ANSAR VLOG
Blogger
29/03/2026
Adda !!
Morning Time DHING FRU/BPHC
আমাৰ ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
01/11/2025
🔴STV News Assam ৰ উদ্যোগত এক আকৰ্ষণীয় ফটো প্ৰতিযোগিতা !
#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ Redmi A4 5G Phone/Samsung Galaxy A14 5G Phone (যিকোনো এটা)।
➡️দিত্বীয় পুৰস্কাৰঃ Mountain Bicycle লগতে ৫০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ ৩০০০ (তিনি হাজাৰ) টকাৰ লগতে হাত ঘড়ি।
#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হ'ব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "STV News Assam" পেইজত আপলোড কৰা হ'ব।
৪) ৩১ অক্টোবৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হ'ব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৭) ➡️ 7002520408 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক STV News Assam ৰ কাৰ্য্যালয়তে পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
বিঃদ্রঃ- STV News Assam পেইজটো Follow কৰা বাধ্যতামূলক।
Your hashtag code:
ধিং সাৰ্বজনীন পূজাত।
23/09/2025
( !কপি পোষ্ট!courtesy to ✍️ writer)
কাৰ লেখা নাজানো! সকলোৱে share কৰি নিজৰ Time lineত ৰাখিব!
দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়কজনৰ শেষ নিশা..... এয়াই হয়তু তেওঁৰ সেই মায়াবিনী ৰাতি.... অসমক সাৰে ৰাখি তেওঁ নিজে শুই আছে...গভীৰ প্ৰশান্তি ত.... যি প্ৰশান্তি খুউব জৰুৰী আছিল... আজি শুৱক...কোনেও আমনি নকৰে আপোনাক....লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা...
নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত.... তাকে লিখি ৰাখো...
১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ।
২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ গীত-কথা- সুৰেৰে প্ৰতি নগৰ,প্ৰতি চহৰ,প্ৰতি গাওঁ,প্ৰতি চুবুৰী,প্ৰতিটো তিনিআলি-চাৰিআলি,প্ৰতিটো অফিচ-কাচাৰী,প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।
৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।
৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।
৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ।
৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)...
৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।
৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ,কি বান্দৰ,কি ঘোঁৰা,কাউৰী.... উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ।
১০) অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।
১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।
১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ..... লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ... কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ....
১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।
১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত- পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।
১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী- কথা- গান দেখিলোঁ।
১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।
১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।
১৮) একে সময়তে মঠ- মন্দিৰ - সত্ৰ নামঘৰ- মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।
২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ..... পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।
২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।
২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত- ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ.....অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।
২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।
২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।
২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।
২৬) বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
২৭) আমেৰিকান বেণ্ডে "মায়াবিনী " সুৰ তোলা দেখিলোঁ।
২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
২৯) BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান( ৩০ চেপ্তেম্বৰ) ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।
৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।
৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।
৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি - ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।
৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।
৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।
৩৫) ৰেলৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।
৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ... সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ..... উলোটা ৰামধেনু দেখিলোঁ.... কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ....কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।
৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ
ৰʼৱ....আৰু ঢেৰ দেখিলোঁ.....
ৰৈ যোৱা বহু আশা দেখিলোঁ... আটাইতকৈ দামী সংগীতশিল্পীজনৰ অনাটন দেখিলোঁ..... আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ... কু স্বাৰ্থ দেখিলোঁ.....
ইমানখিনি দেখাৰ পাছত এতিয়া এটাই বাকী আছেগে... যাৰ বাবে আজি কাৰো চকুত টোপনি নাই... আজি যে তেওঁৰ শেষ ৰাতি.... আজি মায়াবিনী ৰাতি.... যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে....
( আমাৰ সন্তানে যেতিয়া সুধিব... ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম..... অনুমান কৰি লʼব তেওঁ কোন .... আমাৰ Boss কোন) জুবিন দা 💖🙏🏻🙏🏻
🙏বেছামাৰী বজাৰ, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান🙏
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Dhing
782123