Assam Diary

Assam Diary

Share

Multimedia || News & Entertainment

21/11/2023

ৰ পৰা চাবলৈ আহ্বান দাৰ ।

Zubeen Garg
Zubeen Garg Fan Club
Zubeen fan club (❤️ জুবিন অনুৰাগী ❤️)
Zubeen Garg

13/09/2023

এটা বলিষ্ঠ কন্ঠ নাইকিয়া হৈ গ'ল
এক অধ্যায় সমাপ্ত পৰিল

শিৱসাগৰৰ জাতীয়তাবাদী নেতা, জাতীয় ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক তথা অসম গণ পৰিষদৰ প্ৰাক্তন নেতা তথা বীৰ লাচিত সেনাৰ নেতা শীংখল চলিহা দেউতাক শ্ৰীৰমু চলিহাদেৱ আৰু নাই ।।

17/08/2023

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত চলাই থকা CBIৰ ডিআইজি লাভলি কাটিয়াৰক মনিপুৰৰ গণহত্যা আৰু নগ্ন পেৰেডকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ। CBIৰ ৫৩জনীয়া দলে চলাব অনুসন্ধান।

01/08/2023

✍️Teaser released
Jatin Bora hopes- ‘Ratnakar’ will be welcomed by the people of Assam like ‘Raghav’

01/08/2023

ডিব্ৰুগড় জিলা আছুৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মন্দাভিয়াক স্মাৰক পত্ৰ প্ৰদান

01/08/2023

'বিধানসভাৰ নৱনিৰ্মিত ভৱন দ্বিতীয় বাৰৰ বাবে উদ্বোধন কৰা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ অসত্য'। একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল এই বাতৰি। বাতৰি সন্দৰ্ভত ছ'চিয়েল মিডিয়াত স্পষ্ট কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। সেই অনুসৰি, পূৰ্বৰ বিধানসভাৰ শেষৰফালে ভৱনটোৰ নিৰ্মাণ চলি থকা অৱস্থাত অধ্যক্ষৰ নেতৃত্বত বিধানসভাৰ হলটো অনানুষ্ঠানিকভাৱে মুকলি কৰি সদস্যসকলে এদিনৰ বাবে পৰীক্ষামূলকভাৱে বহি মত-বিনিময় কৰিছিল। ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হোৱা নাছিল।

30/07/2023

আজিৰ দিনটোৰ ভাল লগা ফটোখন, সফলতা অৰ্জন কৰি নিজৰ মাতৃক Salute কৰাৰ এক বিশেষ মূহুৰ্তত
#শ্বেয়াৰ #কৰিব

Photos from Assam Diary's post 30/07/2023

মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসম বিধানসভাৰ নতুন ভৱন

30/07/2023

১ আগষ্টত পুনৰ ১০০০কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে

এতিয়ালৈকে সৰ্বমুঠ ১,৩৭,০০০ কোটি টকা ধাৰত পোত গৈছে অসম

Photos from Assam Diary's post 29/07/2023

বিৰল ইতিহাসৰ সৃষ্টি! ব্ৰহ্মপুত্ৰৰ জলপথেৰে আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ নুমলীগড় শোধনাগাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ

শুকুৰবাৰে পাণ্ডু বন্দৰত উপস্থিত হ’ল বৃহৎ আকৃতিৰ যন্ত্ৰ কঢ়িয়াই অনা জাহাজ ৷ ব্ৰহ্মপুত্ৰৰ জৰিয়তে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে কঢ়িয়াই আনিলে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ৩,২৭৫ মেট্ৰিক টনৰ বৃহৎ আকৃতিৰ যন্ত্ৰ ৷

১,২৮৬ মেট্ৰিক টনৰ আটাইতকৈ গধুৰ যন্ত্ৰ, ১,২৪৮ মেট্ৰিক টন আৰু ৭৪১.১২ মেট্ৰিক টনৰ আন দুটা যন্ত্ৰ শোধনাগাৰটোৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰিব ৷ এই বৃহৎ আকৃতিৰ কাৰ্গ' কলকাতাৰ ডায়মণ্ড হাৰ্বাৰৰ পৰা নুমলীগড় শোধনাগাৰলৈ অনা হৈছে ৷ এই তিনিওটা যন্ত্ৰ একেলগে কলকাতাৰ ডায়মণ্ড হাৰ্বাৰৰ পৰা ভাৰত-বাংলাদেশ প্ৰট'কল ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ মাজেৰে নুমলীগড় শোধনাগাৰলৈ অভিমুখে কঢ়িয়াই অনা হৈছে ৷

শুকুৰবাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনা বিশেষ জাহাজখন ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় জলপথ-৩১ (ধনশিৰি)ৰে যাত্ৰা কৰিব জাহাজখনে ৷ মুঠ তিনিটা বৃহৎ আকৃতিৰ যন্ত্ৰৰ মুঠ ওজন ৩,২৭৫ মেট্ৰিক টনতকৈ অধিক ৷ তিনিটাৰ ভিতৰত আটাইতকৈ গধুৰ যন্ত্ৰটো হৈছে ১,২৮৬ মেট্ৰিক টনৰ ৷ এয়া ব্ৰহ্মপুত্ৰ হৈ পৰিবহণ কৰা একক সৰ্ববৃহৎ কাৰ্গ' হিচাপে পৰিগণিত হৈছে ৷ বাকী দুটা যন্ত্ৰৰ ওজন ক্ৰমান্বয়ে ১,২৪৮ মেট্ৰিক টন আৰু ৭৪১.১২ মেট্ৰিক টন।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ২০২১ চনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে প্ৰায় ২৪টা বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ কৰি আছে ৷ এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এয়া ভাৰতৰ অভ্যন্তৰীণ জলপথ পৰিবহণৰ বাবে এক ঐতিহাসিক মুহুৰ্ত হিচাপে আখ্যা দিয়ে ৷

31/07/2021

⏩অসম-মিজোৰামৰ সীমা বিবাদক লৈ লাইলাপুৰত সৃষ্ট পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে লাইলাপুৰলৈ ৰাওনা অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল। বিধানসভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত ৰাওনা হৈছে দলটো। দলটোত আছে শিৱসাগৰ বিধায়ক অখিল গগৈও ।

Want your business to be the top-listed Media Company in Dispur?
Click here to claim your Sponsored Listing.

Website

Address


Dispur
781005