Dhemaji Polytechnic Study circle
দেখিবলে লোৱা সপোনবোৰ যে কিয় বাৰু এনেকুৱা হয়,
মৰমেৰে সজাই লোৱাহে অলপমান ঠন ধৰি উঠিবলৈ নাপাওঁতেই দায়িত্ব আৰু সময় আহি জোকাৰি যায়।।
আলফুলে সজোৱা সপোনবোৰ কেনেকৈ পোখাইছে কোনোৱেও নোসোধে, মাথো মনতে মৰহি ৰয়।
এফালে সোণালী সপোন আনফালে বাস্তৱৰ জীয়া ছবি।
মনে কয় ভালদিনবোৰ হয়তো কাষ চাপিব কিন্ত জীৱনে কয় ৰংচঙীয়া পৃথিৱীত দায়িত্বই খোজ যেতিয়া পেলাব সপোনে মাথো মনতহে কুটুৰি থাকিব😊
20/04/2022
জাননী
ইয়াৰ দ্বাৰাই প্ৰতিষ্ঠানৰ সকলো ছাত্ৰ ছাত্রীকে জনাওঁ যে My Gov. India ই এখনি অনলাইন prize money কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে।উক্ত প্ৰতিযোগিতা খনিত ইচ্ছুক ছাত্ৰ ছাত্ৰী সকল অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হল।
অংশগ্ৰহণৰ বাবে(login link):-https://auth.mygov.in/user/login?destination=oauth2/authorize
অধিক জানিবলৈ: 8399976979
লগৰ এজনে আমাৰ ঘৰৰ ওচৰত দোকান এখন খুলিছে।সৰু দোকান পাণ দোকান।দোকানখনৰ নাম ৰাখিছে-মন যায়
মই শুধিলো -দোকানখনৰ নাম মন যায় কিয় ৰাখিলি?
সি কলে- মন যায় মানে মন যায়।মোৰ যেতিয়া মন যাব খুলিম মন গলে বন্ধ কৰিম।মন গলে ধাৰ দিম মন নগলে নিদিওঁ
যোৱা ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উপলক্ষে Election Commission of India ৰ উদ্যোগত সৰ্বভাৰতীয় প্ৰৰ্যায়ত voter awareness contest অহা ৩১ মাৰ্চৰলৈকে আয়োজন কৰি থকা হৈছে। আমাৰ প্ৰতিষ্ঠানখনৰ পৰা বহুকেইজন শিক্ষাৰ্থী প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত হৈছে ।
উক্ত ছাত্ৰ-ছাত্ৰীসকল-
কুইজ-
1. Pragyan jyoti das
2. Koushik Hazarika
3.Adhiraj Boruah
4.Rikhita Dutta (EL/20)
5.Rahul Borah(ME/20)
6.Manash Protim Borah(EL/20)
7.Porishmita Gogoi (EL/20)
8. Hirok Jyoti Saikia (ME/20)
9. Bhagya Jyoti Das
10. Glory Bharali (CV/21)
11. Rikita Bhuyan (CV/21)
12. Monjit Konwar (ME/21)
13. Mriganka Jyoti Chutia ( CV/19)
14.Deepjyoti Deori (ME/21)
15. Priyanuj Chutia (ME/21)
Poster making-
1. Ankita Borah (EL/21)
2. Riya Sonowal (El/21)
3. Deepsikha Baruah(Me/21)
4. Ujjal Das (ME/21)
5. Alpajyoti Chutia
6. Chayanika Ojah (Me/21)
Video making-
1. Deepsikha Baruah (Me/21)
2. Ujjal Das ( ME/21)
3. Shyamal Panging (Me/21)
বি.দ্ৰ- অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ Poster /Video সমূহ অহা ৩১ মাৰ্চৰ আগত E. mail- [email protected] লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো।যোগাযোগৰ নম্বৰ- 8399976979
06/02/2022
