Hashtag Axom
Follow Us Unbiased and Impartial News Content
21/01/2026
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা M.Sc. Physics–ত শীৰ্ষস্থান: সাগৰিকা দেৱীক Gold আৰু University Bronze Medal
গোৱালপাৰা জিলাৰ টিপলাই গাঁৱৰ কন্যা সাগৰিকা দেৱীয়ে শিক্ষাজগতত এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (Assam Science and Technology University)ৰ অধীনত ২০২২–২০২৪ শিক্ষাবৰ্ষৰ M.Sc. Physics পাঠ্যক্ৰমত তেওঁ শীৰ্ষস্থান লাভ কৰি Gold Medal অর্জন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো M.Sc. পাঠ্যক্ৰম—Physics, Chemistry, Mathematics, Zoology, Botany, Anthropology আদি—ৰ মাজত সৰ্বমুঠ উৎকৃষ্ট ফলাফলৰ বাবে University Bronze Medal লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে,চলিত মাহৰ ১৯ তাৰিখ সোমবাৰে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত সাগৰিকা দেৱীক এই দুয়োটা সন্মানেৰে সন্মানিত কৰ হয়। তেওঁৰ এই ব্যতিক্ৰমী সাফল্যই অধ্যৱসায়, একাগ্ৰতা আৰু শৈক্ষিক উৎকৰ্ষৰ স্পষ্ট প্ৰতিফলন ঘটাইছে।
সাগৰিকা দেৱী গোৱালপাৰা জিলাৰ টিপলাইৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক আৰু ক্ৰীড়া সংগঠক, পাটপাৰা বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনী, গোৱালপাৰা জিলা শাখাৰ সভাপতি হৰমোহন নাথ আৰু টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিনতি দেৱীৰ একমাত্ৰ কন্যা।
তেওঁৰ এই গৌৰৱময় সাফল্যত অঞ্চলবাসী, শিক্ষা সমাজ আৰু শুভাকাঙ্ক্ষীসকলে গভীৰ আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। সাগৰিকা দেৱীৰ এই কৃতিত্বই অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে ।
17/01/2026
গোৱালপাৰা জিলাৰ টিপলাইৰ হৰমোহন নাথক সমাজ সতীর্থ বঁটা, ২০২৫
অনুষ্ঠানত ঋতুস্মিন শৰ্মা সহ বহুতো বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান
গোৱালপাৰা জিলাৰ টিপলাইৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, ক্রীড়া সংগঠক হৰমোহন নাথক শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত দীর্ঘদিন ধৰি আগবঢ়াই অহা সেৱাৰ স্বীকৃতিস্বৰূপে 'সমাজ সতীর্থ বঁটা, ২০২৫' প্ৰদান কৰা হয়। যোৱা ১১ জানুৱাৰী তাৰিখে মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত 'পাব্লিক প্ৰেছ' সংবাদ মাধ্যমৰ অষ্টম বর্ষপূর্তি অনুষ্ঠানত তেওঁক এই বঁটা আনুষ্ঠানিকভাবে প্রদান কৰা হয়। উল্লেখযোগ্য যে হৰমোহন নাথ পাটপাৰা বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক। শিক্ষা জীৱনত দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ উপৰি তেওঁ সমাজসেৱাৰ বিভিন্ন ক্ষেত্রতো সক্রিয় ভূমিকা পালন কৰাৰ লগতে ক্রীড়াৰ ক্ষেত্ৰত দীর্ঘদিন ফুটবল খেলৰ পৰিচালকৰ দায়িত্ব পালন কৰিছিল। তেওঁ বর্তমান ৰামচন্দ্ৰ বিগ্রহ, টিপলাইৰ সভাপতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সম্মিলনী, গোৱালপাৰা জিলা শাখাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। শিক্ষা ক্ষেত্রত নৈতিকতা, শৃংখলা আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰ সৰ্বস্তৰৰ লোকৰ সৈতে সম্পৃক্ত হৈ বিভিন্ন সামাজিক কাম-কাজত তেওঁ জড়িত হৈ আহিছে। এইবোৰ কাৰণতে তেওঁক উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰা বুলি অনুষ্ঠানত জানিবলৈ দিয়ে আয়োজক পক্ষই। উক্ত বঁটা প্রদান অনুষ্ঠানত নাৰী শক্তি অসমৰ সভানেত্রী নম্রতা শর্মা আৰু পাব্লিক প্ৰেছৰ পৰিচালন সঞ্চালক অনির্বাণ সেনে হৰমোহন নাথক 'সমাজ সতীৰ্থ বঁটা, ২০২৫' প্রদান কৰে। অনুষ্ঠানত উপস্থিত নিউজ লাইভ বাংলা চেনেলৰ পৰিচালন সম্পাদক মানস ৰায়, অসম লাইভ ২৪ ৰ পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ লগতে
