PAMA

PAMA

Share

Information .. Only Information

10/06/2026
10/06/2026

আলোক ত্ৰিপাঠী

10/06/2026

#পদোন্নতি নালাগে, শিল-বালি আৰু কাঠ-মাটিভৰ্তি ট্ৰাকৰ পৰাহে লগে কমিচনে
#মুখ্যমন্ত্ৰীৰ দাবী অসমত বোলে ছিণ্ডিকেটেই নাই

10/06/2026

জিতেন্দ্ৰ শালৈ নামৰ লোকজনে আইন হাতত তুলি লৈ মানুহৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰি বাটৰ অনা-অসমীয়া দোকানী-বেপাৰীক দাবী-ধমক দি থকা ঘটনাক বেআইনী কাৰ্য বুলি তদন্তকাৰী আৰক্ষী বিষয়াজনে কৰা মন্তব্য আইনসংগত বুলি মানি ললো । তেওঁৰ মতে কোনোবা মানুহৰ ঘৰত সোমাই দাবী-ধমক দিয়াৰ অধিকাৰ নাই । এনে কাৰনতেই আৰ্য নগৰত আইন-শৃংখলাজনিত অপ্ৰীতিকৰ ঘটনা হবলৈ পালে বুলি তেওঁ বুজাব খুজিছে । কোনোবাই কৰবাত বেআইনী কাৰ্য চলাই আছে সেয়া প্ৰতিৰোধ কৰা বা আইনসংগত ব্যৱস্থা লোৱাৰ কাম নিশ্চয়কৈ আৰক্ষী বা জিলা প্ৰশাসনৰ । এতেকে পোনতে আৰক্ষীক গৈ অৱগত কৰিব লাগে বা গোচৰ দিব লাগে । আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন নকৰিলে ৰাইজে সামূহিকভাবে জনমত গঠন কৰিব পাৰে । সেই দায়িত্ব পালন নকৰাকৈ কোনোবাই ব্যক্তিগতভাবে যদি মানুহক দাবী-ধমক ; ভীতি-ভাবুকি দি থাকে সেয়া নিশ্চয়কৈ আইনগত অপৰাধ হিচাপেই গন্য হব । সেই অভিযোগ তুলি বহুতে এতিয়া শালৈ বোলাজনৰ বিৰুদ্ধে ধাৰাপাত লিখিছে । কিন্তু এনে পৰিবেশ সৃষ্টি হবলৈ পালে কেনেকৈ ? ইয়াৰ বাবে কি অকল তেওঁৱেই দায়ী ? আৰু ৰাজ্যত ব্যক্তিয়ে আইন হাতত তুলি লোৱাৰ দৃষ্টান্ত এয়াই কি প্ৰথম ? চৰকাৰ-প্ৰশাসন থাকোতে মিঞা খেদাৰ নামত উজনি অসমত দুই-চাৰিজন যুৱকে মিলিত হৈ ঘৰে ঘৰে সোমাই বা কৰ্মস্থানত গৈ ভয়-ভাবুকি দি থকাবোৰো আইন হাতত তুলি লোৱা আৰু ব্যক্তি স্বাধীনতা খৰ্ব কৰাৰ ঘটনাই নাছিলনে ? তেতিয়া এনে কাৰ্যৰ কিয় প্ৰতিবাদ হোৱা নাছিল ? সঘনাই ফেচবুকত সেইবোৰ ঘটনা প্ৰচাৰ হৈ থকাৰ পিচতো কিয় আৰক্ষী প্ৰশাসনে সেইসকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা নাছিল ? তাত গৈ কৰ্ম কৰি খোৱা বা আশ্ৰয় লৈ থকাসকল যদি অবৈধ নাগৰিক তেন্তে সেইসকলৰ ওপৰত ব্যৱস্থা লবলৈ আইন -কানুন আছে । তেনেস্থলত ব্যক্তিবিশেষে কেনেকৈ দাবী-ধমক দি থাকিব পাৰে ? এইবোৰ দেখি-শুনিয়েই শালৈ বোলাজনেও আন এচামৰ ক্ষেত্ৰত একেই কাম কৰিবলৈ আসৈ পোৱা নাছিলনে ? আইন যদি সকলোৰে বাবে সমান তেন্তে মিঞা-অনা অসমীয়া উভয়ৰ ক্ষেত্ৰত তেনে আচৰন কৰা লোকসকল শাস্তিৰ যোগ্য । কােনোবাই আইন হাতত তুলি ললে অপৰাধ আৰু আন কোনোবাই কৰিলে ৰেহাই দিয়া মানেই আইনৰ শাসনৰ অৱসান । চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ এনে দুৰ্বলতাৰ বাবেই ৰাজ্যত অৰাজক পৰিস্থিতি উদ্ভৱ হোৱাৰ মূল কাৰন ।
✍️ ললিত গগৈ