লতা মংগেশকাৰঃজীৱনবৃত্তান্ত
ভাৰতীয় সংগীত জগত বুলি কলে প্ৰথমেই আমাৰ মনলৈ আহে কিশোৰ কুমাৰ, মহম্মদ ৰফী, গুলছন কুমাৰ আৰু ভুপেন হাজৰিকা আদিৰ দৰে মহান সংগীতজ্ঞৰ নাম আৰু তেনেকৈয়ে মহিলাৰ ক্ষেত্ৰত আমাৰ মনলৈ আহে লতা মংগেশকাৰৰ নাম। কোকিলকণ্ঠী গায়িকা নামে খ্যাত এই গৰাকী মহান গায়িকাই আমাৰ ভাৰতীয় হিন্দী সংগীত জগতখনৰ ওপৰিও ভাৰতীয় অন্য ৩৬ টা ভাষাত নিজৰ কণ্ঠ নিগৰাইছিল।লগতে বিদেশী ভাষাৰ সংগীত জগতটো তেওঁৰ অৱদান অপৰিসীম।আমি যদি আমাৰ অগ্ৰজসকলক আজিও শুধো তেওঁলোকে নিশ্চয়কৈ কবযে তেওঁলোকৰ অন্তৰ আজিও লতা মাংগেশকাৰৰ গীতে বাস কৰে বুলি।
মহান গায়িকা,গীতিকাৰ লতা মংগেশকাৰৰ জন্ম হৈছিল এটা শিল্পীৰ পৰিয়ালত ১৯২৯ চনৰ ২৯ চেপ্তেম্বৰত তেতিয়াৰ ব্ৰিটিছ শাসিত ইন্দোৰ প্ৰদেশত (বৰ্তমানৰ মধ্য প্ৰদেশ)। দিননাথ মংগেশকাৰ আৰু শিভান্ত্ৰীৰ জেষ্ঠ কন্যা ৰূপে জন্মলাভ কৰিছিল।দেউতাক দিননাথও সেইসময়ৰ মাৰাঠী আৰু কণকানী সংগীত জগতৰ এজন খ্যাত গীতিকাৰ আছিল।জন্মৰ সময়ত লতা মংগেশকাৰৰ নাম হেমা মংগেশকাৰ ৰখা হৈছিল যিটো পৰৱৰ্তী সময়ত তেওঁৰ পিতৃৰ এখন নাটক 'ভাৱবন্ধন'ৰ এটা চৰিত্ৰ লটিকাৰ পৰা অনুপ্ৰাণিত হৈ লতা মংগেশকাৰ নামটো গ্ৰহণ কৰে।ভাৰতীয় সংগীত জগতৰ মিণা খাদিকাৰ, আশা ভোঁছলে, উষা মংগেশকাৰ আৰু ভাতৃ হৃদয়নাথ মংগেশকাৰৰ জেষ্ঠ ভগ্নী লতা মংগেশকাৰ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ঠ হৈ পৰিছিল।সংগীতৰ আদি পাঠ তেওঁ তেওঁৰ পিতৃৰ পৰা লাভ কৰিছিল পাঁচ বছৰ বয়সৰ পৰাই।সৰু কালত তেওঁ পিতৃৰ সংগীতৰ চলছবিত অভিনেত্ৰী হিচাপেও ভাগ লৈছিল(সংগীত নাটক,মাৰাঠী)।
১৩ বছৰ বয়সত লতা মংগেশকাৰে পিতৃক হেৰুৱাই আৰু তেওঁৰ পৰিয়াললৈ অমানিশা আহিল।সেইসময়ত লতা মংগেশকাৰক নৱযুগ চিত্ৰপথৰ স্বতাধীকাৰি বিনায়ক দামোদৰ কৰ্ণাটকীয়ে যথেষ্ট সহায় কৰে আৰু তেওঁক সংগীত জগতখনলৈ আঁদৰি আনে।১৯৪২ চনত লতাজীৰ ক্ণ্ঠত প্ৰথমটো গীত "নাছো ইয়া গা্দে" শফল ৰূপ পাই।বিনায়ক দামোদৰৰ সহায়ত বহু গীত জনতাক উপহাৰ দিয়াৰ পাছত গুলাম হাইদাৰে লতাজীক তত্বাৱধান কৰে আৰু তেওঁৱে লতাজীক তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ গীত ''দিল মেৰা তড়া'' উপহাৰ দিয়ে।এই গীতটিৰ পাছতে লতাজীৰ জীৱনলৈ অভূৰ্তপূৰ্ব পৰিৱৰ্তন আনে আৰু গীতৰ পাছত গীতে যেন তেওঁৰ কণ্ঠ বিচাৰি কাষ চাপি আহিছিল।
সংগীত জগতলৈ আগবঢ়োৱা অবৰ্ণনীয় অৱদানৰ বাবে লতাজীক অসংখ্য বঁটা আৰু সন্মানেৰ সন্মান জনোৱো হয় । তাৰ ভিতৰত ১৯৬৯ চনত পদ্ম ভূষণ, ১৯৮৯ ত দাদা চাহেব ফাল্কে বঁটা, ১৯৯৯ চনত পদ্ম বিভূষণ আৰু ২০০১ চনত ভাৰত সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে সম্ভাষণ জনোৱা হয়। এই বোৰ বঁটাৰ উপৰিও ২০০৮ চনত জীৱনজোৰা সাধনা বঁটা ভাৰতবৰ্ষৰ ৬০তম স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা হয়।