Dighirpar Raas Mahotsav

Dighirpar Raas Mahotsav

Share

Dighirpar Raas Mohotsav is a yearly festival of Dighirpar Shri Shri Hari Mandir

14/10/2025

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ এসময়ৰ এগৰাকী অক্লান্ত কৰ্মী প্ৰয়াত অনত চন্দ্ৰ ডেকা দেৱৰ যোৱা ০৫-১০-২০২৫ তাৰিখে ১০২ বছৰ ০৭ মাহ ১৩ দিন বয়সত পৰলোক প্ৰাপ্তি ঘটে । দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতি আৰু ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়- ববীয়া তথা সদস্য সকলে প্ৰয়াত অনত চন্দ্ৰ ডেকা দেৱৰ গৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হয়। মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনোৱা হয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।

Photos from Dighirpar Raas Mahotsav's post 13/10/2025

আজি ইংৰাজী ১৩-১০-২০২৫ তাৰিখ সোমবাৰে দীঘিৰ পাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতি আৰু ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয় - ববীয়া তথা সদস্য সকলে দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ আজীৱন সদস্য তথা শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় কৰ্মকৰ্তা, ৭১ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ থিয়েটাৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক বৰংগাবাৰী গাঁও নিৱাসী মাননীয় শ্ৰী জিতু মণি ডেকা দেৱৰ গৃহত উপস্থিত হৈ তেখেতৰ পৰম আৰাধ্য মাতৃ সদা প্ৰয়াত সাবিত্ৰী ডেকা ৰ মৃত্যুৰ খৱৰ লোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। প্ৰভু ভগৱন্তই মৃতকৰ আত্মাক চিৰ শান্তি প্ৰদান কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি।

13/10/2025

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ তোৰন।

Photos from Dighirpar Raas Mahotsav's post 06/10/2025
23/09/2025

অন্তিম শয়নত অসমবাসীৰ হৃদস্পন্দন...

23/09/2025

The final journey

22/09/2025

LIVE

19/09/2025

অসমৰ লগতে সমগ্ৰ ভাৰতৰে এগৰাকী জনপ্ৰিয় , এক অনন্য সাহসী সত্তা, সৰ্বকালৰ প্ৰকৃত শিল্পী মনৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ছিংগাপুৰৰ সাগৰ তীৰত হোৱা দুৰ্ঘটনাত আজি ১৯-০৯-২০২৫ তাৰিখ শুক্ৰবাৰে আবেলি ২.৪৫ মিনিটত সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা আঁতৰি যায়। এই শোকৰ সময়ত জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।। ওম শান্তি, ওম শান্তি, ওম শান্তি।।

Want your establishment to be the top-listed Arts & Entertainment in Darrang?
Click here to claim your Sponsored Listing.

Category

Website

Address


Darrang
784144