03/06/2026

হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত সোণতকৈ অধিক হাৰত বৃদ্ধি পাইছে মানৱ শৌচৰ মূল্য

01/06/2026

BREAKING NEWS: নলবাৰী ঘটনাৰ অভিযুক্ত ৰোজ আলীক আৰক্ষীৰ এনকাউণ্টাৰ

01/06/2026

শিৱসাগৰ

Photos from PAMA's post 01/06/2026

ভাইৰেল সৌন্দৰ্যৰ আঁৰত লুকাই থকা তিনিজন নিঃশব্দ নায়ক

আজিৰ তাৰিখত সামাজিক মাধ্যমত বহুল চৰ্চিত এক মনোমোহা দৃশ্য। শিৱসাগৰৰ মানকতা ৰোডৰ দুয়োকাষে শাৰী শাৰী ফুলি থকা কৃষ্ণচূড়া, ৰাধাচূড়া আৰু সোণাৰুৰে যেন সৃষ্টি কৰিছে এক ৰঙীন স্বৰ্গ। প্ৰতিদিনে অসংখ্য লোক ইয়ালৈ আহি ফটো তোলে, ৰিলছ বনায়, আৰু এই অপূৰ্ব সৌন্দৰ্যক সামাজিক মাধ্যমত বিয়পাই দিয়ে।

কিন্তু কেতিয়াবা ভাবিছেনে—এই সৌন্দৰ্যৰ বীজ কোনে ৰোপণ কৰিছিল?

আজিৰ এই ফুলেৰে জাতিষ্কাৰ পথছোৱাৰ আঁৰত আছে কেইজনমান দূৰদৰ্শী ব্যক্তিৰ সুদূৰপ্ৰসাৰী চিন্তা, নিষ্ঠা আৰু নীৰৱ পৰিশ্ৰম। দুখৰ বিষয় যে বহুতে এতিয়া এই কৃতিত্ব নিজৰ নামত ল’বলৈ চেষ্টা কৰিছে, কিন্তু প্ৰকৃত ইতিহাসটো হয়তো সকলোৱে নাজানে।

সময়টো ২০১৯ চন। সেই সময়ত শিৱসাগৰৰ পৰ্যটন তথ্য বিষয়া আছিল মাধৱ দাস। এদিন তেখেত, তেতিয়াৰ DFO বিদ্যুৎ বৰঠাকুৰ আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰুণ গোস্বামীয়ে এক সুন্দৰ পৰিকল্পনাৰ কথা ভাবিলে। লক্ষ্য আছিল—মানকতা পথটোক এনে এক সৌন্দৰ্যমণ্ডিত ৰূপ দিয়া, যি আগন্তুক দিনত শিৱসাগৰৰ এক বিশেষ পৰিচয় হৈ উঠিব।

সেই পৰিকল্পনাৰ বাস্তৱায়নত মাধৱ দাসে আগভাগ লৈ চিন্তাধাৰা আগবঢ়াইছিল। বন বিভাগৰ ফালৰ পৰা বিদ্যুৎ বৰঠাকুৰে যোগান ধৰিছিল গছপুলি, আৰু সেই পুলিবোৰ সুৰক্ষিতভাৱে ডাঙৰ হ’বলৈ অৰুণ গোস্বামীয়ে ব্যৱস্থা কৰিছিল বাঁহৰ গেৰা তথা আন প্ৰয়োজনীয় আন্তঃগাঁথনিৰ।