১৯৫৯,৬৩,৬৬,৭০,৯৩,৯৪,২০০৪ চনকেইটাত ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।১৯৯৯চনত ৰাজ্য সভাৰ সদস্য হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল।২০১১ চনত তেওঁৰ নাম গিনিজ বুক অৱ ৰেৰ্কডত লতাজীৰ নাম অন্তভুক্ত হয়।লতা মংগেশকাৰজীক প্ৰদান কৰা সকলো বঁটাৰ পৰিমাণ ইমানেই যে লিখি শেষ কৰিবলৈ কঠিন।
১৪ টা ভাষাত ৫০০০০তকৈ অধিক গীতত কণ্ঠ নিগৰোৱা কোকিলকণ্ঠী গায়িকা গৰাকীক ২০২২ চনৰ ৮ জানুৱাৰী তাৰিখে কাভিড-১৯ এ দেখা দিয়ে যাৰ বাবে Breach Candy Hospital ত চিকিৎসাৰ বাবে নিয়া হয়।কিন্তু আজি ০৬-০২-২০২২ তাৰিখে সংগীতসম্ৰাজ্ঞী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।যিটো আমাৰ ভাৰতীয় সংগীত জগতৰ বাবে এক অফৰন্ত ক্ষতি।লতাজীৰ বৈদেহি আত্মাই চিৰশান্তি লাভ কৰক। ঔম শান্তি।
#বেবেৰিবাং😊
কোনোবা এজন বিখ্যাত পাণ দোকানীয়ে কৈছিল,- যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ল'ৰা এজন নতুনকৈ কলেজ আহে। সি 1 semester ত Rajnigandha/Signature খাই, লাহে লাহে দিন বাগৰাৰ পাছত সি Shikhar/KP খাবলৈ ধৰে। একেবাৰে কলেজ শেষ হবৰ সময়ত সি এইবোৰ ছব বাদ দি চাধা খাবলৈ ধৰে।
গতিকে বুজিলা চাধা মেইন।😁
😆😕
অহা ১০ ফেব্ৰুৱাৰী মানৰ পৰা আমাৰ End semester পৰীক্ষা হোৱাৰ সম্ভাবনা আছে গতিকে সকলোৱে সাজু হৈ থাকে যেন।
বি.দ্ৰ.- ১। Official সিদ্ধান্ত বৰ্তমানৰ লৈকে জানিব পৰা নাই।
03/02/2022
আমাৰ প্ৰতিষ্ঠানখনৰ জুনিয়ৰ সকলে প্ৰায়ে প্ৰশ্ন কৰে যে আমাৰ কলেজত সৰস্বতী পূজাৰ উদযাপন হবনে? নিশ্চয়কৈ উদযাপন কৰা হব।গতিকে সকলো ছাত্ৰ-ছাত্ৰীক শুদ্ধ চিত্তলৈ অহা ৫ তাৰিখে আমাৰ প্ৰতিষ্ঠানখনত উপস্থিত থাকিবলৈ অনুৰোধ জনাৱো হ'ল।
#সৰ্তকবাণী🙂
#গুটখাপ্ৰেমীসকল
অহা ২০২২ বৰ্ষৰ দ্বিতীয় জানুৱাৰীৰ পৰা কলেজ চৌহদত গুটখা বা অন্য ধপাত জাতীয় সামগ্ৰী নিষেধ কৰা হৈছে গতিকে কলেজ চৌহদৰ ভিতৰলৈ এনেধৰণ সামগ্ৰী কোনোৱে নানে যেন। আগতেই কৈ সকলোকে কৈ দিছো পাছত জৰিমণা ভৰিব লগা হলে কোনোৱে নকয় যেন আগতেই কব লাগে বুলি🙂। মই আগতে ৪০০ টকা দি পাইছো মানে সেইবাবে সকলোকে কৈ দিছো।😊ধন্যবাদ
কলেজত কি নতুন কিজনীক এটাৰো পছন্দ হোৱা নাই নেকি? Love story পোৱা নাই যে?🧐
এনেয়ে মই ক্লাছত মন নিদিব পাৰো কিন্তু Attendance লোৱাৰ সময়ত কোনে Present Sir কৈছে, কোনে Yes Sir কৈছে সেইটো ভালকৈ মন দিওঁ।🙂
Category
Contact the university
Website
Address
SIMEN CHAPORI DHEMAJI
Dhemaji
787061
Alerts
Be the first to know and let us send you an email when Dhemaji Polytechnic Study circle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.