AssamBooks

AssamBooks

Share

We are Book PUblisher and Distributor from Guwahati, Assam. We publish and sell books in Assamese and English Language.

We have a website to order books and we will deliver books to you. .We are working on E-Book edition.

Photos from AssamBooks's post 26/10/2023

শিতান : গ্ৰন্থ পৰিচয়
লেখিকা : বিনুলী শইকীয়া পাটোৱাৰী

01/01/2023

Happy new year 2023

Photos from AssamBooks's post 22/06/2022

Books about traditional sports of Assam. For detail please contact 9854620146/7005205405

22/06/2022
কোনে কি উদ্দেশ্যত ভাইৰেল কৰিছে জাদেজাৰ অৱসৰৰ খবৰ? নাৰাজ পত্নী... | Olympia Sports 16/12/2021

কোনে কি উদ্দেশ্যত ভাইৰেল কৰিছে জাদেজাৰ অৱসৰৰ খবৰ? নাৰাজ পত্নী... | Olympia Sports Olympia Sports | News কোনে কি উদ্দেশ্যত ভাইৰেল কৰিছে জাদেজাৰ অৱসৰৰ খবৰ? নাৰাজ পত্নী...

23/07/2021

সদ্যপ্ৰকাশিত গ্ৰন্থ : এগৰাকী কণ্ঠ শিল্পীৰ দৃষ্টিত যোগাভ্যাস
লেখক : সংগীতা কাকতি
প্ৰকাশক : অলিম্পিয়া প্ৰকাশন
মূল্য : ১০০/ টকা