আজিৰ এই ৰঙীন দৃশ্য সেয়েহে আকস্মিকভাৱে সৃষ্টি হোৱা নহয়; ই হৈছে এক সুপৰিকল্পিত সপোনৰ বাস্তৱ ৰূপ।

কিন্তু ইয়াতেই শেষ নহয় এই কাহিনী।

গছ ৰোপণ কৰাটো যেনেকৈ গুৰুত্বপূৰ্ণ, তেনেকৈ গছবোৰক জীয়াই ৰখাটোও কম ডাঙৰ কাম নহয়। এই ক্ষেত্ৰত আৰু এজন ব্যক্তিৰ অৱদান বিশেষভাৱে স্মৰণীয়—প্ৰদীপ গগৈ।

প্ৰায় চাৰি বছৰ ধৰি তেওঁ নিজৰ দায়িত্ববোধ আৰু প্ৰকৃতি প্ৰেমৰ বলত এই গছপুলিবোৰৰ যত্ন লৈ আহিছিল। গৰু-মহে ভাঙি পেলোৱা বাঁহৰ গেৰা পুনৰ নিৰ্মাণ কৰা, পুলিবোৰৰ সুৰক্ষা আৰু পৰিচৰ্যা কৰা—এই সকলো কাম তেওঁ নীৰৱে কৰি গৈছিল। আজিৰ এই বিশাল ফুলেৰে ভৰা গছবোৰৰ আঁৰত তেওঁৰ অক্লান্ত শ্ৰমৰো এক বিশাল অংশ আছে।

আৰু হয়তো বহুতে নাজানে—প্ৰদীপ গগৈ এটা সময়ত সকলোৰে পৰিচিত যাদৱ পায়েং-ৰ সৈতে বন বিভাগত একেলগে কৰ্মৰত আছিল। প্ৰচাৰ-বিমুখ এইজন ব্যক্তিয়ে জীৱনৰ বহু সময় গছ-গছনিৰ সুৰক্ষা আৰু লালন-পালনত উচৰ্গা কৰিছে। তেওঁৰ দৰে ব্যক্তিসকলৰ অৱদানেই হয়তো আমাৰ সমাজত প্ৰকৃতি সংৰক্ষণৰ আশা জীয়াই ৰাখিছে।

আজিৰ দিনত যেতিয়া শ শ মানুহে মানকতা ৰোডৰ সৌন্দৰ্য উপভোগ কৰিছে, তেতিয়া এই তিনিজন দূৰদৰ্শী ব্যক্তিক—মাধৱ দাস, বিদ্যুৎ বৰঠাকুৰ, অৰুণ গোস্বামী—আৰু পৰৱৰ্তী সময়ত সেই সপোনক বাস্তৱ ৰূপ দিবলৈ অক্লান্তভাৱে কাম কৰা প্ৰদীপ গগৈক সশ্ৰদ্ধে স্মৰণ কৰাটো আমাৰ নৈতিক দায়িত্ব।

কাৰণ ইতিহাসে সদায় এটা কথাই কয়—

গছ ৰোপণ কৰা মানুহক সকলোৱে নেদেখে, কিন্তু তেওঁলোকৰ ৰোপণ কৰা ছাঁ আৰু সৌন্দৰ্য এদিন সমগ্ৰ সমাজে উপভোগ কৰে।
মানকতা ৰোডৰ এই ৰঙীন সৌন্দৰ্য কেৱল ফুলৰ নহয়, ই হৈছে কেইজনমান নিঃস্বাৰ্থ মানুহৰ সপোন, দৃষ্টিভংগী আৰু নীৰৱ সাধনাৰ এক জীৱন্ত স্মৃতিস্তম্ভ।

(Copy)Facebook..গৌতম হিৰা
Madhab Das

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Category

Address


Dispur
Gauhati
781028