Iconic Assam
জয় আই অসম Want to Make a clean and corruption free Goalpara
30/12/2025
Justice for Angel Chakma 💔
30/12/2025
১৩ নং পশ্চিম গোৱালপাৰা জনজাতীয় বিধানসভা সমষ্টিৰ লক্ষীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দেপালচং গাওঁৰ কেইবাগৰাকী জনজাতীয় লোক ২০০৫ চনৰ পৰা "D Voter" হৈ থকা লজ্জাজনক বিষয় লৈ যুৱ নেতা ধনজীৱ প্ৰসাদ ৰাভাৰ বিশেষ পদক্ষেপ ।
প্ৰয়োজন সাপেক্ষে সকলো প্ৰকাৰে সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে, যুৱ নেতা ধনজীৱ প্ৰসাদ ৰাভাই ।
১৩ নং পশ্চিম গোৱালপাৰা জনজাতীয় বিধানসভা সমষ্টিৰ অন্তৰ্গত "বালিজানা আঞ্চলিক বৰ্মন কছাৰী" ৰ উদ্যোগত দেউলিত আয়োজিত "বুদ্দাই -মেদাই বাৰায়(পূজা)" ৰ সংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে গোৱালপাৰা পৌৰসভাৰ পৌৰ আয়ুক্ত "ধনজীৱ প্ৰসাদ ৰাভা" ই ।
30/12/2025
অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নি সংযোগ দুষ্কৃতিকাৰীৰ ।
নতুন কৈ গছপুলি ৰোপণ কৰা এলেকাত অগ্নি সংযোগৰ ফলত ক্ষতিগ্ৰস্হ হয় মোলাই কাঠনিৰ বৃস্তীৰ্ণ অঞ্চলৰ লগতে জীৱন্তে অগ্নিদগ্ধ হয় বহু চৰাই চিৰিকতি ।
13/12/2025
অপ্ৰিয় সত্য...
আজি দিনৰ ১১'০০ বজাত বিজেপি জিলা কাৰ্যলয়ত, ভাৰতীয় জনতা পাৰ্টী গোৱালপাৰা জিলাৰ মিডিয়া বিভাগৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় ।
সভাত গোৱালপাৰা জিলাৰ সন্মানীয় সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া,গোৱালপাৰা জিলাৰ মিডিয়া বিভাগৰ আহ্বায়ক ধনজীৱ প্ৰসাদ ৰাভা ডাঙৰীয়া,প্ৰভাৰী প্ৰাঞ্জল কলিতা ডাঙৰীয়া, জিলা উপ-সভাপতি দিলীপ দাস আৰু পুৰন্দৰ ৰাভা ডাঙৰীয়া,জিলা মিডিয়া বিভাগৰ সহ:আহাব্বয়কদ্বয় সহ কেইবা গৰাকী সদস্য উপস্থিত থাকে...
আজি ভাৰতীয় জনতা পাৰ্টী,গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আগিয়াৰ বাপুপাৰাত স্হিত মদন মোহন সত্ৰৰ পেক্ষাগৃহত অনুষ্ঠিত হোৱা "১৩ নং পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি"ৰ BLA-2 ৰ কৰ্মশালাত বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় জিলা বিজেপিৰ মিডিয়া বিভাগৰ আহ্বায়ক তথা গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ BLA-1 তথা পৌৰআয়ুক্ত ধনজীৱ ৰাভাই ।
゚
03/12/2025
নিৰ্বাচন আয়োগে জাৰি কৰা ভোটাৰ তালিকাৰ Special Revision (SR) সম্পৰ্কে ভাৰতীয়_জনতা_পাৰ্টী,গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আগিয়া বাপুপাৰাৰ সত্ৰ প্ৰেক্ষাগৃহত "১৩ নং পশ্চিম গোৱালপাৰা সমষ্টিৰ" BLA-2 সকলক লৈ অনুষ্ঠিত এক কৰ্মশালা অনুষ্ঠিত হয় ।
কৰ্মশালাটোত বিজেপিৰ গোৱালপাৰা জিলাৰ সভাপতি দীপাঙ্ক কুমাৰ নাথ ডাঙৰীয়া আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ BLA-1 তথা জিলা মিডিয়া বিভাগৰ আহ্বায়ক তথা গোৱালপাৰা পৌৰসভাৰ পৌৰ আয়ুক্ত "ধনজীৱ_প্ৰসাদ_ৰাভা" উপস্হিত থাকি বক্তৃতা প্ৰদান কৰে ।
゚
24/10/2025
চি.চি.কি যে লজ্জাৰ বিষয় হৈ পৰিছে ।
মানুহ নে মানুহ ৰূপী শগুণ কবলৈ লাজ লগা হৈছে । এটা মাহে অতিক্ৰম কৰিব নোৱাৰিলে জুবিন দা'ৰ মৃত্যু ! লাগি গল শগুণৰ দৰে মৰা শ লৈ টনা-আজোৰা ।
দৰাচলতে, আপোনালোকে জুবিন দা"ৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে, নে জুবিন দা'ৰ অচিলা লৈ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কাম কৰিছে বুজিবলৈ টান হৈছে !
মই কোনো নিৰ্দিষ্ট এটা দলৰ কথা কোৱা নাই ! ৰাজনৈতিক দল, জাতীয়তাবাদী সংগঠন, নেতা-অভিনেতা, গায়ক-গায়ীকা, লেখক-লেখিকা,সাংবাদিক কোনো গুণে কোনো কম নহয় । লাগি পৰিছে সকলো নিজৰ নিজৰ ব্যৱসায় বিস্তাৰত । প্ৰকৃতাৰ্থত আপোনালোকে জুবিন দা'ৰ ন্যায় বিচাৰি অপৰাধীয়ে শাস্তি পোৱাটো বিচাৰিছে নে ?
মূল কথাটো হল, সঁচাকৈ অন্তৰ্কনে জুবিন দা'ক ভাল পাই প্ৰতিবাদ কৰা সকল কিন্তু, এই প্ৰতিবাদৰ পৰা বহুত দূৰত থাকি গল । কাৰণ তেওঁলোক নিস্বাৰ্থ ভাবে জুবিন দা'ক ভাল পায় । আৰু যি কোনো মূল্যৰ বিনিময়ত জুবিন দা'ৰ অপৰাধী বাচি যোৱাটো নিবিচাৰে । যাৰ বাবে তেওঁলোক এই ৰাজনৈতিক মেৰপাকৰ পৰা আঁতৰি থাকিল ।
প্ৰকৃত জুবিন অনুৰাগী নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি,ৰাজনীতিৰ উৰ্ধত গৈ জুবিন দা'ৰ আদৰ্শক মানি লৈ জুবিন দা'ৰ আদৰ্শক অনুকৰণ কৰি কাম কৰি যাব ।
বাকীবোৰ মানে "পলিটিকচ নকৰিবা বন্ধু"...
24/10/2025
জুবিনক্ষেত্ৰত নিয়মাৱলী জাৰি...
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Goalpara