08/07/2021

#অসম‌আন্দোলন
#প্ৰথমসৰ্গ1

সমস্যাবহুল ৰাজ্য অসম৷ স্বাধীনতাৰ পিছৰে পৰা ৰাজ্যখনৰ ৰাজনৈতিক নেতৃত্ব গ্ৰহণ কৰা কংগ্ৰেছ দলে একমাত্ৰ নিজৰ দলীয় ক্ষমতা হস্তগত কৰাৰ বাহিৰে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে একোৱেই নকৰিলে৷ এই দলটোৱে অসমবাসীৰ প্ৰতি কিবা কৰণীয় আছে বুলি নাভাবিলেই৷ ব্যতিক্ৰম আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ৷ স্বাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী লোকপ্ৰিয়ই কিন্তু ৰাজ্যখনক গঢ় দিবলৈ সময় নাপালে৷ ’৪৬ত অসমক ‘গ্ৰnপিঙ’ৰ ভয়াৱহ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা লোকপ্ৰিয়ই চকু মুদিলে স্বাধীনতাৰ মাথোঁ তিনিটা বছৰৰ পিছতেই৷ সেয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যখনৰ সমস্যা বাঢ়ি গ’ল৷ অসমৰ ৰাইজৰ অৰ্থনৈতিক অৱস্থাৰ ক্ৰমে অধোগতি ঘটিল৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ খৰতকীয়াকৈ আগবাঢ়িল অসমৰ জনগণ৷ চৰকাৰী সকলো আঁচনি ফুটুকাৰ ফেন হ’ল৷ ৰাজ্যখনৰ সুবিধাবাদী ৰাজনীতিকসকলে জনসাধাৰণৰ দৰিদ্ৰতাক সমল হিচাপে লৈ আৰম্ভ কৰিলে প্ৰতাৰণাৰ ৰাজনীতি৷ শাসক গোষ্ঠীয়ে দোহাৰিলে সমাজবাদৰ কথা৷ সমাজবাদ সম্পৰ্কত নিজৰে কোনো স্পষ্ট ধাৰণা নথকা এই ৰাজনীতিবিদসকলে ভুৱা সমাজবাদৰ তত্ত্বৰে কিছুদিনলৈ জনসাধাৰণক মোহিত কৰিছিল যদিও তথাকথিত সমাজবাদে সময়ত অসমৰ ৰাইজৰ মোহভংগ ঘটালে৷ এনে এক সময়তে সদৌ অসম ছাত্ৰ সন্থাই ১৯৭৪ চনত এখন দাবী চনদ যুগুতাই উলিয়ালে৷ সন্থাৰ সেই সময়ৰ নেতৃবৰ্গই বুজি উঠিছিল যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিলে শাসক গোষ্ঠীয়ে অসমৰ ৰাইজৰ দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কোনো যোগাত্মক পদক্ষেপ কোনোদিনেই গ্ৰহণ নকৰিব৷ ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ এনে ধাৰণাই প্ৰকৃততে সত্য আৰু শুদ্ধ আছিল৷ সেয়ে নেতৃবৰ্গই দাবী চনদ যুগুতাইছিল আৰু আগন্তুক দিনবোৰত অসমৰ স্বাৰ্থৰ হকে এক আন্দোলন গঢ়ি তোলাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল৷ অসমত ইয়াৰ পূৰ্বেও স্বাধীনতাৰ পিছৰে পৰা কেইবাটাও গণ আন্দোলন সংগঠিত হৈছিল৷ ১৯৫৬ চনৰ তেল শোধনাগাৰ স্থাপনৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬৬ চনৰ খাদ্য আন্দোলন, ১৯৬৯ চনৰ অসমত দ্বিতীয়টো তেল শোধনাগাৰ স্থাপনৰ আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন আৰু ১৯৭৪ চনৰ ২১ দফীয়া দাবী চনদৰ আন্দোলন৷ ’৬০ চনৰ ভাষা আন্দোলনৰ নেতৃত্বত আছিল অসম সাহিত্য সভা৷ ইয়াৰ পিছত ১৯৬৬, ১৯৭২ আৰু ১৯৭৪ চনৰ আন্দোলনৰ নেতৃত্বৰে উজলিছিল সদৌ অসম ছাত্ৰ সন্থা৷ তেল শোধনাগাৰ আন্দোলনৰ নেতৃত্ব লৈছিল বাঁওপন্থী আৰু সমাজবাদী আন্দোলনৰে জড়িত কেইবাজনো জ্যেষ্ঠ নেতাই৷ সেইসকলৰ ভিতৰত আছিল হৰেশ্বৰ গোস্বামী, গোবিন্দ কলিতা, ৰবীন্দ্ৰ নাথ নবীশ, বিশ্ব গোস্বামী, ফণী বৰা, গোলোক গগৈ, অজিত কুমাৰ শৰ্মা, হেম বৰুৱা, গৌৰী শংকৰ ভট্টাচাৰ্য, ফটিক চন্দ্ৰ বৰুৱা, দেৱেশ্বৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰীকে আদি কৰি বহুজন৷ একালত ৰাজ্যখনৰ ৰাজনীতিত দপদপাই থকা এইসকল আটায়ে এতিয়া প্ৰয়াত৷ দ্বিতীয় তেল শোধনাগাৰ আন্দোলনৰ নেতৃত্বত আছিল অসমৰ ৰাইজে গঠন কৰি দিয়া এখন তিনিজনীয়া আহ্বায়ক সমিতি৷ এই তিনি আহ্বায়ক আছিল ক্ৰমে– সমাজবাদী নেতা বিশ্ব গোস্বামী, কমিউনিষ্ট নেতা প্ৰমোদ গগৈ আৰু পিছলৈ ন্যায়াধীশ হোৱা বি এল হান্সাৰিয়া৷ সেয়া অৱশ্যে সুকীয়া বিষয়৷ পূৰ্বে ভিন্ন লেখাত এই বিষয়সমূহ বিস্তাৰিতভাৱে আলোচনা কৰি আহিছো৷
আগলৈ....

