DHD Sports

DHD Sports

Share

Assamese Actor and Singer

17/09/2024

Tôi là chủ của page "Nayan Nilim"
Hiện tại tôi có nhu cầu đổi tên trang để phục vụ nhu cầu của mình:
Tên trang hiện tại : Nayan Nilim
Tên Trang mới : DHD Sports
Xin cảm ơn !!

02/08/2024

আজিৰ social media ৰ দিনত সম্বন্ধ বোৰ কত হেৰাই গল... না আবেগ আছে না অনুভূতি আছে , হৃদয় নামৰ দোকানখনৰ ঠিকনা বা কত আছে???? সেয়েহে হৃদয়ৰ দোকান বিচাৰি আমাৰ আগন্তুক নিবেদিত এখন চুটি ছবি
"বৰুৱাৰ জীয়েকৰ
Pre divorce "
অপেক্ষা মাথো কেইটামান দিনৰ🙏

Photos from DHD Sports's post 01/08/2024

নৈৰ দৰে আছিল মন বোৰ..
ভাগৰ নলগা সেই দিন বোৰ..
লগৰীয়াৰ লগত খিৰিকীৰে জুমি চাওঁ..
কেতিয়াবা চাৰৰ পৰা গালিও খাওঁ..
সেয়া আছিল ৯০ দশকৰ অসম নাট্য সন্মিলনৰ নাট কৰ্মশালাৰ কথা,
তাৰ পৰাই ,
আৰম্ভ হ'ল জীৱনৰ এটা নতুন লেঠা...
নাজিৰা মহকুমা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা,
নাট্য সমাজৰ লগতে বহ্নিমানে আয়োজন কৰা এমহীয়া শিশু নাট কৰ্মশালাত এক অন্তৰংগ আলাপত, দুৱাৰ বাটৰ জিলিঙণিয়ে
কঢ়িয়াই অনা শিশু,
নয়ন নীলিম টোক....
শিশু নাট কৰ্মশালাৰ
মাজত বিচাৰি পাওঁ .....
ধন্যবাদ নাজিৰাবাসী ৰাইজ তথা মৰমৰ ভাইটিসকল।

30/06/2024

ঘৰমূৱা ৰেলখনি আহি
থমকি ৰয়....
বুকুত আশাৰ পাপৰি বয়...

Photos from DHD Sports's post 22/06/2024

"ৰাভা দিৱস" উপলক্ষে "বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই" আয়োজন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কালজয়ী সৃষ্টি ৰূপালিম নাট খনি মঞ্চস্থ কৰাৰ প্ৰাকক্ষণত কলাগুৰু জনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ...
জ্যোতি-বিষ্ণুৰ আদৰ্শ সৰোগত কৰি অসমৰ চুকেকোনে পুনৰ নাট্য আন্দোলনৰ সৃষ্টি হওঁ‌ক...
তাৰে কামনাৰে "২০জুন" তাৰিখটো বোকাজানবাসী ৰাইজৰ লগতে বোকাজান আঞ্চলিক ছাত্ৰসন্থা সাক্ষী হৈ ৰওঁক...🙏

08/06/2024

ভাল লাগে কেতিয়াবা সোঁ‌ৱৰি অতীতৰ দিনলিপি,
সময়বোৰ বাগৰি যায়
ৰৈ যায় এই স্মৃতি,
স্মৃতিৰ দিনলিপিৰ পৃষ্ঠাবোৰ লুটিয়াই চাওঁতেই
ভুমুকি মাৰিলে ২০১২ চনৰ পানবজাৰ ৰেল'ৱে ষ্টেচনত
"টুপ-টুপ" গীতটিৰ দিশ্যগ্ৰহণৰ এক ক্ষণৰ এই বিশেষ স্থিৰচিত্ৰ।

06/06/2024

পুৰণি বাকচটো খু্ঁচৰি থাকোঁতে...
বিচাৰি পালোঁ জীৱনৰ
প্ৰথমটো উৎসাহ...

29/05/2024

যেতিয়া এখন সমাজে মাতে তাত ৰাইজৰ আৱেগ জড়িত হৈ থাকে। বাটৰ খৰচ বুলি টকা পইচা ক'ৰবাত দিয়ে
ক'ৰবাত নিয়ে....
পিছে, ৰাইজে দিয়া
মৰম বোৰেই,
সাহস হ'ব খোজে ।
কথা দি , কথা ৰাখিবলৈ আকৌ এবাৰ পালোঁহি ধেমাজিৰ চিত্ৰবন যুৱক সংঘ আৰু কপ'হুৱা বাসী ৰাইজৰ সহযোগত উদযাপন কৰা ৩৯ তম সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী বিহু উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত....
ভাগৰুৱা কান্ধক ককাইহঁতৰ দুখন কান্ধৰ বলে শক্তিশালী কৰি শোভাযাত্ৰাত ৰাইজৰ উৎসাহ আনি দিয়ে......
অসুস্থ শৰীৰেৰে আকৌ এবাৰ সতী ৰাধিকাৰ স্মৃতি আৰু ৰঙালীৰ উৎসৱৰ স্মৃতি লৈ হস্পিটেল পালোঁ ...

28/05/2024

জেঠে পাৰি দিছে হালধীয়া দলিচা .....
অ' বতাহ , কিয় ইমান বলিছা..
জপনাৰ সিটো পাৰে,
খৱৰ কি আনিছা....
শাওন আহিব ...
নতুনে খোজ পেলাব...
দুৱাৰ খন খুলি,
তুমি চাগে তাকে
ভাৱিছা....

28/05/2024
Want your public figure to be the top-listed Public Figure in Dispur?
Click here to claim your Sponsored Listing.

Category

Website

Address


Dispur