Tiwa Pathra
Email: [email protected]
Editor in chief: Dr. Dhiraj Patar
Editor: Janardan Patar
Advisor: Joges
17/11/2025
তিৱা ভাষা সংস্কৃতিৰ গৱেষক, বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰিলৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা
29/10/2025
তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিদাম দেউৰীৰ সোৱঁৰণত স্মৃতিচাৰণ সভা
তিৱা পাথ্ৰা: আজি ২৯ অক্টোবৰ তাৰিখে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰেক্ষাগৃহত প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাহিত্যক চিদাম দেউৰীৰ সোৱঁৰণত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰঙে আঁত ধৰা
স্মৃতিচাৰণ সভা খনিত উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰতিষ্ঠাপক মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমছি, অসম সৌৰভ বঁটা প্ৰাপক বিশিষ্ট তিৱা সাংস্কৃতিক সাধক নাদীৰাম দেউৰী,তিৱা জাতীয় সংগঠণৰ প্ৰাক্তন অগ্ৰণী নেতা ৰবাৰ্ট লুম্ফৈ, প্ৰাক্তন তিৱা ছাত্ৰ নেতা ভূপেন খলাৰ, চিমল দেউৰী, লক্ষেশ্বৰ দলৈ,জনাৰ্দন পাটৰৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ বিষয়ববীয়া, পৰিষদৰ কৰ্মচাৰী সকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া সকল। উক্ত স্মৃতিচাৰণ সভাত প্ৰয়াত চিদাম দেউৰীৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰা হয়। সভাত উপস্থিত থাকি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তিৱা জনগোষ্ঠীৰ অন্যতম অভিভাৱক স্বৰূপ সদ্য প্ৰয়াত চিদাম দেউৰী দেৱৰ তিৱা জাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰে। তেওঁ প্রয়াত চিদাম দেউৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতে তিৱা পৰিষদখন সুস্থিৰ আৰু সৱল ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে তিৱা ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে কৰা প্ৰচেষ্টাক শলাগ লৈ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলেও প্ৰয়াত দেউৰীৰ কথা সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে।
14/10/2025
Phiwa 22 Octobero Morigaon chilane Daborghat LP iskul aro 31 Octobero West Karbi Anglong chilane Ulukunchiw Tiwa mate sigaisal awane phari haje osa hongo.
অহা ২২ অক্টোবৰত মৰিগাঁও জিলাৰ দাবৰঘাট প্ৰাথমিক বিদ্যালয় আৰু ৩১ অক্টোবৰত পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্চি প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা মাধ্যমৰ শুভাৰম্ভণি কৰা হব।
SOKOLA MUSHI TIWA MATE TIN TORAN' SEWA OSTONG
সকলোলৈকে তিৱা ভাষা দিৱসৰ শুভেচ্ছা জনালোঁ।
১৯৯৭ চনৰ আজিৰ (৫ এপ্ৰিল) দিনটোতেই অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে তদানিন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে তিৱা জাতীয় সংগঠনৰ মুৰব্বীসকলৰ মাজত ‘ তিৱা ভাষা সংস্কৃতি বিষয়ত এক আলোচনা অনুস্থিত হয়। উক্ত আলোচনাৰ অন্তত ‘তিৱা ভাষা আৰু লিপি চুক্তি ’ স্বাক্ষৰিত হয়। এই চুক্তিৰ দ্বাৰা তিৱা ভাষাই ৰোমান লিপিৰে মান্যতা লাভ কৰে।
30/03/2025
National Tribal Film and Literature Festival ত Best Short Film আৰু Best Documentary ৰ খিতাপ অৰ্জন তিৱা ভাষাৰ Crossroads আৰু Fire on Edge ৰ।
15/01/2025
Tiwa Pathra, January issue 2025
13/01/2025
Tawe phana Khola rajane Udpur Mela haje osa honga.
