Monoj Kumar Rabha

Monoj Kumar Rabha

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Monoj Kumar Rabha, Politician, Rangjuli, Goalpara.

16/10/2025

With ST Morcha President Shri Horen Sing Bey and office bearers at BJP State Office, Guwahati.

Himanta Biswa Sarma
Horen Sing Bey
BJP ST Morcha
BJP Assam Pradesh

16/10/2025

আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত থাকি এছটি মৰ্চাৰ সভাপতি শ্ৰীযুত হৰেন চিং বে ডাঙৰীয়াক সাক্ষাৎ কৰোঁ আৰু এছটি মৰ্চাৰ নৱনিযুক্ত বিষয়ববীয়া সকলৰ সৈতে সৌহাদ্যপূৰ্ণ মত বিনিময় কৰোঁ।

I met ST Morcha President Shri Haren Singh Bey at BJP State Office today and exchanged friendly views with the newly appointed office bearers of ST Morcha.

05/10/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড৹ Himanta Biswa Sarma ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত Dilip Saikia ডাঙৰীয়া, অনুসূচিত জনজাতি মৰ্চাৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত হৰেন সিং বে ডাঙৰীয়াৰ লগতে দলৰ সমূহ জেষ্ঠ নেতৃত্বতক আন্তৰিক কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ।
লগতে সকলোৰে আশিৰ্বাদ বিচাৰিছো যাতে মোক দিয়া দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰিব পাৰো॥ ধন‍্যবাদ 🙏
BJP Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
BJP ST Morcha

Photos from Monoj Kumar Rabha's post 28/09/2025

আজি ১৫নং দূধনৈ সমষ্টিৰ ১৪৬ নং বুথৰ,ৰংজুলিত প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত উপস্থিত থাকো।
শ্ৰদ্ধাৰ জুবিনৰ বিষয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিৰ 'মন কী বাত' অনুষ্ঠানত উল্লেখ কৰি কৈছে যে, জুবিনক প্ৰতিজন সংগীতপ্ৰেমীয়ে অন্তৰত জীয়াই ৰাখিব ।

সঁ‌চাকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কায়িকভাৱে নাথাকিলেও জুবিন সদায় অসমবাসীৰ কাষতে ৰ'ব।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Dipanka Kumar Nath

21/09/2025

💔

Photos from Monoj Kumar Rabha's post 21/09/2025

আজি 21/09/2025 ইং তাৰিখ ৰবিবাৰে সন্ধিয়া 6.30 বজাত ৰংজলি মণ্ডল কাৰ্যালয়ৰ প্ৰাঙ্গণত অসম , ভাৰত তথা বিশ্বৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ , প্ৰতি গৰাকী অসমীয়াৰ হৃদয়ৰ স্পন্দন, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ অতি মৰমৰ সংগীত জগতৰ সম্ৰাট প্ৰয়াত জুবিন দাৰ নামত অনুষ্ঠিত হোৱা পৱিত্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে খুবেই ভাগ্যবান বুলি অনুভৱ কৰিছোঁ।
জুবিন দাৰ নামত উৎসৰ্গিত আজিৰ এই পৱিত্ৰ শ্ৰন্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে গোৱালপাৰা জিলাৰ BJP ৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভৃগু ৰঞ্জন ৰাভা, ৰংজলি কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্ৰীযুত দুৰ্গাদত্ত ৰাভা, সাধাৰণ সম্পদক শ্ৰীযুত কল্যান ৰয়, ৰংজলিৰ আটাইকেইটা আঞ্চলিক জাতীয় দল সংগঠনৰ বিষয়ববিয়া আৰু সমূহ ৰংজলি বাসী ৰাইজ।

Photos from Monoj Kumar Rabha's post 21/09/2025

শতিকাৰ শ্ৰেষ্ঠ মহানায়কৰ মহাপ্ৰয়াণ

প্ৰতি গৰাকী অসমীয়াৰ হিয়াৰ আমঠু, জুবিন গাৰ্গ ৰ
নশ্বৰদেহ দিল্লী বিমান বন্দৰত আহি উপস্থিত হোৱা পিছত মাননীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে শ্ৰদ্ধাঞ্জলি জনোৱা মূহুৰ্ত৷🙏🙏
HimantaBJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika

