমাৰ এটি মেছেজত মোৰ সপোনবোৰ জী উঠে ! আৰু
মোৰ মেছেজত তোমাৰ !!!
আমি সপোনবোৰ ভগাই লৈছো , দুয়োৰে মাজত !!! আৰু
এনেকৈয়ে
মৰমৰ বান্ধোনত আবদ্ধ হৈ পৰিছো দুয়ো ,
গোপনে , অজানিতে !!!

@ৰাজদীপ ৰাজ ।

Photos 03/02/2017

#সচাঁ প্ৰেমিক.........

সচাঁ প্ৰেমিক আমিবোৰ আচলতে বুৰ্বক ।
ভালপোৱা গৰাকীকে জীৱনৰ সৰ্বস্ব বুলি ভাবি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাইৰ লগতে লাগি থাকো , তাইক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ । তাইৰ ভাললগা ধৰণেই কামবোৰ কৰি যাওঁ ।
তথাপিও ভালপোৱাৰ খেলখনত আমি সচাঁ প্ৰেমিকবোৰ এদিন ৰান-আউট হৈ যাওঁ ।
আমাৰ বুকুৰ সীমাহীন মৰম-ভালপোৱাবোৰ নেওচি সিহঁত আন কাৰোবাৰ বুকুৰ আপোন হৈ পৰে ।
বুকুৰ কাৰেং ভাঙি কলিজাত আঘাত হানি সিহঁত আতৰি যায় আমাৰ পৰা ।
আতৰি যোৱাৰ লগতে সিহঁতে আকৌ আমাৰ দৰে সচাঁ প্ৰেমিকবোৰক বিষাদ নামৰ কিবা এবিধ ফ্ৰীতে দি যায় ।
আৰু তেতিয়া আমাৰ জীৱনটো স্তব্ধ হৈ পৰে । ভালপোৱাৰ স্মৃতিবোৰে টেটুচেপা দিব খোজে ।
বিশৃংখলহৈ পৰে জীৱনটো ।
ডায়েৰীখনো অচলহৈ টেবুলৰ কোনোবা এটা কোণত পৰি ৰয় । সচাঁ প্ৰেমিক হবলৈ গৈ আমিবোৰে নিজেই নিজৰ সুখী জীৱনটো নষ্ট কৰি দিওঁ ।
অৱশেষত আমি সচাঁ প্ৰেমিকবোৰ হৈ পৰো কোনোৱা ৱাইন চ'পৰ ৰেগুলাৰ কাষ্ট'মাৰ ।

আচলতে আমি সচাঁ প্ৰেমিকবোৰ বুৰ্বক !
ভালপোৱা গৰাকীকে জীৱনৰ সৰ্বস্ব বুলি ভাবো ।

@ৰাজদীপ ৰাজ ।

Want your business to be the top-listed Media Company in Jorhat?
Click here to claim your Sponsored Listing.

Category

Website

Address


Jorhat