Sootea Live
চতিয়া অঞ্চলৰ বিভিন্ন বা-বাতৰিৰ এক মাধ্যম
12/06/2026
*ৰাজপথত খুকুৰী দেখুৱাই বাছ চালকক ভীতিগ্ৰস্ত কৰা ছেন্ট্ৰ’ গাড়ীৰ চালক বিশ্বনাথ আৰক্ষীৰ জালত*
*ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টা নহওঁতেই আটক অভিযুক্ত*
▶️অৱশেষত ৰাজপথত বাছৰ চালকক খুকুৰি দেখুৱাই ভাবুকি দেখুওৱা ছেন্ট্ৰ’ গাড়ীৰ চালকক ২৪ ঘন্টাৰ ভিতৰতে গাড়ীসহিতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল চতিয়া আৰক্ষী
▶️সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰা AS-01-X-3667 নম্বৰৰ ছেন্ট্ৰ’ গাড়ীৰ চালক তথা খুকুৰি দেখুৱাই যাত্ৰীবাহি বাছৰ চালকক ভাবুকি প্ৰদান কৰা মূল অভিযুক্ত বিশ্বনাথৰ বলোডোঙা সাকোমাঠোৰ ৰাবিন শ্বাহ ওৰফে মিন্টুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়
▶️প্ৰতাপগড় চাহ বাগিছাৰ ভিতৰুৱা ঠাইৰপৰা গাড়ীখন সহিতে গ্ৰেপ্তাৰ কৰা ৰাবিন শ্বাহে আৰক্ষীৰ চকুত ধুলি দিবৰ বাবে ছেন্ট্ৰ’ গাড়ীখনৰ নম্বৰপ্লেটপৰ্যন্ত খুলি পলাই যোৱাৰ চেষ্টা চলাইছিল
▶️বহু অপৰাধমুলক কামত ব্যৱহাৰ হোৱা ছেন্ট্ৰ’ গাড়ীখনৰ ভিতৰত দুখনকৈ নম্বৰপ্লেটো লাভ কৰিছে আৰক্ষীয়ে৷
▶️ইতিমধ্যে ৰাবিনৰ লগত গাড়ীখনৰ ভিতৰত থকা আনকেইটাৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত
“মানুহে মানুহৰ বাবে” *এটি দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে টীম নদুৱাৰে*
▶️সোমবাৰে নিশা চতিয়াৰ কলবস্তিৰ গাৱঁৰ ওৰাং বস্তিৰ যোগেন চবৰৰ বাসগৃহত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড
▶️এই ভয়ংকৰ অগ্নিকাণ্ডত ছয় সদস্যৰ পৰিয়ালটো কথমপি প্ৰাণ ৰক্ষা
▶️ভয়ংকৰ অগ্নিকাণ্ড ওৰাং বস্তিৰ যোগেন চবৰৰ বাসগৃহৰ আচবাববোৰ,নথিপত্ৰৰ লগতে তিনি সন্তানৰ কিতাপপত্ৰৰ লগতে তিনিখনকৈ চাইকেল জুইত জাহ যায়
▶️এই মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ডত সকলোবোৰ হেৰুৱা দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল চতিয়াৰ উদ্যমী যুৱ ব্যৱসায়ী তথা এগৰাকী সমাজকৰ্মী নীৰজ নিশিম হাজৰিকাৰ নেতৃত্বত টীম নদুৱাৰ
▶️বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ অনুসাৰে টীম নদুৱাৰে পৰিয়ালটোলৈ আগবঢ়াইছে *অন্ন বস্ত্ৰ আৰু বাসস্থান*
▶️লগতে পৰিয়ালটোৰ দুই পুত্ৰৰ লগতে একমাত্ৰ জীয়ৰীক বিদ্যালয়ৰ কিতাপপত্ৰৰ লগতে প্ৰদান কৰিছে তিনিখন চাইকেল
“মানুহে মানুহৰ বাবে” *এটি দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে টীম নদুৱাৰে*