Doomdooma PRESS CLUB

Doomdooma PRESS CLUB

Share

Doomdooma Press Club is an organisation of the local scribes of Doomdooma & wasestablished in 1989 &affiliated to Tinsukia District Journalists Association

Photos from Doomdooma PRESS CLUB's post 04/06/2023

ডুমডুমা প্ৰেছ ক্লাব'ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন।

'অইল ইণ্ডিয়া লিমিটেড'এ ইয়াৰ ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ জনকল্যাণ আঁচনিৰ অধীনত ১৫(পোন্ধৰ) লাখ টকা ডুমডুমা প্ৰেছ ক্লাৱৰ ভৱনটো আধুনিকভাৱে নিৰ্মাণৰ বাবে আৱন্টন দিছে । এই আৱন্টিত ধনেৰে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ভৱনটিৰ আধাৰশিলা আজি অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সদ্য অৱসৰপ্ৰাপ্ত আৱাসিক মুখ্য কাৰ্যবাহী বিষয়া তথা ডুমডুমাৰ সুসন্তান শ্ৰীযুত প্ৰশান্ত বৰকাকতিয়ে স্থাপন কৰে। এই অনুষ্ঠানতে চাকৰিৰ পৰা যোৱা ৩১ মে'ত অৱসৰ গ্ৰহণ কৰা প্ৰশান্ত বৰকাকতিক ডুমডুমা প্ৰেছ ক্লাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

15/04/2023

ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা আৰু সম্পাদক মনোজ বৰুৱাৰ নেতৃত্বত ক্লাবৰ কেইগৰাকীমান সদস্য আজি সন্ধিয়া ডুমডুমা আৰক্ষী থানালৈ গৈ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক জ্যোতিষ গয়াৰী আৰু আন আন আৰক্ষী বিষয়াসকলক একোখনকৈ বিহুৱানেৰে ৰঙালী বিহুৰ ওলগ জনায়।

Photos from Doomdooma PRESS CLUB's post 15/04/2023

🖊️ডুমডুমা প্ৰেছ ক্লাবে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত সম্বৰ্ধনা জনালে অঞ্চলটোৰ দুগৰাকী বিশিষ্ট ব্যক্তিক।

🖊️ডুমডুমা প্ৰেছ ক্লাবে বিগত বছৰবোৰৰ দৰে এইবাৰো ইয়াৰ বাৰ্ষিক কৰ্মসূচীৰ অন্তৰ্গত অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত সামগ্ৰিকভাৱে ডুমডুমাৰ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ আব্দুল কাদিৰ আৰু প্ৰবীণ অভিনেতা আৰু সমাজকৰ্মী প্ৰভাত ডেকাক তেখেতসকলৰ নিজ নিজ বাসভৱনত আজি সম্বৰ্ধনা জনায়।

🖊️ক্লাবৰ সভাপতি অনুজ কলিতা আৰু সম্পাদক মনোজ বৰুৱাৰ নেতৃত্বত এটি দলে দুয়োগৰাকী ব্যক্তিৰ বাসগৃহলৈ গৈ তেখেতসকলক একোখনকৈ বিহুৱান, এখন চেলেং চাদৰ, এখন শৰাই, একোখনকৈ গ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে দুয়োগৰাকী ব্যক্তিৰ সহধৰ্মিনী দুগৰাকীকো একোখনকৈ গামোচাৰে বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।

14/04/2023

অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অনুজ কলিতা, সভাপতি
মনোজ বৰুৱা, সম্পাদক
ডুমডুমা প্ৰেছ ক্লাব।

Photos from Doomdooma PRESS CLUB's post 20/01/2023

আজি ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা আৰু সম্পাদক মনোজ বৰুৱাৰ নেতৃত্বত ক্লাবৰ এটি সঁজাতি দলে ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য, উপ-পৌৰপতি মণি দত্ত আৰু পাৰিষদসকলৰ সৈতে ডুমডুমা নগৰৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত পৌৰসভাৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাত ২ আৰু ৪ নং ৱাৰ্ডৰ পাৰিষদ দুগৰাকীৰ বাহিৰে আন সকলো পাৰিষদ আৰু পৌৰসভাৰ অভিযন্তা আৰু কৰ্মচাৰী উপস্থিত আছিল। আলোচনাত প্ৰেছ ক্লাবৰ তৰফৰ পৰা নগৰখনৰ বিভিন্ন সমস্যাৰাজি পৌৰসভাৰ দৃষ্টি গোচৰ কৰা হয় আৰু আলোচনা কালত পৌৰপতি আৰু উপ-পৌৰপতিয়ে সমস্যাসমূহ পৰ্যায় ক্ৰমে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