24/06/2021

#অসম‌আন্দোলন
#প্ৰস্তাৱনা৫
১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ পিছত এই প্ৰব্ৰজনে শীৰ্ষ সীমা চুলেগৈ৷ বাংলাদেশ গঠন হ’ল আৰু বাংলাদেশৰ বিতাড়িত নাগৰিকে অসমখনকে তেওঁলোকৰ স্থায়ী ঘৰ বুলি ভাবিয়েই অসমলৈ আৰম্ভ কৰি দিলে আন এক প্ৰব্ৰজনৰ ধাৰা৷ বাংলাদেশৰ মুক্তি সংগ্ৰাম আৰম্ভ হোৱাৰ দিনটোৰ পৰাই অৰ্থাৎ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পৰাই অসমলৈ ‘ভগনীয়া’ৰ সোঁত আৰম্ভ হ’ল৷ ইন্দিৰা গান্ধী নেতৃত্বাধীন তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে বাংলাদেশী শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ বাবে গ্ৰহণ কৰিছিল অনন্য তৎপৰতা৷ বাংলাদেশী শৰণাৰ্থীক পোহপাল দিয়াৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ভাৰতীয় ডাক-তাঁৰ বিভাগে দুপইচা মূল্যৰ ডাক টিকট উলিয়াইছিল৷ এইসকল শৰণাৰ্থীৰ পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰেও বিশেষ তৎপৰতা দেখুৱাইছিল৷ সুকীয়া বিভাগ স্থাপন কৰি শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ তদাৰক কৰিবলৈ ৰাজপত্ৰিত বিষয়াৰ পদ সৃষ্টি কৰিছিল অসম চৰকাৰে৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সকলো পদক্ষেপৰ আঁৰত আছিল কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা৷ ‘বংগ বন্ধু’ শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত আৰম্ভ হোৱা মুক্তি সংগ্ৰামৰ প্ৰতি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি সমৰ্থন আগবঢ়াইছিল৷ ‘মুক্তি ফৌজ’ৰ প্ৰতি সামৰিক সাহায্যও আগবঢ়াইছিল ভাৰত চৰকাৰে৷ বহু ভাৰতীয় সেনাই ‘মুক্তি ফৌজ’ৰ সদস্য হিচাপেও আত্মপ্ৰকাশ কৰা বুলি চৰ্চিত হৈছিল তেতিয়াই৷ সেয়ে স্বাভাৱিক কাৰণতে প্ৰধানমন্ত্ৰী গান্ধীয়ে ‘বাংলাদেশ’ গঠনৰ কৃতিত্ব দাবী কৰিছিল৷ সেইবাবে বাংলাদেশী শৰণাৰ্থীৰ সংস্থাপনৰ দায়িত্বও গ্ৰহণৰ বাবেও অসমৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনক নিৰ্দেশ দিছিল৷ যাৰ বাবে আ(ৰ্যজনকভাৱে তৎপৰ হৈছিল তেতিয়াৰ অসম চৰকাৰ৷ সেয়ে পৰৱৰ্তী সময়ত অসমৰ বাবে বিদেশী নাগৰিকৰ সমস্যা এটা এৰাব নোৱৰা বিষয় হৈ পৰিল৷
১৯৭৪ চনৰ ১৬ মে’ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল৷ সেইখন চুক্তিয়ে ক’বলৈ গ’লে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোক অধিক জটিল কৰি তুলিছিল৷ ১৯৭৪ চনৰ সেইখন চুক্তিৰ আধাৰতে ভাৰত-বাংলাদেশৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ লগতে ৫০,০০০ শৰণাৰ্থীৰ পুনৰ সংস্থাপনক গুৰুত্ব দিয়া হৈছিল৷ ১৯৭৪ চনৰ ২৮ নৱেম্বৰত এইখন চুক্তিৰ আধাৰতে অসমত আশ্ৰয় লোৱা বাংলাদেশী নাগৰিকসকলৰ স্বাৰ্থত বাংলাদেশ সংসদে দেশখনৰ সংবিধানৰ সংশোধনী ঘটাইছিল৷ একে কাৰণতে ভাৰতৰ সংসদেও সংবিধান সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল৷ ২০১৩ চনৰ প্ত আগষ্টত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইন্দিৰা-মুজিব চুক্তি সম্পাদনৰ প্ৰায় চাৰিটা দশকৰ পিছত ভাৰতীয় সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত চুক্তিখন কাৰ্যকৰী কৰাৰ বাবে সংবিধান সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰিছিল৷ যাৰ বাবেই শেহতীয়াকৈ অসমত আন এক আন্দোলনে গা কৰি উঠিছে৷ উনুকিয়াব পাৰি যে ১৯৭৮ চনতে বিদেশী বিতাড়ন আন্দোলনে গতি লোৱাৰ সময়ত ‘ইন্দিৰা-মুজিব’ চুক্তি বাতিল কৰাৰ দাবী কৰিছিল তেতিয়াৰ পূৰ্বাঞ্চলীয় লোক পৰিষদৰ নেতৃবৃন্দই৷ চুক্তিখন বাতিলৰ বাবে পি এল পি নেতৃত্বই আন্দোলনৰ কাৰ্যসূচীও যুগুতাই উলিয়াইছিল৷ পিছে ফলাফল বুলিবলৈ একোৱেই নোলাল৷ ’৭৪১ ইন্দিৰা-মুজিব চুক্তি স্বাক্ষৰ হোৱাৰ সাতটা মাহ পূৰ্বে প্ৰব্ৰজনৰ সমস্যাটোক তুলি ধৰি সদৌ অসম ছাত্ৰ সন্থাই এক আন্দোলন গঢ়ি তুলিছিল৷ সেয়া আছিল একৈশ দফীয়া দাবী চনদৰ আন্দোলন৷ মূল দাবী প্ৰব্ৰজন নাছিল যদিও একৈশ দফীয়া দাবী চনদত প্ৰব্ৰজনৰ সমস্যাটোও আছিল এক অন্যতম দাবী৷ যাৰ আধাৰতেই পৰৱৰ্তী সময়ত গঢ়ি উঠিছিল ঐতিহাসিক অসম আন্দোলন৷ ...আগলৈ

