Amarjit Rabha

Amarjit Rabha

Share

#journalist // youtuber// Ex president ARSU TAC
https://youtube.com/@aklive2477?si=W-HSESdBs-4a2RGf

29/05/2026

চৰকাৰী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টংলা মাজগাঁ‌ৱৰ এটি দুখীয়া পৰিয়াল। বহুবাৰ আবেদন কৰিও লাভ নকৰিলে এটা চৰকাৰী ঘৰ, এটা উৰুখা পজাত দূৰ্বিসহ জীৱন কটাইছে এহাল বৃদ্ধ দম্পতিয়ে। প্ৰতিটো নিৰ্বাচনৰ সময়ত চৰকাৰী আচঁনিৰ টোপ দি ৰাইজৰ মাজত ভোট খুজি শাসনৰ বাঘজৰী লৈ উন্নয়নৰ জয় ঢোল বজাই অহা এখনৰ পিছত আনখন চৰকাৰৰ দিনতো এতিয়াও চৰকাৰী উন্নয়নৰ বহু আচঁনিৰ পৰা বঞ্চিত হৈ আহিছে একাংশ সাধাৰণ দুখীয়া লোক। তেনে এটি চৰকাৰী আচঁনিৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বসবাস কৰিছে ওদালগুৰি জিলাৰ নৱ গঠিত টংলা বিধান সভা সমষ্টিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজগাঁৱত। মূল পথৰ দাঁতিত এটা ভগা সাধাৰণ জুপুৰি গোহালি সদৃশ পৰিৱেশত দূৰ্বিসহ জীৱন কটোৱা দম্পতিৰ স্বামী গণেশ ৰাভা আৰু পত্নী প্ৰভা ৰাভা, চকুৰে কম দেখা প্ৰভা ৰাভাই মাজে মাজে আনৰ ঘৰত হাজিৰা কাম কৰাৰ উপৰিও হাবি বননিৰ পৰা ঢেঁকীয়া, কচু আদি বুটলি মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰি পোৱা টকাৰে জীৱন নিৰ্বাহ কৰি চলিছে। এচলীয়া ভংগ্নপ্ৰায় জুপুৰী ঘৰটোত বতাহ, বৰষুণ বতৰত ভয় আৰু আতংকত চকুৰ পানী নিগৰাই প্ৰভা ৰাভাই স্বামীৰ সৈতে কষ্টকৰ জীৱন কটাবলৈ বাধ্য হৈছে।।
তথাপি খৱৰ ল'বলৈ আহৰি পোৱা নাই ৰজাঘৰীয়া """

Photos from Amarjit Rabha's post 26/05/2026

25/05/2026

দীৰ্ঘ দিনে কৰ্মৰত হৈ থকা আপোন চেনেলটি আজি ১১ টা বৰ্ষ পূৰ্ণ কৰি ১২ বছৰত ভৰি দিলে সেই উপলক্ষে মহানগৰ গুৱাহাটীৰ এখন অন্যতম আভিজাত্য হোটেল ভিভাণ্টাত এখন সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।।

16/05/2026

16/05/2026

যোৱা নিশা টংলাত "যন্ত্ৰৰ'' সংগীতনুষ্ঠান চালোঁ !!
জুবিন দাৰ একালৰ সহ বাদ্যশিল্পী সকলৰ সংগঠিতত নতুনকৈ আত্ম প্ৰকাশ কৰা "যন্ত্ৰৰ" অনুষ্ঠান ৰাইজে যথেষ্ট আদৰি লৈছে।। জুবিন দাৰ অবৰ্তমানত ৰাজা দা পাৰ্থ দা হতক মঞ্চত এনেকৈ দাদাৰ গীত সমূহ জীপাল কৰি ৰখাৰ প্ৰয়াস দেখি খুব ভাল লাগিল।।

13/05/2026

বুকিং হোৱা গেছ হঠাত্‍ গ্ৰাহকক কেঞ্চেল হোৱা বুলি কোৱাৰ ৰহস্যভেদ টংলা অভিনন্দন গেছ এজেঞ্চীত।। বিতাৰক আৰু গ্ৰাহকৰ মাজত তীব্ৰ বাক - বিতণ্ডা।

02/05/2026

টংলা টাউন ইউথ ক্লাৱৰ দ্বিতীয় বাৰ্ষিক বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠ শিল্পী দিক্ষুৰ সংগীত অনুষ্ঠান।।

