Bitupon Doley

Bitupon Doley

Share

ৰাজ্যিক সম্পাদক, ভাৰতীয় জনতা পাৰ্টি ।। অসম প্ৰদেশ ।

23/05/2026

Bharatiya Janata Party (BJP) ৰ শ্ৰদ্ধেয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনাৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বৰ ফলশ্ৰুতিতেই আমাৰ দলে আজি এক অভিনৱ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত দিনবোৰতো যাতে আপুনি নিৰৱচ্ছিন্নভাৱে ৰাইজৰ সেৱা কৰি যাব পাৰে, তাৰ বাবে মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।

Heartfelt birthday wishes to the Honorable National President of the Bharatiya Janata Party (BJP), Shri Nitin Nabin ji . It is a result of your strong and visionary leadership that our party has been able to reach new heights today. I pray at the feet of Maa Kamakhya that you may continue to serve the people continuously in the days to come. May God bless you with good health and a long life.

Photos from Bitupon Doley's post 23/05/2026

ৰাতিপুৱাই এক মৰ্মান্তিক দুৰ্ঘটনাৰ বাৰ্তা পাই মৰ্মাহত হৈ পৰিছো।

গুৱাহাটীৰ পৰা মাজুলী অভিমুখী AR-01 W- 1144 নম্বৰৰ যাত্ৰা নৈশ বাছখন লখিমপুৰৰ নাওবৈচাত দুৰ্ঘটনাত পতিত হোৱা খবৰটোৱে ব‍্যথিত কৰিছে ।

মাজুলীৰ এগৰাকী যুৱ ব‍্যৱসায়ী দিপজ‍্যোতি বৰা দুৰ্ঘটনাটোত মৃত‍্যু হোৱা বুলি জানি যথেষ্ট দুখ পাইছোঁ । তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো লগতে
সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সকলক দ্ৰুত আৰোগ‍্য কামনা কৰিছোঁ ।

22/05/2026

মাজুলীৰ লাচন চাপৰিৰ 'বাল্য চৰা'ত এভুমুকি! মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় আৰু শৈক্ষিক সামগ্ৰী বিতৰণ কৰি এক অনাবিল আনন্দ লাভ কৰিলোঁ। শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ এই সময়োপযোগী প্ৰচেষ্টাক আন্তৰিক শলাগ লৈছোঁ। শিশুসকলৰ এই নিৰ্মল হাঁহিয়েই আমাৰ সুন্দৰ অসমৰ ভৱিষ্যত!

Photos from Bitupon Doley's post 22/05/2026

আজি মাজুলী নয়াবজাৰ ৰতনপুৰ গাঁৱৰ নিবাসী জুৱেল পেগুক সাক্ষাৎ কৰি বাৰুকৈয়ে আপ্লুত হ'লোঁ।

জাৰ্ছী গাই পালনৰ জৰিয়তে তেওঁ যিদৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে, সেয়া আমাৰ প্ৰতিগৰাকী যুৱ-প্ৰজন্মৰ বাবে এক ডাঙৰ আদৰ্শ। ​'আত্মনিৰ্ভৰ অসম' গঢ়াৰ আমাৰ যি সপোন, তাক বাস্তৱায়িত কৰাত জুৱেল পেগুৰ দৰে উদ্যমী ব্যক্তিৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু সমাজৰ আন দহজনৰ বাবে অনুকৰণীয়।

​চৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি নিজৰ কৰ্মস্পৃহাৰে সমাজত প্ৰতিষ্ঠা লাভ কৰা জুৱেল পেগু সঁচাকৈয়ে আমাৰ গৌৰৱ। তেখেতৰ পৰৱৰ্তী যাত্ৰা শুভ হওক, তাৰেই কামনা কৰিলোঁ।

Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
BJP Assam Pradesh

Photos from Bitupon Doley's post 22/05/2026

আজি আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীৰ লাচন চাপৰিত গঢ় লৈ উঠা 'বাল্য চৰা' ত উপস্থিত হৈ এক অনাবিল আনন্দ লাভ কৰিলোঁ।

​অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সহধৰ্মিনী তথা Pride East Entertainment Pvt. Ltd. ৰ পৰিচালন সঞ্চালিকা শ্ৰীমতী Riniki Bhuyan Sharma ডাঙৰীয়ানীৰ সবল নেতৃত্ব আৰু বিশেষ তত্বাৱধানত এই সুন্দৰ আৰু সময়োপযোগী প্ৰকল্পটি গঢ় লৈ উঠিছে।

​আজিৰ এই ভ্ৰমণকালত অনুষ্ঠানটিৰ সামগ্ৰিক বুজ লোৱাৰ লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ পাওঁ। লগতে তেওঁলোকৰ মাজত কিছু শৈক্ষিক সামগ্ৰী (বহী আৰু কলম) বিতৰণ কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

শিশুসকলৰ এই নিৰ্মল হাঁহি আৰু শিক্ষাৰ প্ৰতি থকা আগ্ৰহেই আমাৰ এখন সুন্দৰ আৰু সৱল অসমৰ ইংগিত বহন কৰিছে। এনে এক মহৎ প্ৰচেষ্টাৰ বাবে শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়ানীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from Bitupon Doley's post 21/05/2026

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰাক্তন অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক, মাজুলীৰ বিশিষ্ট ব্যক্তি তথা মোৰ পৰম শ্ৰদ্ধেয় মামা ড০ বিশ্বেশ্বৰ পেগু ডাঙৰীয়াৰ সৈতে আজি এক আন্তৰিক মত-বিনিময় কৰোঁ।
তেখেতৰ সৰলতা আৰু অভিজ্ঞতাৰ পৰা লাভ কৰা পৰামৰ্শসমূহ মোৰ বাবে অতি মূল্যবান। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

21/05/2026

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস ( Ranjeet Kumar Dass ) ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
​ আপোনাৰ সুদক্ষ নেতৃত্ব আৰু সুদীৰ্ঘ অভিজ্ঞতাৰ জৰিয়তে বিধানসভাৰ গৰিমা তথা গণতান্ত্ৰিক মূল্যবোধে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিলোঁ ।

21/05/2026

16th ASSAM LEGISLATIVE ASSEMBLY FIRST SESSION, 21st May, 2026

21/05/2026

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে ৰাজ্যৰ চাহ শ্রমিক তথা চাহ উদ্যোগৰ সৈতে জড়িত সকলো ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Photos from Bitupon Doley's post 20/05/2026

আজি আমাৰ বাসগৃহত সদৌ অসম মটক ছাত্র সন্থা, শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত হৈ তেখেতসকলে আয়োজন কৰা আগন্তুক "২২৪ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস"ৰ পৱিত্ৰ অনুষ্ঠানলৈ মোক আনুষ্ঠানিকভাৱে সাদৰেৰে নিমন্ত্ৰণ জনায়।
আটাইতকৈ আনন্দ আৰু গৌৰৱৰ বিষয় যে, শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু মটক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে মোক "মোৱামৰীয়া গণ বিপ্লৱৰ মহান নেতা ৰজা ভৰত সিংহ বঁটা"প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এনে এক ঐতিহাসিক আৰু সন্মানীয় বঁটাৰ বাবে মোক যোগ্য বুলি বিবেচনা কৰাৰ বাবে সদৌ অসম মটক ছাত্র সন্থাৰ লগতে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। ৰাইজৰ মৰম আৰু আশীৰ্বাদেই মোৰ শক্তি। এই সন্মানে মোক ভৱিষ্যতেও সমাজ আৰু ৰাইজৰ হকে অধিক নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব।
সকলোলৈকে মোৰ আন্তৰিক সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from Himanta Biswa Sarma's post 20/05/2026

অসমী আইৰ বীৰ পুত্ৰ।।
ভগৱানে আৰু শক্তি দিয়ক।
Himanta Biswa Sarma

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Majuli
Guwahati