Axom view

Axom view

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom view, Media/News Company, Nagaon Dhing Road, Nagaon.

20/10/2025

বাঁহীৰ সুৰত জুবিনদাৰ প্ৰিয় গীত " আন্ধাৰ হ'ব নোখোজো "......

08/09/2025

🛑 ধিঙত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত ।
🛑 ধিং মাধৱদেৱ নাট্য মন্দিৰ প্ৰয়াস শাখাৰ উদ্যোগত তথা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ, ধিং শাখাৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক প্ৰাৰম্ভিক অনুষ্ঠান উদযাপন ।

06/09/2025

নগাঁৱৰ পৰমাইভেটি মাদ্ৰাছাত সাংসদ গৌৰৱ গগৈৰ জন্মদিন উদযাপন সন্দৰ্ভত নেমচুৰ প্ৰতিক্ৰিয়া । নেমচুৱে ২৪ ঘন্টা সময়সীমা বান্ধি দিলে বিধায়ক নুৰুল হুদাক ।

17/08/2025

ধিং আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী ।

02/08/2025

ধিং মহাবিদ্যালয়ৰ ভূমি আৱন্টন সন্দৰ্ভত সভামঞ্চতে ৰাজহ চক্ৰ বিষয়াক কঠোৰ সকীয়নি মন্ত্ৰী কেশৱ মহন্তৰ .....

29/07/2025

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানেই অসমীয়া ভাষাটো সংৰক্ষন বা জীয়াই থকাটো নুবুজায়‌ - অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা ।

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানেই অসমীয়া ভাষাটো সংৰক্ষন বা জীয়াই থকাটো নুবুজায় । কিছু অপশক্তিয়ে আমাক চাৰিওফালৰ পৰা নিশকতীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰা ভাষাটো জীয়াই ৰখাৰ সংগ্ৰাম খন অব্যাহত ৰাখিব লাগিব । এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাৰ । আজি ধিং মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে পদুম ৰাজখোৱাই । ৰাজখোৱাই লগতে আক্ষেপেৰে কয় যে আমাৰ সমাজৰ এচাম লৰা ছোৱালীয়ে নিজৰ ভাষাটোৰ পৰা আতৰি আহিছে । আমাৰ নিজৰ ভাষাটো জীয়াই ৰাখিবলৈ আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰা সংগ্ৰাম খন অব্যাহত ৰাখিব লাগিব । উল্লেখ্য যে, ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠান দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় । ৰূপালী জয়ন্তীৰ এই শুভাৰম্ভ অনুষ্ঠানত পাচখনকৈ কাব্যগ্ৰন্থও উন্মোচন কৰা হয়‌ । বিপুল কুমাৰ বৰাৰ আই আৰু কেইটামান জোনাকী পৰুৱা , হৰিবন্ধু বিশ্বাসৰ ঈশ্বৰ আৰু হাহাকাৰ , দীপাঙ্কৰ গিৰি গোস্বামীৰ আখৰুৱা প্ৰীতি , প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ প্ৰত্যাহ্বানৰ অনুবাদ কাব্যগ্ৰন্থ চেলেঞ্জ উন্মোচন কৰা হয় ধিং মহাবিদ্যালয়ত অনুষ্ঠিত জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত ।

27/07/2025

*ধিঙৰ ৬ টাকৈ স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ।*

*ধিঙৰ ৰৌমাৰী বিল, লহকৰঘাট, বালিসত্ৰ গ্ৰেজিং ৰিৰ্জাভ, আহোমগাঁও, ৰজাবাৰী দুই নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভৰ চৰকাৰী ভূমি খালি কৰিবলৈ জাননী প্ৰদান কৰে প্ৰশাসনে।*

*ধিং ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী ।*

05/07/2025

সহস্ৰাধিক ভক্তৰ উপস্থিতিত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ নিজগৃহলৈ আগমন ।

28/06/2025

ধিঙত নগাওঁ মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত ত্ৰিৰঙ্গা যাত্ৰা । ত্ৰিৰঙ্গা যাত্ৰাত অংশ গ্ৰহণ নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।

23/03/2025

ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতি সমুহলৈ গোলকীয় উষ্ণতা সন্দৰ্ভত ধিঙৰ কৈলাশ বিকাশ নাথৰ বিশেষ আহ্বান.....

21/03/2025

ভক্তি ৰসৰ নিজৰা বোৱাই আজিৰে পৰা ধিঙৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীজগন্নাথ মন্দিৰত আৰম্ভ ৩২ প্ৰহৰ অখণ্ড মহানাম......।

06/03/2025

উন্মনা ফাগুন, তই আকৌ আহিলি !!!

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Website

Address

Nagaon Dhing Road
Nagaon
782123