20/04/2026
16/04/2026

আৰু কিমান শুনিবলৈ পাম এনেকুৱা ঘটনা, অসমৰ যুৱক কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ নিৰুদ্দেশ বা মৃত্যু মুখত পৰা ঘটনা এতিয়া একেবাৰেই সুলভ হৈ পৰিছে। এবছৰ পূৰ্বে টংলা হাহিনী গাঁ‌ৱৰ এজন ব্যক্তি বাংগালুৰুত কাম কৰিবলৈ গৈ আজিলৈ সন্ধান হীন,,দুমাহ মান পূৰ্বে টংলা হাবিগাঁ‌ৱৰ যুৱক বাংগালুৰুৰ মেজিষ্ট্ৰেট নামৰ ঠাইডোখৰত কাম কৰিবলৈ গৈ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ।। আকৌ পুনৰাবৃত্তিৰ এনে মৰ্মান্তিক ঘটনা। যোৱা ১২ এপ্ৰিল ৰবিবাৰ দিনাখন ওদালগুৰি জিলাৰ টংলা ৪ নং ৱাৰ্ডৰ নিবাসী দিব্যজ্যোতি ডেকাৰ লগতে টংলাৰে বাবুল বৰা, গবিয়া মুৰাৰি, চিৰু, আৰু ছমিনকে ধৰি মুঠ ৬ জন যুৱক ৰঙিয়াৰ পৰা মুব্বাই লৈ বুলি ৰাওনা হৈছিল।। আৰু সেইদিনাৰে পৰাই পৰিয়ালৰ সতে যোগা - যোগ বিছিন্ন, আৰু হঠাৎ যোৱা কালি ১৫ এপ্ৰিল তাৰিখে সন্ধিয়া ৬ মান বজাত ইহত ছয় জন যুৱকৰে এজন দিব্যজ্যোতি ডেকা নামৰ যুৱক জনৰ মৃতদেহ মধ্যপ্ৰদেশৰ হাৰ্ডাত উদ্ধাৰ হয় । কিন্তু বাকি পাঁ‌চজনৰ কোনো খা খৱৰ নাই বৰ্তমানলৈ সন্ধান হীন।।
আচলতে অসমৰ পৰা বহিৰাজ্যলৈ কাম কৰিবলৈ যোৱা যুৱক সকলৰ হঠাতে হয় কি, কেনেকৈ হয় সন্ধান হীন কাৰ কৱলত পৰি মৃত্যু মুখত পৰে সেয়া আজিৰ তাৰিখত বহু ডাঙৰ ৰহস্য।।
মই সমগ্ৰ অসমৰ কথা নকওঁ একেখন টংলাতে এটা বছৰৰ ভিতৰতে বহিৰাজ্যলৈ কাম কৰিবলৈ গৈ নিৰুদ্দেশ বা মৃত্যু মুখত পৰা কেইবাটাও ঘটনা মই নিজেই বাতৰি পৰিৱেশন কৰিব পালোঁ।। এনেবোৰ ঘটনাৰ বহু কাৰণ আছে যদিওঁ প্ৰথম কথা নিজৰ ঠাইত কাম নাপায় পৰিয়াল পোহপাল দিবলৈ উপাৰ্জনৰ পথ বিচাৰি বহিৰাজ্যলৈ গৈছে,, কাৰণ আমি ইয়াতে পৰ্যাপ্ত পৰিমাণে চৰকাৰী বা বেচৰকাৰী ভাৱে সংস্থাপন পাবলৈ সক্ষম হোৱা নাই।। কাৰণ টংলা খনত ১০০ জন যুৱকক কামত নিয়োগ কৰিব পৰা এটা উদ্যোগ বা কোম্পানী নাই। চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁ‌চনি লৈছে যদিওঁ সেয়া কিমানজনে পাইছে আৰু কিমান নিখুঁতভাৱে ৰূপায়ণ হৈছে সেই আঁ‌চনি সেয়া বিটিচিত বসবাস কৰা যুৱক সকলেহে মৰ্মে মৰ্মে উপলব্ধি কৰে ।।

06/04/2026

কোনে মাৰিব শেষ হাঁ‌হি""
কাৰ পক্ষে থাকিব টংলা সমষ্টিৰ সংখ্যালঘু ভোটাৰ।।
নৱ গঠিত টংলা সমষ্টিৰ ৰাণী পুখুৰী আৰু ভেৰভেৰি ৰাইজৰ মনৰ ভাৱ লোৱাৰ ক্ষুদ্ৰ প্ৰয়াস "
সময় পালে ভিডিঅ’টো এবাৰ চাব দেই ৰাইজ ""

Want your business to be the top-listed Media Company in Tangla?
Click here to claim your Sponsored Listing.

Category

Address

Darogakhat
Tangla