Manash Protim Bhuyan
এতিয়া মাথোঁ যুঁজৰ সময়।।
30/04/2024
অকলশৰীয়া অবস্থাত Heart attack হ'লে কি কৰিব ?
মাত্ৰ ভাবি লওঁক যে সন্ধিয়া ৭:২৫ বাজিছে আৰু আপুনি অকলে ঘৰলৈ গৈ আছে।
এনে অৱস্থাত হঠাৎ বুকুত অত্যন্ত বিষ অনুভৱ হয়।
আপুনি আপোনাৰ ঘৰৰ পৰা ওচৰৰ চিকিৎসালয়ৰ পৰা ৫ মাইল দূৰত আছে আৰু দুৰ্ভাগ্যজনকভাৱে আপুনি তাত উপনীত হ'ব পাৰিব নে নোৱাৰে সেই বিষয়ে নিশ্চিত নহয়।
আপুনি CPR (CPR : Cardio Pulmonary Resuscitation) ৰ প্ৰশিক্ষণ লৈছে কিন্তু তাতো আপোনাক ইয়াক নিজৰ ওপৰত কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকোৱা হোৱা নাছিল।
এনে পৰিস্থিতিত হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ এই ব্যৱস্থাসমূহ চেষ্টা কৰক: -
কাৰণ হাৰ্ট এটেকৰ সময়ত বেছিভাগ মানুহেই অকলে থাকে
কোনো সহায় নোহোৱাকৈ তেওঁৰ উশাহ লোৱাত অসুবিধা হয়।
তেওঁলোক অজ্ঞান হ'বলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ হাতত খুব বেছি ১০ ছেকেণ্ড সময় থাকে।
এনে অৱস্থাত ভুক্তভোগীয়ে জোৰেৰে কাহ মাৰি মাৰি নিজকে স্বাভাৱিক কৰি ৰাখিব পাৰে।
প্ৰতিটো কাহ জোৰকৈ মাৰিব লাগে আৰু কাহ ইমানেই প্ৰবল হ’ব লাগে যে মুখৰ পৰা থু ওলায়।
সহায় নহালৈকে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব লাগে যাতে হৃদস্পন্দন স্বাভাৱিক হয়।
জোৰকৈ মৰা উশাহ-নিশাহৰ ফলত হাওঁফাওঁত অক্সিজেন উৎপন্ন হয় আৰু জোৰদাৰ কাহৰ বাবে হৃদযন্ত্ৰ সংকোচিত হয় যাৰ ফলত তেজৰ সঞ্চালন নিয়মিতভাৱে চলি থাকে।
যথাসম্ভৱ সকলোকে এই বাৰ্তা প্ৰচাৰ কৰক।
এজন হৃদযন্ত্ৰৰ চিকিৎসকে আনকি কৈছিল যে যদি প্ৰতিজন ব্যক্তিয়ে ১০ জনলৈ এই বাৰ্তা প্ৰেৰণ কৰে তেন্তে এটা জীৱন ৰক্ষা কৰিব পাৰি।
আপোনালোক সকলোকে অনুৰোধ জনালোঁ যে কৌতুক পঠোৱাৰ পৰিৱৰ্তে এই বাৰ্তাটো সকলোলৈ প্ৰেৰণ কৰক যাতে মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায়।
যদি বাৰে বাৰে এই বাৰ্তাটো পায়, তেন্তে বিচলিত হোৱাৰ পৰিৱৰ্তে আপুনি আনন্দিত হোৱা উচিত যে হাৰ্ট এটেকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ক'বলৈ বহুত মানুহ আছে।
!! ধন্যবাদ !!__|| ফেইচবুক সংগ্ৰহ ||
26/12/2023
শূদ্ৰই বাকী তিনিজাতৰ সেৱা কৰিবলৈ হেনো জন্ম লৈছে৷ সংবিধানৰ প্ৰতি আনুগত্য থকা সকলোৱে এই কথাক ধিক্কাৰ দিয়া উচিত৷ আৰু এই ধৰণৰ মান্ধাতাযুগীয়া বৰ্ণবাদী কথা প্ৰচাৰ কৰোঁতাজন আচলতে লজ্জিত হোৱা উচিত৷
"ৰঙাটাপু" অপেক্ষাকৃতভাৱে ৰৈ আছো।
19/11/2023
এইটো কাৰণেই এইমখাক ভাল লাগে 😇
31/10/2023
এইখনও এখন চিনেমা আছিল !