20/09/2025

কেতিয়াও শুনিবলৈ নিবিছৰা এটা শব্দই আজি সমগ্ৰ অসম , ভাৰত তথা বিশ্ববাসী ৰাইজক বিষাক্ত বেদনাৰে তিলতিল কৈ আহত কৰিছে। সংগীত জগতৰ উজ্জল নক্ষত্ৰ ,প্ৰতিজন অসমীয়াৰ হৃদয় ষ্পন্দন ,মৰমৰ জুবিন দাৰ মৃত্যুৰ বতৰাই অসমবাসী ৰাইজৰ জীবনলে দিন দুপৰতে যেন দোভাগ নিশাৰ কালৰাত্ৰী নামি আনিছে। খবৰটো পোৱা মাত্ৰে বুকুত তীব্ৰ বেদনা অনুভৱ কৰিছোঁ আৰু কান্দিছোঁ, সমগ্ৰ অসমবাসী ৰাইজে হিয়া উজাৰি কান্দিছে কেবল কান্দিছে , কোনে কাক সান্তনা দিব সকলোৰে একেই অৱস্থা,সকলোয়ে মৰ্মাহত।
জুবিন দাৰ মৃত্যুৰ স্থান, কাল আৰু কাৰনটো একেবাৰেই সাধাৰণ নহয়। গতিকে জুবিন দাৰ মৃত্যুৰ বিষয়টো আমি সমগ্ৰ অসমবাসী ৰাইজ কেতিয়াও সহজ ভাবে লব পৰা নাই।
মহা সমুদ্ৰ সদৃশ গোভীৰ ও বহল হৃদয়ৰ মহান মনিষী আছিল তেওঁ। অসমৰ বহুকেইটা প্ৰজন্মই জুবিন দাক অসমীয়া জাতিৰ জাতীয় সত্তা , জাতীয় অস্তিত্ব আৰু অসমীয়া জাতিৰ স্বাভীমানৰ প্ৰতীক হিচাপে মান্যতা কৰি আহিছে।
তেওঁ অসমীয়া জাতিৰ আবেগ,
তেওঁ অসমীয়া জাতিৰ সৰ্বোচ্চ গৌৰৱ।
তেওঁ সংগীত জগতৰ মুকুতা,
তেওঁ সংগীত জগতৰ নিপুণ খনিকৰ,
দৰিদ্ৰ ক্ষুধাতুৰ জনতাৰ পৰম বন্ধু তেওঁ,
অন্যায়ৰ বীৰুদ্ধোত প্ৰতীবাদী সংগ্ৰামী কন্ঠ তেওঁ,
জুবিন দাই হঠাতে ইমান সহজতে আমাক সকলকে এনেদৰে নিথুৰুৱা কৰি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুছি যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, আশা কৰা নাছিলোঁ।
জুবিন দাৰ অবৰ্তমানত জুবিন দাৰ অনুৰগী সকল নিজকে কেনেদৰে সম্ভালীব ,জুবিন দাৰ অবৰ্তমানত তেখেতৰ মহান সৃষ্টিৰাজি সমূহ কেনেদৰে পুজিত হব আৰু তেখেতৰ অবৰ্তমানত অসম আৰু অসমৰ সংগীত জগত খন কেনেদৰে অগ্ৰসৰ হব সেয়া অসমীয়া জাতিৰ বাবে এক ডাঙৰ প্ৰশ্ন ।

জুবিন দাৰ পৱিত্ৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোক- সন্তপ্ত পৰিয়াল বৰ্গলৈ আৰু তেখেতৰ অনুৰাগী সকলোলৈ সমবেদনা প্ৰকাশ কৰিলোঁ। ওঁম শান্তি ওঁম শান্তি ওঁম শান্তি.........

Want your public figure to be the top-listed Public Figure in Goalpara?
Click here to claim your Sponsored Listing.

Category

Website

Address

Rangjuli
Goalpara
783130