Sanidul Roki Alom
যদি আপুনি জীৱন সংগ্ৰামৰ যুদ্ধ খনত ভাগৰি পৰিছে, তেন্তে অলপ সময় জিৰাই লওক, কিন্তু কেতিয়াও থমকি নৰৱ !
ইতিমধ্যে বেংকত আমাৰ এঘণ্টা অতিবাহিত হৈছিল আৰু মই অধৈৰ্য হৈছিলোঁ ৷ বাবাক সুধিছিলোঁ, "আপুনি নেট বেংকিং খুলি নলয় কিয় ?"
"তেতিয়া কি হ’ব ?" জ্যেষ্ঠনাগৰিকৰ সংৰক্ষিত আসনত বহি থকাৰ পৰাই বাবাই মোক ওলোটাই সুধিছিল ৷
"তেতিয়া অন্ততঃ আমি টকা ট্ৰান্সফাৰৰ বাবে ঘণ্টা ধৰি শাৰী পাতিব নালাগিব ৷"
"মই ঘৰৰ পৰা নোলালেও হ’ব নেকি?"
"হয় ৷ আনকি আপোনাৰ বজাৰবোৰো এতিয়া অনলাইনতে কৰিব পাৰি ৷ ফোনত অৰ্ডাৰ দিলেই বস্তু আহি দুৱাৰমুখত হাজিৰ হ’বহি ৷"
বাবা অলপ সময় মনে মনে থাকিল ৷ খুব ধীৰেৰে ক’লে, "তুমি দেখিছাই, আজি বেংকলৈ আহি মোৰ চাৰিজন বন্ধুক লগ পাইছোঁ ৷ কথা পাতিছোঁ ৷ চিনাকি হৈ পৰা বেংকৰ কৰ্মচাৰীসকলৰ খা-খবৰ লৈছোঁ ৷"
বাবাই কথাবোৰ খুব সৰুকৈ কৈছিল ৷ কিন্তু স্পষ্ট আছিল ৷
"জানাই মই অকলশৰীয়া ৷ মোৰ হাতত এতিয়া বহুত সময় ৷ কিন্তু যিটো মোৰ অভাৱ, যিটো বিচাৰি মোৰ মনে হাহাঁকাৰ কৰে সেইটো হৈছে কাৰোবাৰ সংগ।"
মোৰ খং উঠিছিল ৷ কিন্তু সেয়া মই বাবাৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ ৷
"দুবছৰ আগতে মই যেতিয়া হাস্পতালত ভৰ্তি হৈ আছিলোঁ, তুমি জানি আচৰিত হ’বা যে মই ফলমূল কিনা দোকানীজন হাস্পতালৰ মোৰ বিছনাৰ কাষত বহি উচুপিছিল ৷"
বাবা অলপ ৰৈছিল ৷ চচ্মাৰ কাষেৰে চকুদুটা মোহাৰিলে আৰু আকৌ ক’লে,
"সেইদিনাৰ ঘটনাটোকে চোৱা ৷ তোমাৰ মা যেতিয়া মৰ্ণিং ৱাকত গৈ মূৰ ঘূৰাই পৰি গৈছিল তেতিয়া নিজৰ গাড়ীৰে হাস্পতাললৈ নি আমাক খবৰ দিয়াজন আমাৰ গেলামালৰ দোকানীজন নাছিলনে ? অনলাইনত বস্তু কিনিলে লগত এই মানৱীয়তাকো পামনে ?
মই বাবাৰ মুখলৈ চাই আছিলোঁ ৷ তেওঁ কৈ গৈছিল ৷ "মই আজিলৈকে যিমান ব্যক্তিৰ সৈতে লেনদেন কৰিছোঁ, তেওঁলোকৰ লগত এটা আত্মিক সম্পৰ্ক গঢ়ি তুলিছোঁ ৷ এতিয়া কোৱা, তোমাৰ এমাজনে এনে আত্মিক সম্পৰ্ক এটা মোক ডেলিভাৰী দিব পাৰেনে ?"
