ATime

ATime

Share

ৰাইজৰ বাবে ৰাইজৰ সৈতে

02/06/2026

▶নলবাৰীৰ গংগাপুৰ কাণ্ডৰ মূল অভিযুক্তৰ জানাজা সম্পন্ন।

02/06/2026

▶নগাঁও জিলাৰ গড়াজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ সংবাদ মেল

02/06/2026

▶নগাঁৱৰ বাইপাছৰ নাৰীদেহ ব্যৱসায়ৰ অদ্ভুত কাহিনী!

02/06/2026

▶নগাঁও জিলাৰ দক্ষিণপাটত অৱস্থিত দন্ত চিকিৎসাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ডেকা দন্ত চিকিৎসালয়।

02/06/2026

▶নাজিৰা প্ৰেছ ক্লাৱৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক,নাট্যকাৰ,সাহিত্যিক নাজিৰাৰ জেষ্ঠ সাংবাদিক,সমাজসংগঠক,বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজ ৰাজখোৱা দেহাৱসান৷
▶নাজিৰাৰ দৈনিক জনমভূমি,আজিৰ অসম , অসমীয়া প্ৰতিদিন কাকতকে ধৰি একাধিক কাকত আলোচনীৰ সংবাদদাতা - প্ৰতিনিধি আছিল প্ৰয়াত সাংবাদিক অনুজ ৰাজখোৱা৷
▶দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত আছিল সাংবাদিক ৰাজখোৱা৷
▶মৃত্যুৰ সময়ত ৰাজখোৱাৰ বয়স আছিল প্ৰায় ৬৮বছৰ৷
মৃত্যুৰ সময়ত পত্নী সহ তিনিজন পুত্ৰ-বোৱাৰীক ইহসংসাৰত এৰি থৈ গৈছে ৰাজখোৱাই৷
▶গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকে মৃত ঘোষণা কৰে সাংবাদিক অনুজ ৰাজখোৱাক৷নাজিৰাৰ ন-মাটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু পিছলৈ গেলেকী ত্ৰিবেনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহাকাৰী শিক্ষকো আছিল ৰাজখোৱা৷

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ'ৰ্ট

01/06/2026

▶বিশ্বনাথৰ মহজুলি পথাৰ স্থিত মানাই টিউচন চেণ্টাৰৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন ।

01/06/2026

▶কাতিমাৰী গান্টত ঈদ উল জুহা উপলক্ষে খেল ধেমালি অনুষ্ঠিত ।

01/06/2026

▶মাজনিশা উদণ্ড যুৱকৰ অতপালি নগাঁৱৰ চহৰৰ ৰাজপথত
▶বাইকৰ বিকট শব্দ আৰু উদণ্ড যুৱক উন্মাদ চিঞৰত নিদ্ৰা হৰিল #নগঞাৰ

31/05/2026

▶বৰপেটাৰ জালকাৰাৰ ২৭ বছৰীয়া ছাদ্দাম আলী এক সপ্তাহ ধৰি নি*ৰু*দ্দে*শ।
▶কোনো সদাশয় ব্যক্তিয়ে স*ন্ধা*ন পালে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
▶যোগাযোগ নম্বৰ : 7896139729

31/05/2026

▶ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ প্ৰাক্তন সভাপতি ডাঃনৰেশ্বৰ দত্তৰ দেহাৱসান৷শোকস্তব্ধ তিনিচুকীয়া।
▶১৯৩৫ চনত ডিব্ৰুগড় জিলাৰ চাবুৱাত জন্মগ্ৰহণ কৰা ডাঃ নৰেশ্বৰ দত্ত আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰথম নিৰ্বাচিত সাধাৰণ সম্পাদক।
▶গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো এম বি বি এছ বেটছ্‌ৰ ছাত্ৰ আছিল তেখেত।প্ৰয়াত ডাঃ দত্ত আছিল একাধিক সামাজিক তথা সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত।
▶অসম সাহিত্য সভা,অল ইণ্ডিয়া অফথালম'লজিকেল ছ'চাইটি,ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন,অ' এছ এ আদি অনুষ্ঠানৰ তেখেত আছিল আজীৱন সদস্য ৷
▶একেৰাহে ৮ বছৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ তিনিচুকীয়া শাখাৰ সভাপতি আছিল ডাঃ দত্ত।দুটা কাৰ্যকালৰ বাবে আছিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ ৰাজ্যিক সভাপতি।
▶বিশিষ্ট চিকিৎসক গৰাকীৰ মৃত্যুত শোক স্তব্ধ তিনিচুকীয়া।

ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপ'ৰ্ট

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Address


Guwahati