Boys Can Spend Days With Talking To Mom In The Kitchen 🖤✨
07/09/2023
চৰকাৰে বা বিদ্যুৎ বিভাগে ইচ্ছুক বিদ্যুতৰ উপভোক্তা সকলক কমেও ২ কিলোৱাটৰ "অনগ্ৰীড চ'লাৰ চিষ্টেম" স্থাপন কৰিবলৈ সূদবিহীন ঋণ মঞ্জুৰ কৰিব লাগে।
ইয়াৰ ফলত চৰকাৰৰো বিদ্যুতৰ ঘাটি পূৰন হ'ৱ আৰু উপভোক্তা সকলৰো বিদ্যুতৰ বিল কম হ'ব লগতে ৰাজ্যখন বিদ্যুৎ উৎপাদনতো স্বাৱলম্বী হোৱাৰ সম্ভাৱনা থাকিব।
নজনা সকলে অনুগ্ৰহ কৰি on-grid or grid-tied solar system ৰ বিষয়ে গুগলত বিচাৰি পঢ়ি চাব পাৰে।
abdul aziz choudhury
07/08/2023
stopncii.org 🔥
ড০ হীৰেন গোহাঁইক গালি পৰাটো সহজ; একাংশ ভাৰতমাতাৰ ভক্ত, ওঁঠ টিপিলে গাখীৰ ওলোৱা যুৱকৰ ফেচবুকত আপডেট হোৱা মন্তব্য পঢ়ি হাঁহি উঠে। আপোনালোকে ড০ গোহাঁইৰ ‘উত্তৰণৰ সাধনা’, ‘সৃষ্টি আৰু যুক্তি’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্যৰ সত্য’, ‘ভাবীকালৰ খনিকৰ’ আদি গ্রন্থ পঢ়ক। সকলোবোৰ গুণ থকাৰ পাছতো কিন্তু তেওঁ যুদ্ধংদেহী, অকলশৰীয়া। সোঁতৰ বিপৰীতে সাহসেৰে থিয় হৈ মানুহক সম্ভাব্য বিপদ সম্পর্কে সতর্ক কৰি দিয়া স্বভাৱটোৰ বাবেই তেওঁক নলিনীধৰ ভট্টাচাৰ্যই ‘অসমৰ বিৱেক’ আখ্যা দিছিল। অহৰহ নির্ভীক আৰু স্পষ্ট কণ্ঠৰে তেওঁ প্রতিবাদ কৰি আহিছে অন্যায়, শোষণ, দুর্নীতি, ভণ্ডামি, সন্ত্ৰাস আৰু সাম্প্রদায়িকতাৰ বিৰুদ্ধে। তেওঁৰ দৰে এনে সাহস খুব কম অসমীয়াৰেহে আছে। জাতীয় জীৱনৰ সংঘাতৰ সময়ত তেওঁ কাকো ৰেহাই দিয়া নাই; কাকো ঘৃণাও কৰা নাই। ইয়াৰ মাজত কিন্তু তেওঁৰ কোনো ‘সুবিধাবাদ’ নাই। বিগত চাৰিটা দশক ধৰি লুইতৰ পাৰ জিলিকোৱা বিশ্ববিদ্যালয়খনৰ বহু পণ্ডিত ছাত্র ড০ গোহাঁইক গালি পাৰিয়েই বিখ্যাত হল। এৰাতিৰ ভিতৰত পৰীক্ষাৰ নম্বৰৰ তুলনাত তাহানিৰ ড০ গোহাঁই তৃণসদৃশ। আচৰিত কথা এইটোৱেই যে অৰ্ধশতিকা ধৰি অসমে দ্বিতীয়জন ড০ হীৰেন গোহাঁইক জন্ম দিব পৰা নাই। শেহতীয়া ৰাজনৈতিক আৰু জাতীয় বিতর্কসমূহে তেওঁক জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ লগতে ঠাই দিয়ে। শ্রমিক-কৃষক আৰু মেহনতী ৰাইজৰ মাজত তেওঁ এক চিনাকি নাম; এক বিপ্লৱী কণ্ঠ। এনে স্বীকৃতিৰ বাৰে তেওঁ কোটি টকা খৰচ কৰি মিথ্যাচাৰৰ আশ্ৰয় লৈ নির্বাচন খেলিবলগীয়া হোৱা নাই। দিল্লী-দিছপুৰৰ চকী এদিন ভাঙিব, ড০ গোহাঁইৰ কলম কেম্ব্ৰিজতো চলিব।
23/06/2023
দেউতাক চহৰলৈ আহিছে নিজৰ লৰাক লগ কৰিবলৈ,গৈ দেখিলে ,লৰাৰ লগত এজনী বৰ ধুনীয়া
ছোৱালীওঁ আছে..!ৰাতি ডিনাৰ টেবুলত তিনিজন মানুহ একেলগে বহোতে দেউতাকে সুধিলে……
দেউতা=তোমাৰ লগত এই ছোৱালীজনী কোন
হয়…?
লৰা=দেউতা,মোৰ ৰুমৰ পাৰ্টনাৰ,মোৰ লগতে
থাকে,মই জানো তুমি ইয়াৰ বিষয়ে কি
ভাবিছা!কিন্তু মোৰ লগত একো সম্পর্ক নাই…।
আমাৰ দুয়োৰে ৰুম বেলেগ,বিচনা বেলেগ…।
আমি কেৱল বহুত ভাল বন্ধুহে…।
দেউতা=ঠিক আছে..!