14/01/2023

মাঘৰ মেজিৰ জুইৰ আমেজদায়ক উত্তাপ , ভোগৰ ৰহঘৰা আৰু হৃদয়ে হৃদয়ে উমলি থকা প্ৰীতিৰ সংবাদে সকলোৰে অন্তৰ উদ্ভাসিত কৰি কৰ্মৰ প্ৰেৰণা বৃদ্ধি কৰক । জাতীয় জীৱনৰ এই দুৰ্যোগৰ সময়ত একতাৰ এনাজৰীৰে বান্ধ খাই থকাৰ প্ৰতিশ্ৰুতি সৃষ্টিৰ কামনাৰে 'ডুমডুমা প্ৰেছ ক্লাব'ৰ তৰফৰ পৰা সকলোলৈকে যাচিলোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা ................

অনুজ কলিতা, সভাপতি
মনোজ বৰুৱা, সম্পাদক
ডুমডুমা প্ৰেছ ক্লাব।

31/12/2022

ডুমডুমা প্ৰেছ ক্লাবৰ তৰফৰ পৰা সকলোলৈকে ইংৰাজী নৱবৰ্ষ ২০২৩ ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক বছৰটোৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। এই কামনাৰে.........

অনুজ কলিতা, সভাপতি
মনোজ বৰুৱা, সম্পাদক
ডুমডুমা প্ৰেছ ক্লাব।

15/08/2022

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডুমডুমা প্ৰেছ ক্লাবতো আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি অনুজ কলিতাই।

16/07/2022

ডুমডুমা প্ৰেছ ক্লাবৰ ২০২২ - ২০২৪ বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন। অনুজ কলিতা আৰু মনোজ বৰুৱা পুণৰ সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত।

আজি সন্ধিয়া অনুষ্ঠিত ডুমডুমা প্ৰেছ ক্লাবৰ পঞ্চদশ দ্বি - বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত গঠিত ক্লাবৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন এনেধৰণৰ :-

সভাপতি :- অনুজ কলিতা

উপসভাপতি :- মনোজ দত্ত

সম্পাদক : মনোজ বৰুৱা

সহকাৰী সম্পাদক :- নিৰ্মল বড়া

কোষাধ্যক্ষ :- পিট্টৰ চন্দ মিট্টল

কাৰ্যালয় সম্পাদক :- কুলধৰ বৰ্মন

কাৰ্যনিৰ্বাহক সদস্য :-

দীনেশ গোয়েল
অভিজিৎ খাটনিয়াৰ
মুনীন্দ্ৰ মহন্ত
প্ৰদীপ কুমাৰ মৰাণ
নোৱান্তিক ওৰাং
ললিত তাঁতী
সমীৰণ বৰা

Photos from Doomdooma PRESS CLUB's post 14/07/2022

ডুমডুমা আৰক্ষী থানাৰ পুনৰ নিৰ্মিত ভৱনটি উদ্বোধন কৰিবলৈ অহা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰীযুত ভাস্কৰজ্যোতি মহন্তদেৱক ডুমডুমা প্ৰেছ ক্লাবৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

08/07/2022

ডুমডুমা প্ৰেছ ক্লাবৰ পঞ্চদশ দ্বি - বাৰ্ষিক অধিবেশনখনি অহা ইংৰাজী ১৬ আৰু ১৭ জুলাই, ২০২২ তাৰিখ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি ১৬ জুলাই, শনিবাৰে পুৱা ১০ - ০০ বজাৰ পৰা ছাত্ৰ - ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ আৰু বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইচ্ছুক ছাত্ৰ - ছাত্ৰীসকলক নিৰ্দিষ্ট দিন আৰু সময়ত ডুমডুমা প্ৰেছ ক্লাবত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল।

- মনোজ বৰুৱা
সম্পাদক
ডুমডুমা প্ৰেছ ক্লাব ।

Want your business to be the top-listed Media Company in Doom-Dooma?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


JOGENDRA NATH DEKA Road
Doom-Dooma