বিশিষ্ট লোক, সাংবাদিক আৰু অতিথিসকলে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ এই স্বীকৃতি লাভৰ পিছতেই সমগ্ৰ গোৱালপাৰা জিলাতেই আনন্দৰ বন্যা বৈছে ৷
অহা ১৪ ডিচেম্বৰত বকোত শ্রীশ্রী ঠাকুৰ অনুকূলচন্দ্ৰৰ ১৩৮ তম্ শুভ জন্মমহোৎসৱ ও সৎসঙ্গ বিহাৰ বকোৰ শ্রীমন্দিৰৰ ঊনৈশতম্ প্রতিষ্ঠা দিৱস উদযাপন
01/11/2025
খুটাবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ বিশাল প্ৰস্তুতি
এইবাৰো নতুন ৰূপত মানৱ প্ৰতিমা প্ৰদৰ্শিত হ’ব
ধূপধৰা ১নৱেম্বৰ ২০২৫: নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ সাংস্কৃতিক কেন্দ্ৰস্থল খুটাবাৰী সাৰ্বজনীন আঞ্চলিক ৰাস মহোৎসৱে এইবেলি ৪০ বছৰত ভৰি দিলে। সেই উপলক্ষে পৌৰাণিক আখ্যান মতে শ্ৰী কৃষ্ণই বৃন্দাবনত ৰাধা সহিতে অন্য গোপিনী সকলৰ মনোবাঞ্ছা পূৰণাৰ্থে পূৰ্ণিমাৰ নিশা নৃত্য -গীতেৰে যি আত্মিক আনন্দৰ পয়োভৰেৰে ৰাসক্ৰীড়া কৰিছিল তাৰেই আলমেৰে নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তা-চেতনা ,প্ৰকৃত প্ৰেম আৰু মানৱীয় প্ৰমূল্যবোধ বজাই ৰখাৰ স্বাৰ্থত খুটাবাৰী শ্ৰী শ্ৰীচতুৰ্ভূজ নামঘৰ বাকৰিত অহা ৫ নৱেম্বৰ তাৰিখৰ পৰা ১৩ নৱেম্বৰ তাৰিখলৈ হবলগীয়া অতুলনীয় মানৱ প্ৰতিমাৰ সমাহাৰেৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱখনি উলহ মালহেৰে পালন কৰা হ’ব ৷ ইতিমধ্যে অনুষ্ঠানসমূহ সুকলমে চলাই নিবলৈ মানিক দাসক সভাপতি,ভূপেন কলিতাক কাৰ্যকৰী সভাপতি, বাবুল নাথ ,মো: ফিৰোজ আলি ,মো: তফেৰ আলি,আৰু সঞ্জীৱ চক্ৰৱৰ্ত্তীক উপ-সভাপতি , দিপক দাস ,সঞ্জয় দাস আৰু হৰ্কেশ্বৰ দাসক সহ:সম্পাদক হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে । ৪০ সংখ্যক খুটাবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ পৰিকল্পনা আৰু প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে জানিবলৈ দিয়া অনুসৰি অইন অইন বছৰৰ দৰে এইবেলিও সম্পূৰ্ণ আটকধুনীয়া ৰূপত মানৱ প্ৰতিমা পৰিৱেশন কৰা হ’ব ৷ নামনি অসমৰ ভিতৰত এইখনেই একমাত্ৰ ব্যতিক্ৰমীভাৱে পালন কৰা ৰাস মহোৎসৱ ,য’ত মানৱ প্ৰতিমা প্ৰতি বছৰে প্ৰদৰ্শিত কৰা হয় । ইয়াৰ ওপৰিও বিশেষকৈ এই ৯ দিনীয়া কাৰ্যসূচীত ভাগৱত পাঠ , সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ শতবৰ্ষ উদযাপন উপলক্ষে সংগীতানুষ্ঠান,হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি তথা সোঁৱৰণত বিচিত্ৰানুষ্ঠান ,ভকত সেৱা,সমূহীয়া বন্তি প্ৰজ্বলন,একক নৃত্য প্ৰতিযোগিতা,জাগৰণী গীত,স্থানীয় নামদলৰ দ্বাৰা নাম পৰিৱেশন,দিহানাম আৰু থিয়নাম প্ৰতিযোগিতা, আমন্ত্ৰিত 'ভাৰ্গবেন্দু নাট্য দল'ৰ যাত্ৰাভিনয়, আমন্ত্ৰিত শিল্পী জিতুল পৰশ আৰু কৰিশ্মা কৌশিকৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত পল্লৱজ্যোতি শৰ্মাৰ নাম দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হ’ব। এই সমূহ কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু গঠনমূলক দিহা- পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হৈছে ৷