পিছদিনা দেউতাক গাঁৱলৈ গ'ল..
এসপ্তাহৰ পিছত….!
ছোৱালীজনীয়ে ল'ৰাটোক কলে--
ছোৱালী=শুনাচোন,যোৱা দেওঁবাৰে তোমাৰ
দেউতাই ডিনাৰ কৰা প্লেটখন বিচাৰি পোৱা
নাই,মোৰ সন্দেহ,তোমাৰ দেউতাই লৈ গৈছে।
ল'ৰা=(খং উঠিল ) মনে মনে থাকা..কি হে মোৰ
দেউতাক চোৰ বুলি ভাবিছা নেকি……?
ছোৱালী=নহয়…।কিন্তু তুমি এবাৰ তোমাৰ দেউতাক
সৃুধা,সুধি চোৱাত আপত্তি কি……?
ল'ৰা=[ঠিক আছে,মই সুধিম বাৰু….!
পিছদিনা লৰাজনে দেউতাকলৈ ইমেইল পঠালে.. ইয়াত লিখা আছে=====
মই এইটো কোৱা নাই যে তুমি আমাৰ প্লেটখন চুৰ কৰিছা,অথবা এইটোওঁ কোৱা নাই যে তুমি
প্লেটখন লোৱা নাই,মই ক'ব খুজিছোঁ,যদি তুমি
ভুলবশতঃ প্লেটখন লৈ গৈছা,তেন্তে ঘূৰাই দিয়া কাৰণ এইখন তাইৰ প্রিয় প্লেট……।
ইতি,
তোমাৰ পুত্ৰ...
এঘণ্টাৰ পিছত দেউতাৰ উত্তৰ===
মই কোৱা নাই যে তোমাৰ ৰুমৰ পাৰ্টনাৰ ৰাতি তোমাৰ লগত শুৱে আৰু এইটো কোৱা নাই যে ছোৱালীজনীয়ে তোমাৰ লগত ৰাতি নুশুৱে…। কিন্তু তাই যদি সপ্তাহত এবাৰ নিজৰ ৰুমত, নিজৰ বিচনাত শুবলৈ গল হয় , তেতিয়া তাইৰ প্লেটখন গাৰুৰ তলতে পালে হয় l কাৰন প্লেটখন মই তাইৰ গাৰুৰ তলতে লুকুৱাই থৈ আহিছিলো l
ইতি
তোমাৰ দেউতা..!
12/06/2023
প্ৰতিদিনে বাঢ়ি অহা পেটটো কঢ়িয়াই লৈ ফুৰা কষ্টকৰ হৈছিল যদিও মাতৃত্বৰ অনুভৱে তাইক সাহস দি আহিছে এইখিনি কষ্ট সহিবলৈ, অৱশেষত তাইৰ সেই বিশেষ সময়খিনি আহিল।গধুৰ শৰীৰটো কঢ়িয়াই আগবাঢ়িছে তাইৰ নির্দিষ্ট লক্ষ্যস্থানলৈ.....কিন্তু এয়া কি এজাক হিংস্ৰ পশুৱে তাইক ঘেৰি ধৰিছে,তাই চটফটাই উঠিছে, গগণফালি চিঁয়ৰিছে,নাই সিহঁতে শুনা নাই,তাই মৰণপন যুজঁ দিছে পৰা নাই......আঃ.....একেলগে বহুপাত চোকা চুৰি সোমাই গৈছে তাইৰ দেহৰ কেঁচা তেজ ছিটিকাই। তাইৰ উশাস চুটি হৈ আহিছে..... গোটেইকেইজন পশুৱে তাইক চোঁচৰাই নি আচাৰি দিছে। কোনোৱে তাইৰ গাল বুকু জৰায়ু চুই চাইছে। পেটত হাত ফুৰাই জিভাৰ পানী পেলাইছে। পেটৰ ফালি যোৱা অংশৰে ওলাই অহা সন্তানৰ অংশ চুই চাই হাঁহিছে। চাৰিওফালে ক্ৰমশঃ অন্ধকাৰ হৈ আহিছে। চকু নিজৰ লগতে সন্তানৰ নিশ্চিত মৃত্যুৰ কথা ভাবি তেজৰঙা হৈ জিলিকিছে.....। তাইৰ চকুত প্ৰশ্ন এটা যেন ৰৈ আছিল। গৰ্ভাৱস্থাত তাইক মৃত্যুমুখলৈ ঠেলি দিয়া এই মানুহ নামৰ প্ৰাণীবিধে নিজৰ বেলিকা ও একেই কৰিবনে.....?
বি:দ্ৰ:- 1 এপ্ৰিলৰ পৰা 15 জুলাই লৈ প্ৰাকৃতিক জলৰাশিত মাছ চিকাৰ কৰাটো আইনমতে অপৰাধ।
ফোটো: সংগ্ৰহ
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Jorhat