মোৰ ওচৰত উত্তৰ নাছিল ৷ মোৰ চকুলৈ চাই থাকা বাবাৰপৰা মোৰ দুচকু ঘূৰাই লৈছিলোঁ ৷
"কেৱল প্ৰযুক্তিয়েই জীৱন নহয় মোৰ সোণ ৷ যন্ত্ৰ নহ’বা ৷ মানুহ হোৱা ৷ সময়বোৰ মানুহক দিয়া, যন্ত্ৰক নহয় ৷"
বাবা ইতিমধ্যে কাউণ্টাৰৰ ওচৰ পাইছিলগৈ ৷
"তুমি ভাল ফল-মূল কেইটামান কিনি আানা ৷ আমাক পেপাৰ দিয়া মাধৱৰ অসুখ, আমি তেওঁৰ খবৰ ল’বলৈ হাস্পতাললৈ যাম ৷"
এটা হাতেৰে গাড়ীৰ চাবিতো পকাই পকাই বেংকৰপৰা ওলাই আহোঁতে উভতি চাই দেখিছিলোঁ,বাবাই তেওঁৰ কাষত বহি থকা লোকজনৰ সৈতে হাঁহি হাঁহি কথা পাতি আছে ৷
(কাহিনীটোৰ মূল জুমুঠিটো ইংৰাজীৰ ৷
আপনি যতই দয়ালু বা উদাৰ হোন না কেন, আপনি কখনোই একজন অকৃতজ্ঞ ব্যক্তিকে
সন্তুষ্ট কৰতে পাৰবেন না। ⚡
পখিলা ধৰিবলৈ পিছে পিছে ঘুৰি সময় নষ্ট কৰাতকৈ ফুলৰ খেতি কৰক পখিলা আপোনা আপুনি আহি যাব।
24/01/2025
মই বিৰতি বিচাৰোঁ
মানুহৰ ঠেলা হেঁচা চিঞৰ-বাখৰ
সমাজৰ এনেবোৰ কাৰ্যই
মোৰ মনত আনিছে অশান্তি
এই সকলোৰ পৰা
মই বিৰতি বিচাৰোঁ।
জ্বালা যন্ত্রনাপূর্ণ
মানৱীয় জীৱন ত্যাগ কৰি যাব বিচাৰোঁ
এখন মনোৰম ঠাইলৈ
য'ত আছে শান্তি আৰু প্ৰেমৰ সমুদ্র
সাগৰ,
কণ্টকময় সমাজৰ পৰা,
বিৰতি বিচাৰোঁ।
মানৱগোষ্ঠী তথা দেশত চলিছে
হিংসা বিদ্বেষ
জ্বলিছে ঘৰ
পুৰিছে আপোনজন,
হিয়াৰ শান্তি বৰষা হেৰাই গৈছে
বিষাদৰ বৰষা নামিছে,
এই উশৃংখলাপূর্ণ ভুৱনৰ পৰা
বিৰতি বিচাৰোঁ।
মই অঘৰী
নাই মোৰ ঘৰবাৰী
ধূলিৰ চাবুকৰ কোবত চিলাচিল মোৰ শোটোৰা ছালখনি
জাৰৰ কুঁৱলিয়ে মকৰা জাল বান্ধে মোৰ চকুলোধাৰিত
আত্মীয়জনৰ বুকুত মই মূৰৰ কামুৰনি
শতবাৰ ক্ষতবিক্ষত হয় এই জীৱ দেহটি
আঘাতত সানি লওঁ মই পদপথৰ গালি
তথাপিও আছো জীয়াই
নিৰ্লজ্জ মই অঘৰী।
মই ভাগৰি পৰা নাই
জীয়াই আছো এই কোলাহলৰ মাজতো
পৰিত্যক্ত সপোনবোৰ বাৰে বাৰে থুপৰিয়াই লৈছোঁ
হতাশাৰ মাজতো নতুনকৈ জীয়াবলৈ শিকিছোঁ
ভাগৰুৱা কলিজাত প্ৰাণৰ সঞ্চাৰ কৰিবলৈ প্ৰয়াস কৰিছো
বাৰে বাৰে নতুনকৈ সপোন গঢ়িছো
চকুলো মচি নিৰাশাক সামৰিছো
জীয়াই থাকিবলৈ অহৰহ চেষ্টা কৰিছো।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Gauhati