মিলনপুৰ বজাৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বাতিল কৰা হ’ল সকলো সাংস্কৃতিক কাৰ্যসূচী৷ কেৱল মাংগলিক কাৰ্যসূচীৰে পালন কৰা হ’ব পূজভাগ৷
27/09/2025
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৪৭তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল
জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি জুবিনৰ সোঁৱৰণত অষ্টমীত “জুবিনৰ গানৰ এসন্ধ্যা”
৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰেক্ষাগৃহত আজি দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলবাসী ৰাইজে আগন্তুক দুৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠান পতা নপতা সম্পৰ্কে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত সমিতিয়ে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুৰ্গোৎসৱত সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও অষ্টমীৰ নিশা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ সোঁৱৰণত “জুবিনৰ গানৰ এসন্ধ্যা ” অনুষ্ঠান আয়োজন কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। উক্ত দিনা জুবিনৰ গানৰ এসন্ধ্যাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দাস আৰু নিকন লাহনে জুবিনৰ গান পৰিবেশন কৰিব । লগতে কেৱল আধ্যাত্মিক আৰু মাংগলিক কাৰ্যসূচীৰে এইবাৰৰ পূজাভাগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ লগতে দশমীৰ দিনা নগৰ পৰিক্ৰমা বা দেৱী বিসৰ্জনত ডিজে বা মাইক বজোৱাৰ বিপৰীতে কেৱল ঢাক বজাই দেৱী বিসৰ্জন কৰা হ’ব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিয়ে। আজি অনুষ্ঠিত হোৱা বিশেষ সভাত ৪৭সংখ্যক লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উপদেষ্টা হৰিদাস বিশ্বাস ,নবকুমাৰ বিশ্বাস,নিৰঞ্জন ঠাকুৰীয়া ,খুকন বাঢ়ৈ ,ৰোহিদাস বিশ্বাস ,বলোৰাম বিশ্বাস , সুবল বিশ্বাস ,ভজন বিশ্বাস ,সভাপতি মনোৰঞ্জন বিশ্বাস ,কাৰ্যকৰী সভাপতি দিপক কুমাৰ বৰ্মন ,সাধাৰণ সম্পাদক আৰাধন বিশ্বাস ,উপ সভাপতি সুকুমাৰ বিশ্বাস ,সহ:সম্পাদক মহিৰাম মজুমদাৰ ,বিজিত বিশ্বাস,অনন্ত বিশ্বাস,অৰ্জুন বিশ্বাস ,সাংস্কৃতিক বিভাগৰ সভাপতি প্ৰণয় কুমাৰ বিশ্বাস ,সম্পাদক নিৰ্মল বিশ্বাসৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে নিজৰ নিজৰ মতামত ব্যক্ত কৰে ৷৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে এই কথা জানিবলৈ দিয়াৰ লগতে অঞ্চলবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে ৷
24/04/2025
টীম ইণ্ডিয়াৰ প্ৰশীক্ষক গৌতম গম্ভীৰক হত্যাৰ ভাবুকি!
24/04/2025
ধিং সমষ্টিৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক আটক আৰক্ষীৰ
23/04/2025
লেফটেনেণ্ট বিনয় নৰৱালৰ নিহতক লৈ শোক প্ৰকাশ নৌ সেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ।
নগৰবেৰা-ছমৰীয়া সত্ৰ জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰহ্লাদ বিশ্বাসৰ নিৰ্বাচনী প্ৰচাৰ৷ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়ী হোৱাৰ দাবী প্ৰাৰ্থীগৰাকীৰ৷
21/04/2025
লালুকৰ সোণাপুৰত হ’ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয়...
20/04/2025
বিয়াত বহাৰ সপোন পূৰ নহ’ল চুমিৰ!
গহপুৰৰ বড়িগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্ক’ৰপিঅ’ৰ খুন্দাত কৰুণ মৃত্যু চুমি প্ৰধানৰ।
অহা ১১ মে’ত বিয়াৰ দিন আছিল চুমিৰ।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Guwahati Ulubari
Gauhati