17/06/2021

#অসমআন্দোলন
#প্ৰস্তাৱনা৪
চীন-ভাৰত যুদ্ধৰ পূৰ্বে আৰু পিছতো অসমৰ বাবে প্ৰব্ৰজনৰ আন এক সমস্যা আহি পৰিছিল৷ ১৯৬১-৬২১ সময়ছোৱাত গোৱালপাৰা জিলা পাক অনুপ্ৰৱেশকাৰীসকলৰ বাবে হৈ পৰিছিল নিশ্চিত আৰু নিৰাপদ ক’ৰিড’ৰ৷ ফলত উদ্বিগ্নতা প্ৰকাশ কৰিছিল ৰাজ্যখনৰ ৰাজনৈতিক নেতৃত্বই৷ ইয়াৰ কেইমাহমান পাছতেই মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই অসমত তিনি লাখ পাকিস্তানী অনুপ্ৰৱেশকাৰী আছে বুলি বিধানসভাৰ মজিয়াত ঘোষণা কৰিবলগীয়া হৈছিল৷ সেয়া আছিল চ্ছ্ৰ আগষ্ট, ১৯৬২ চনৰ কথা৷ ১৯৬৩ চনত দৰং জিলাৰ আৰক্ষী বিভাগে জিলাখনৰ চতিয়া থানাৰ অন্তৰ্গত চৰ অঞ্চলসমূহত অনুপ্ৰৱেশ কৰা দুহেজাৰ পাকিস্তানী লোকক চিনাক্ত কৰিছিল৷ সেই একেটা বছৰতে বৰাক উপত্যকাৰ ভাৰত-পাক সীমান্তৰ কেইখনমান গাঁও পাকিস্তানী সেনাই বলপূৰ্বক দখল কৰাৰ চেষ্টা চলাইছিল৷ তেনে গাঁৱৰ উদাহৰণ হ’ল কাছাৰ জিলাৰ ডুমাবাৰী আৰু লাঠিটিলা৷
সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক কেইবাবাৰো সকীয়াই দিছিল ৰাজ্যখনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি গড়মূৰ সত্ৰৰ অধিকাৰ পূজ্যপাদ পীতাম্বৰ দেৱ গড়মূৰীয়া গোস্বামীয়ে৷ অসমলৈ পাকিস্তানীৰ প্ৰব্ৰজন ৰোধ কৰাৰ লগতে ভাৰত-চীন সীমান্তত দেখা দিয়া অস্থিৰ পৰিৱেশ স্বাভাৱিক কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সত্ৰাধিকাৰগৰাকীয়ে প্ৰধানমন্ত্ৰী নেহৰুক সকীয়াই দিছিল৷ ১৯৬১ চনৰ ২৭ আগষ্টত প্ৰধানমন্ত্ৰী নেহৰুলৈ লিখা পত্ৰত সত্ৰাধিকাৰ গোস্বামীয়ে প্ৰব্ৰজনৰ সমস্যাটো সমাধানৰ বাবে আহ্বান জনাই স্পষ্ট কৰি দিছিল যে অসমৰ বাবে ভয়ংকৰ সমস্যা হৈ পৰা এই প্ৰব্ৰজন এদিন সমগ্ৰ দেশখনৰ বাবেই ভাবুকি হৈ পৰিব; সৃষ্টি হ’ব সাৰ্বভৌমত্বৰ বাবেও ভাবুকি৷ প্ৰধানমন্ত্ৰী নেহৰুৱে প্ৰায় এমাহ পিছত সত্ৰাধিকাৰ গোস্বামীৰ পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি উত্তৰ প্ৰেৰণ কৰিছিল৷ ১৯৬১ চনৰ ৩০ ছেপ্টেম্বৰত লিখা চিঠিখনত প্ৰধানমন্ত্ৰী নেহৰুৱে গোস্বামীয়ে উত্থাপন কৰা মূল বিষয়টোৱেই এৰাই গৈছিল৷ অসমক গ্ৰাস কৰিবলৈ ওলোৱা জ্বলন্ত সমস্যাটোক এইদৰে উপেক্ষা কৰাত ক্ষুব্ধ হৈ সত্ৰাধিকাৰগৰাকীয়ে আন এখন পত্ৰ প্ৰেৰণ কৰি প্ৰব্ৰজনৰ ভয়াৱহ সমস্যাটো সমাধানৰ বাবে প্ৰধানমন্ত্ৰীক কঠোৰভাৱে সকীয়াই দিছিল৷ সেইদিনা আছিল ১৯৬২ চনৰ গণৰাজ্য দিৱস৷ পিছে সকলো ফুটুকাৰ ফেন হ’ল৷ প্ৰধানমন্ত্ৰী নেহৰুৱে অসমবাসীৰ প্ৰতি কোনো দায়বদ্ধতা নেদেখুৱালে৷ প্ৰধানমন্ত্ৰী নেহৰুৱে ১৯৬২ চনত অসমক চীনৰ হাতত তুলি দিয়াৰহে প্ৰয়াস কৰিলে৷ গড়মূৰ সত্ৰৰ অধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সকীয়নিৰ কেইমাহমান পিছতে অৰ্থাৎ ’৬২১ ২০ নৱেম্বৰত চীনৰ আগ্ৰাসন ৰোধ কৰিব নোৱৰা প্ৰধানমন্ত্ৰীজনে ‘আকাশবাণী’ৰ জৰিয়তে অসমৰ ৰাইজক বিদায়হে জনালে৷ প্ৰধানমন্ত্ৰী নেহৰুৱে সিদিনা আকাশবাণীযোগে প্ৰদান কৰা ভাষণটোক কেন্দ্ৰ কৰিও পিছলৈ বহু প্ৰশ্নৰ অৱতাৰণা হ’ল৷ প্ৰধানমন্ত্ৰীয়ে নিজ ভাষণত কৈছিল– ‘Huge Chinese Armies have been marching in the northern part of NEFA. দ্দ্বঙ্গ have had reverse'ব্দ at Walong, ত্ৰঙ্গ-la and today Bomdila, a small town in NEFA, has also fallen. দ্দ্বঙ্গ shall not rest till the invader goes out of India or is pushed out. I want to make that clear to all of you, and especially our countrymen in Assam, to whom our heart goes out at this moment.ক্স কিন্তু প্ৰধানমন্ত্ৰী নেহৰুৰ ভাষণত Our heart goes out at this moment ৰ পৰিৱৰ্তে ত্তম্ভ heart goes out to the people of Assam আছিল বুলিহে দাবী কৰে সেই সময়ত নেহৰুৰ ভাষণ শুনা লোকসকলে৷ ই স্পষ্ট যে প্ৰধানমন্ত্ৰী নেহৰুৰ সেই ভাষণৰ পিছত সংশোধনী ঘটোৱা হ’ল৷ সেয়ে হ’লেও অসমৰ প্ৰতি কেন্দ্ৰৰ মনোভাব স্পষ্ট হৈ পৰিছিল৷ সেয়াও আন এক ৰাজনৈতিক বঞ্চনাৰ দীঘল ইতিহাস ....আগলৈ ।