11/01/2025
অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হব ঐতিহাসিক জোনবিল মেলা।
21/08/2024
তিৱা জাতিৰ পিতা ইন্দ্ৰছিং দেউৰী ( ইদং আমচি) ৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন
তিৱা পাথ্ৰা: তিৱা মাথনলাই তখ্ৰা, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা মহিলা সন্থা কাৰ্বি আংলং জিলাৰ উদ্যোগত মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেয়াবাত প্ৰাথমিক বিদ্যালয়ত তিৱা ফা ইন্দ্ৰছিং দেউৰী ( ইদং আমচি) ৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। তিৱা জাতিৰ প্ৰথমটো সংগঠন লালুং দৰবাৰৰ প্ৰতিষ্ঠাতা তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ এসময়ৰ সদস্য আৰু অধ্যক্ষৰ পদ অলঙ্কৃত কৰা দেউৰী আছিল একেধাৰে বিশিষ্ট সাহিত্যিক, সমাজ সচেতক আৰু তিৱা জাতীয় সংগীতৰ স্ৰষ্টা। তেখেতৰ মৃত্যু হৈছিল ১৯৯৪ চনৰ ২০ আগষ্টত। তিৱা জাতীয় সংগঠনৰ উদ্যোগত দেউৰীয়ে পূৰ্বতে অধ্যয়ন কৰা কেয়াবাত প্ৰাথমিক বিদ্যালয়তেই তেখেতৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰে। কিন্তু দুখৰ বিষয় যে উক্ত কেয়াবাত প্ৰাথমিক বিদ্যালয় খন সম্প্ৰতি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কম হোৱাত বন্ধ হৈ পৰিছে। গতিকে এই সংক্ৰান্তত তিৱা জাতীয় সংগঠন কেইটাই কাৰ্বি আংলং স্বায়ত্ব পৰিষদ তথা অসম চৰকাৰক আহ্বান জনাই পাহাৰীয়া ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে পুনৰ জীৱিত কৰি তোলাৰ বাবে আহ্বান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডিo উফিং মাচলাইয়ে ইন্দ্ৰছিং দেউৰীৰ জাতিটোৰ প্ৰতি থকা অমূল্য অৱদানৰ কথা ব্যক্ত কৰি তেঁওৰ আদৰ্শক নৱ প্ৰজন্মই গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়। তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় মুখপত্ৰ সম্পাদক জনাৰ্দন পাটৰে তিৱা পিতাগৰাকীৰ স্মৃতিক যুগমীয়া কৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ হকে প্ৰতিমূৰ্তি নিৰ্মাণকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ হকে আহ্বান জনাই। সভাত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, পদেশ্বৰ মিঠি, প্ৰাক্তন জিলা সম্পাদক জুনিছ লুম্ফুই, বিশিষ্ট তিৱা সাহিত্যিক ভি লেন খলাৰ, এটচু জিলা সম্পাদক অচ্যুত মচৰঙে বক্তব্য প্ৰদান কৰে। এটচুৰ জিলা সভাপতি ৰাহুল দৰফাঙৰ পৌৰহিত্যত অনুস্থিত সভাত উপস্থিত থাকে তিৱা সাংস্কৃতিক সমাজৰ সভাপতি কুমুদ মিঠি, এটচু উপদেষ্টা বকুল মচৰং, ৰূপক মচৰং আৰু সংগঠনৰ বিষয়ববিয়াসকল। দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত সম্পূৰ্ণ তিৱা স্বকীয় পৰম্পৰাৰে স্মৃতি তৰ্পণ কৰাৰ লগতে ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। দেউৰী ৰচিত “অ আঙে তিৱা তচিমা ” শীৰ্ষক জাতীয় সংগীতেৰে সভা আৰম্ভ কৰাৰ লগতে তিৱা শিল্পী লুকাচ মাদাৰ আৰু তেওঁৰ সংগীৰ লগত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জিপাল কৰি তুলে।
16/08/2024
Tiwa cinema SIKAISAL rojot komol man manga.
তিৱা ছবি 'ছিকাইছাল'ৰ ৰজত কমল বঁটা লাভ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাৰ দ্বাৰা।
06/08/2024
নতুন অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত হল পূৰ্বতে বাদ পৰি ৰোৱা ১১৩ খন নতুন গাঁও। ধেমাজি জিলাৰ তিৱা ৰাইজে লাভ কৰিব নতুন পৰিষদীয় সমষ্টি।
03/08/2024
কাইলৈ ৪ আগষ্টত শুভমুক্তি পাব Tiwa Tribe ( Official) ৰ প্ৰযোজনাৰে এটি সুন্দৰ আধুনিক তিৱা গীতৰ video।
Khonana 4 Agostw kisha kodal Tiwa kite video release hongo.
•• Audio Credits ••
- Singer: Manash Mihir Phamjong,
- Lyrics & Composition: Jiyaan Raj Hukai,
- Music: Angshu Puma,
- Mixing & Mastering: Dil Raj Deka,
- Production Unit: Tiwa Tribe (Official),
- Producer: Jyotishman Dekaraja Mosorong.
•• Video Credits ••
- Cast: Akash Bordoloi Hukai, Leeza Phanchong, Manash Mihir Phamjong,
- Director: Bhaskar Raag,
- Editor/Colour Grading: Bhaskar Raag,
- Producer: Jyotishman Dekaraja Mosorong, Arnav Lalung,
- Make-up: Pranab Raj,
- Costume Design: Mridupaban Mosorong,
- Cinematographer: Mriganka Das,
- Ariel: Jishu Doimari, Debojit Mondol,
- Lights: Kamal Bharali, Pal Boruah,
- Location: Greenwood Resort, Assam, Meghalaya, Maharashtra,
- Video Production: Tiwa Tribe (Official) Production Unit & Bhaskar Raag Visuals,
- Banner Design: Bhaskar Raag.
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Gauhati
781014