Photos from AssamBooks's post 16/06/2021

অলিম্পিয়া প্ৰকাশনৰ ক্ৰীড়া বিষয়ক গ্ৰন্থ ।

Photos from AssamBooks's post 14/06/2021

#ক্ৰীড়ালোচনী #অসমীয়াক্ৰীড়ালোচনী #ক্ৰীড়াসাহিত্য #আলোচনী #অসমীয়াআলোচনী
অসমত ক্ৰীড়া বিষয়ক সাহিত্যৰ ৰচনা আনবোৰ বিষয়তকৈ তুলনামূলকভাৱে কম । ক্ৰীড়াক বিষয় ৰূপে লৈ অলিম্পিয়া প্ৰকাশনে গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ক্ৰীড়া সাহিত্যলৈ কিছু অৱদান দিয়াৰ প্ৰয়াস কৰি আহিছে । সেই প্ৰয়াসৰে অংশ অলিম্পিয়া ক্ৰীড়ালোচনী । অলিম্পিয়াৰ পাঠকে আমাৰ আলোচনীখন অসমৰ একমাত্ৰ ক্ৰীড়ালোচনীৰ মৰ্য্যদা দিছে । এয়া আমাৰ বাবে সুখবৰ । অসমৰ ক্ৰীড়াক্ষেত্ৰৰ ছবিখন তুলি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো । যোৱা ২০২০ আৰু ২০২১ চনত কৰণাসৃষ্ট পৰিবেশৰ বাবে আমি অসুবিধাৰ সন্মুখীন হৈছো যদিও এই যাত্ৰা অবিৰত ৰাখিছো । প্ৰতিকূল পৰিবেশৰ বাধা নেওচি আমি আপোনালোকৰ সহায়, সহযোগিতা আৰু আশীৰ্বাদৰ মাজেৰে আগবাঢ়ি যাম বুলি আশা ৰাখিছো ।
ধন্যবাদেৰে
অলিম্পিয়া প্ৰকাশন
olympiasports.in

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address

House No 1, Rajgarh Road
Gauhati
781003